শ্বুটিং আৰম্ভ হোৱাৰ পূৰ্বেই আইনী মেৰপাকত সোমাই পৰিল জলী এলএলবি ৩

চলচ্চিত্ৰখনৰ প্ৰথম দুটা খণ্ড বৰ জনপ্ৰিয় আছিল। কৰ’নাৰ পাছৰ সময়ছোৱাত যেতিয়া বলীউডৰ চিনেমা বক্স অফিচত বিফল হৈছিল, তেতিয়া ‘জলী এলএলবি’এ দৰ্শকৰ মাজত এক উন্মাদনাৰ সৃষ্টি কৰিছিল। এই ছিকুৱেলৰ প্ৰথম দুখন ছবি হিট হৈছিল। জানিব পৰা মতে অক্ষয় কুমাৰ, আৰ্শ্বদ ৱাৰ্ছীক একেলগে দেখা যাব তৃতীয়খন ছবি জলী এল এল বি ৩ত।অভিনেতাদুজনৰ সৈতে হুমা কুৰেশ্বীও বোলছবিখনত আছে। কিন্তু জানিব পৰা মতে শ্বুটিং আৰম্ভ হোৱাৰ আগতেই ছবিখনৰ বিৰুদ্ধে আইনী সমস্যাৰ সৃষ্টি হৈছে।

জিলা উকীল সন্থাৰ সভাপতি চন্দ্ৰভান সিং ৰাথোড়ে ছবিখনৰ বিৰুদ্ধে আজমেৰ আদালতৰ কাষ চাপিছিল। তেওঁ অভিযোগ কৰে যে ছবিখনত ন্যায়াধীশ আৰু অধিবক্তাসকলক অতি লঘুকৈ দেখুওৱা হৈছে।

২০১৩ চনত মুক্তি লাভ কৰিছিল আৰ্শ্বাদ ৱাৰ্ছী অভিনীত ছবি ‘জলী এল এল বি’। এই ছবিখনত আৰ্শ্বদ ৱাৰ্ছীক এটা গোচৰ যুঁজি থকা দেখা গৈছিল। ইয়াৰ পাছত অক্ষয় কুমাৰে ২০১৭ চনত জলী এল এল বি ২ ত সেই চৰিত্ৰত অভিনয় কৰিছিল। সেই ছবিখনকো দৰ্শকৰ দ্বাৰা প্ৰশংসা কৰা হৈছিল। বলীউডৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি অহা ২৯ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে ‘জলী এল এল বি ৩’ৰ শ্বুটিং। ছবিখনৰ কাহিনীত দেখা যাব দুজন জলীৰ মুখামুখি যুঁজ। এইবাৰ সংঘৰ্ষ দুটা জলীৰ মাজত। বিচাৰকৰ চৰিত্ৰত দেখা যাব সৌৰভ শুক্লাক।

সূত্ৰ অনুসৰি চন্দ্ৰভান সিং ৰাথোড়ে এই ছবিখনৰ শ্বুটিং বন্ধ কৰিবলৈ অনুৰোধ জনাই আদালতৰ কাষ চাপিছে। আগৰ দুখন ছবি চাইহে তেওঁ ক্ষোভ প্ৰকাশ কৰিছিল। প্ৰযোজক, পৰিচালকৰ লগতে অভিনেতাৰ বিৰুদ্ধে তেওঁৰ অভিযোগ। অধিবক্তাগৰাকীৰ মতে বৰ্তমান প্ৰজন্মৰ জীৱনত হিন্দী চিনেমাৰ যথেষ্ট প্ৰভাৱ আছে। দেশৰ আইনী ব্যৱস্থা, ন্যায়িক ব্যৱস্থাক লৈ হাঁহিছে। বিচাৰকজনকো ঠাট্টা কৰা হৈছে, যিটো একেবাৰেই সঠিক নহয়। তেওঁ ‘জলী এলএলবি ৩’ৰ শ্বুটিং শীঘ্ৰে বন্ধ কৰিবলৈ অনুৰোধ জনায়।