বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাছতে বিভিন্ন ৰাজনৈতিক দলৰ মাজত চৰকাৰ গঠনক কেন্দ্ৰ কৰি জল্পনা-কল্পনা তুংগত উঠিছে। নিৰ্বাচনী সমীক্ষা সমূহে বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছ মহাজোঁটৰ মাজত স্পষ্ট সংখ্যা গৰিষ্ঠতাৰ ইংগিত নিদিয়াত এতিয়া বিধায়ক কিনা বেচাৰ ঘটনাৰ আশংকা কৰা হৈছে।
ইয়াৰ মাজতে এনে সকলো সম্ভাৱনাৰ সকলো দুৱাৰ বন্ধ কৰিবলৈ এআইইউডিএফৰ বিধায়কসকলক আজি পুৱা ৮ বজাত বিশেষ চাৰ্টাৰ্ড বিমানেৰে বাহিৰলৈ পঠিওৱা হ’ব।
অহা ২ মে’ৰ নিৰ্বাচনী ফলাফল ঘোষণা হোৱালৈকে দলৰ প্ৰাৰ্থীসকলক এইদৰে ৰাজ্যৰ বাহিৰত হোটেলত ৰাখি থোৱা হ’ব।
হোটেলত প্ৰাৰ্থীসকলে যাতে কোনো অসুবিধা নাপায় তাৰ বাবে সকলো বন্দবস্ত সম্পূৰ্ণ কৰি তোলা হৈছে।
এক সূত্ৰই নৰ্থইষ্ট নাওক জনোৱা অনুসৰি এআইইউডিএফৰ প্ৰাৰ্থীসকলৰ সৈতে যাতে এইকেইদিন আন কোনোৱে যোগাযোগ কৰিব নোৱাৰে তাৰ বাবে একোটা নিৰ্দিষ্ট মোবাইলহে প্ৰদান কৰা হ’ব আৰু তাৰ জৰিয়তে দলীয় নেতৃত্বৰ মাজতহে কেবল কথা পতাটো সীমিত কৰি ৰখা হ’ব।
সূত্ৰ অনুসৰি কেইবাগৰাকীও প্ৰাৰ্থীয়ে লগত পৰিয়াল লৈ যাব যদিও আন কেইগৰাকীমানে অকলে যাব।
ইপিনে, আন এক সূত্ৰই জানিবলৈ দিয়া মতে কংগ্ৰেছেও একেধৰণৰ পন্থা অৱলম্বন কৰাৰ সম্ভাৱনা আছে।
বিজেপি মিত্ৰজোঁটে সংখ্যা গৰিষ্ঠতা নোপোৱাৰ সম্ভাৱনা প্ৰকাশ পোৱাৰ পাছত আন দলত ভাঙোন আনিবলৈ চেষ্টা কৰাৰ সম্ভাৱনালৈ লক্ষ্য ৰাখিয়েই এনে প্ৰচেষ্ট আ চলোৱা বুলি অনুমান কৰা হৈছে।