মহাজীৱনৰ মহাপ্ৰয়াণ : কালজয়ী আলবেনিয়ান লেখক ইছমাইল কাদাৰে ত্যাগ কৰিলে শেষ নিশ্বাস

আজি(সোমবাৰ) শেষ নিশ্বাস ত্যাগ কৰে আলবেনিয়াৰ বিশিষ্ট সাহিত্যিক ইছমাইল কাদাৰে। স্থানীয় সময় অনুসৰি পুৱা তেওঁ শেষ উশাহ লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ।

তিৰানাস্থিত প্ৰকাশন কোম্পানী অনুফ্ৰি ইছমাইল কাদেৰৰ প্ৰকাশক বুজাৰ হুদ্ৰীয়ে এই তথ্য নিশ্চিত কৰিছে। তেওঁ কয় যে সোমবাৰে পুৱা চিকিৎসালয়লৈ নিয়াৰ পিছত ইছমাইল কাদাৰেৰ মৃত্যু হয়।

ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি হৃদৰোগত প্ৰাণ ত্যাগ কৰে কাদাৰে।

তেওঁৰ প্ৰথম উপন্যাস আছিল দ্য জেনেৰেল অৱ দ্য ডেড আৰ্মি। এই উপন্যাসখনে তেওঁক আন্তঃৰাষ্ট্ৰীয় খ্যাতি প্ৰদান কৰিছিল।

ইছমাইল কাদাৰৰ জন্ম হৈছিল ১৯৩৬ চনৰ ২৮ জানুৱাৰীত আলবেনিয়াৰ গিজিৰোকাষ্টাত। তেওঁ টিৰানা বিশ্ববিদ্যালয়ত ইতিহাস আৰু ভাষাবিজ্ঞান অধ্যয়ন কৰিছিল। পিছলৈ তেওঁ মস্কোৰ গৰ্কি ইনষ্টিটিউটত বিশ্ব সাহিত্য অধ্যয়ন কৰে।

১৯৬০ চনত ঘৰলৈ উভতি আহি তেওঁ সাংবাদিক হিচাপে কাম কৰাৰ লগতে লিখা-মেলাত মনোনিৱেশ কৰে।

উল্লেখ্য যে এইগৰাকী সাহিত্যিকে আলবেনিয়াৰ কমিউনিষ্ট একনায়কত্ববাদী এনভাৰ হক্সাৰ স্বৈৰাচ্ছাৰিতআ আৰু সমসাময়িক সমাজখনক নিজৰ সাহিত্যত চিত্ৰিত কৰিছিল।

ইছমাইল কাদেৰে ২০০৫ চনত বুকাৰ বঁটা লাভ কৰে। ইয়াৰ উপৰিও তেওঁ অসংখ্য বঁটা আৰু সন্মান লাভ কৰিছে। তেখেতে কেইবাবাৰো সাহিত্যৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল। ১৯৯৬ চনত ফ্ৰেঞ্চ একাডেমীয়ে তেওঁক সদস্যপদ প্ৰদান কৰে।

ইছমাইল কাদৰৰ প্ৰথমখন কবিতা পুথি ১৭ বছৰ বয়সত প্ৰকাশ পাইছিল। তেওঁৰ বহু কবিতা সংকলন বিভিন্ন ভাষাত প্ৰকাশ পাইছে।

ইছমাইল কাদৰৰ বিখ্যাত উপন্যাসসমূহৰ ভিতৰত আছে দ্য ছিজ, দ্য পেলেচ অৱ ড্ৰিমছ, দ্য গ্ৰেট ৱিণ্টাৰ ইত্যাদি।

এইজন মহান সাহিত্যিকৰ মৃত্যুৱে এতিয়া বিশ্বত সিচৰতি হৈ থকা তেখেতৰ পঢ়ুৱৈ সমাজক যথেষ্ট বেজাৰ দিছে।