সদৌ অসম ভিত্তিত বৰগীত, সত্ৰীয়া নৃত্য আৰু খোল বাদনৰ অনলাইন প্ৰতিযোগিতাৰ আয়োজন

Teok1

মহামাৰী কৰোনাই বিভীষিকাৰ সৃষ্টি কৰাৰ পিছত দেশৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক সকলোতে বিৰূপ প্ৰভাৱ পৰিল।

শ শ ছাত্ৰ ছাত্ৰী গৃহবন্দী হোৱাৰ ফলত কেৱল মোবাইল, লেপটপেই একমাত্ৰ সংগী হৈ পৰিছে। সমান্তৰালভাৱে মনোৰঞ্জনৰ সকলো ক্ষেত্রই স্তব্ধ হৈ পৰিল।

তাৰ মাজতো কিন্তু কেইটামান অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টি কৰিছে এক আশাৰ বতৰা। তেনে এটি অনুষ্ঠান হ’ল ত্ৰিমূৰ্তি ফাউণ্ডেশ্যন অসম।

গত বৰ্ষতএই ফাউণ্ডেশ্যনে অসমৰ সংগীতৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা বৰেণ্য শিল্পীসকলৰ সৈতে সান্নিধ্যৰ কিছু মিঠা অনুভৱ অনলাইনৰ জৰিয়তে ৰাইজৰ মাজত প্ৰচাৰ কৰিছিল।

চলিত বৰ্ষতো উক্ত অনুষ্ঠানটিয়ে সদৌ অসম ভিত্তিত অনলাইন মাধ্যমেৰে সত্ৰীয়া সংগীতৰ এখনি প্ৰতিযোগিতা আয়োজন কৰি আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ পৰা ভিডিঅ’ বিচাৰিছে।

উক্ত প্ৰতিযোগিতাৰ প্ৰতিটো বিষয়ৰ তিনিগৰাকীকৈ শ্ৰেষ্ঠ স্থান লাভ কৰা প্ৰতিযোগীক নগদ ধন, মান পত্ৰ, আৰু গ্ৰন্থৰ টোপোলাৰে পুৰস্কৃত কৰিব।

উদ্যোক্তাসকলে জনোৱা মতে অহা ১ জুনৰ পৰা ৫ জুনৰ ভিতৰত পোৱাকৈ বৰগীতৰ বাবে 9854358638, নৃত্যৰ বাবে 9101686904 আৰু বাদ্যৰ বাবে 9101168898 এই নম্বৰত মুঠ ৫ মিনিটৰ ভিডিঅ প্ৰেৰণ কৰিব পাৰিব।

অভিজ্ঞ বিচাৰক মণ্ডলীয়ে নিৰ্বাচন কৰিবলগীয়া এইলানি প্ৰতিযোগিতাৰ অন্তত অনলাইন মাধ্যমত এক অনুষ্ঠানৰ জৰিয়তে পুৰস্কাৰসমূহ বিতৰণ কৰা হ’ব।

এই সম্পৰ্কে সবিশেষ জানিবলৈ যতীন্দ্ৰ মহন্ত সচিব, ত্ৰিমূৰ্তি ফাউণ্ডেশ্যন, অসম,  9101168898 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।