DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনজাতিকৰণৰ নকৰিলে অসম,পশ্চিমবংগত জুই জ্বলিব: আক্ৰাছু

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
March 6, 2022 4:11 pm
জনজাতিকৰণৰ নকৰিলে অসম,পশ্চিমবংগত জুই জ্বলিব: আক্ৰাছু
147
VIEWS
Share on FacebookShare on Twitter

‘প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ যদি সঁচাকৈয়ে জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা সমাধান আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ কৰাৰ সদ্দিচ্ছা আছে তেন্তে অতিশীঘ্ৰে সেয়া কৰিব লাগে ৷ আঁভুৱাভাঁৰা মন্তব্য শুনিবলৈ আৰু মন নাই ‘৷ এই মন্তব্য কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বই ৷

সংগঠনটোৰ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ভূমিকাত ক্ষোভ উজাৰি আক্ৰাছুৰ সভাপতি ক্ষীতিশ বৰ্মন আৰু যুটীয়া সাধাৰণ সম্পাদক কপিলদেৱ সিংহই এনেদৰে মন্তব্য কৰে ৷

সংগঠনটোৰ সভাপতি আৰু যুটীয়া সাধাৰণ সম্পাদকগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰে যদিহে জনগোষ্ঠীটোৰ সমস্যা সমাধানৰ বাবে অতিশীঘ্ৰে কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহলে কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু জনগোষ্ঠীটোৰ ৰাইজে কেতিয়াও হাত সাৱতি বহি নাথাকে সংগঠনটোৱে জনজাতিকৰণ সন্দৰ্ভত অসম চৰকাৰৰ হোঁহকা পিছলা নীতিক তীব্ৰ সমালোচনা কৰি এলানি আন্দোলনৰ কাৰ্যসূচীও ঘোষণা কৰে ৷

উল্লেখ্য যে শুকুৰবাৰেও আক্ৰাছুৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাত সংগঠনটোৱে সাংগঠনিক দিশৰ লগতে জনজাতিকৰণ সন্দৰ্ভত চৰকাৰৰ শেহতীয়া ভূমিকাক সমালোচনা কৰি এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে৷
সেই অনুসৰি অসম চৰকাৰৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে দিছপুৰ লাষ্ট গেটতত তিনি ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে তাৰ পৰৱৰ্তী সপ্তাহত প্ৰতিখন জিলাত প্ৰতিবাদী পদযাত্ৰা কৰি জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিব ৷

সেইদৰে সংসদৰ গ্ৰীষ্মকালীন অধিৱেশনৰ সময়ত দিল্লীৰ মন্তৰ – মন্তৰত অনশন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও কয় ৷

ইয়াৰ পিচতো যদি চৰকাৰে আমাৰ দাবী মানি নলয়, তেতিয়াহলে আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই কিন্তু জংগী আন্দোলন গঢ়ি তুলিম ৷ এই জংগী আন্দোলনত অসম আৰু পশ্চিম বংগ জ্বলিব পাৰে বুলি সংগঠনটোৱে সকিয়াই দিয়ে।

সংবাদ মেলত আক্ৰাছুৰ উপদেষ্টা শিৱানন বৰ্মনকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত আছিল ৷

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd