NORTHEAST NOW (Assamese)

এটেন্সন শিক্ষা মন্ত্ৰী! আগন্তুক মেট্ৰিকৰ উত্তৰ বহী নিৰীক্ষণ নকৰে ঠিকাভিত্তিক শিক্ষকে

November 29, 2018 2:47 pm · কল্পজ্যোতি শইকীয়া

আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থীৰ উত্তৰ বহী নিৰীক্ষণ কৰাৰ পৰা বিৰত থাকিব ৰাজ্যৰ শিক্ষাখণ্ডৰ অন্তৰ্গত সকলো ঠিকাভিত্তিক নিযুক্তিপ্ৰাপ্ত শিক্ষকে। নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত এই সিদ্ধান্তৰ কথা জানিবলৈ দিয়ে সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক মহীধৰ কলিতাই।

কলিতাই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়া মতে উত্তৰ বহী নিৰীক্ষণৰ কামত ৯০ শতাংশই ঠিকাভিত্তিক শিক্ষকক নিয়োগ কৰা হয়।

উল্লেখযোগ্য যে, ২০১০ চনৰে পৰা নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আন্দোলন প্ৰতিবাদ কৰি অহাৰ পাছতো বিগত কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি চৰকাৰে তেওঁলোকৰ দাবীসমূহ আওকান কৰি অহাৰ অভিযোগ তোলে কলিতাই।

সেয়েহে অহা ডিচেম্বৰ মাহৰ ভিতৰত তেওঁলোকৰ দাবীসমূহৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ বিচাৰি সমাধান সূত্ৰ বিচাৰে সদৌ অসম অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাই। অনথ্যা অহা ফ্ব্ৰুৱাৰি মাহত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষা নিয়ন্ত্ৰকৰ দ্বায়িত্ব পালন নকৰাৰ হুংকাৰ দিয়ে সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে।

কলিতাই লগতে কয়, ‘গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়, চৰকাৰৰ কেবিনেট সিদ্ধান্ত, শিক্ষা বিভাগৰ সংসদীয় স্থায়ী কমিটিৰ প্ৰতিবেদন, উচ্চতম ন্যায়ালে প্ৰদান কৰা সমান কামৰ মজুৰি প্ৰদান কৰাৰ ৰায়ৰ পিছতো ঠিকাভিত্তিক শিক্ষকসকলৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে সিদ্ধান্ত ল’ব পৰা নাই সোণোৱাল চৰকাৰে।‘

আনহাতে, ২০১০ চনতে সম্পূৰ্ণ মেধা আৰু যোগ্যতাৰ ভিত্তিত ঠিকাভিত্তিক শিক্ষকসকলক নিযুক্তি দিছিল বুলি জানিবলৈ দি কলিতাই লগতে কয় যে প্ৰতিবাদহীনভাৱেই বৰ্তমানলৈকে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰি আহিছে শিক্ষকসকলে।

২০১০ চনত নিযুক্তিপ্ৰাপ্ত হাইস্কুলৰ কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলে দীৰ্ঘদিন প্ৰাপ্য মজুৰি আদায় নোপোৱা আৰু চাকৰিৰ কোনো নিশ্চয়তা নথকাৰ বাবে দুৰ্বিসহ জীৱন কটাবলগীয়া হোৱা বুলি অভিযোগ উত্থাপন কৰে কলিতাই।

ইয়াৰোপৰি, অহা ডিচেম্বৰ মাহৰ ভিতৰত ঠিকাভিত্তিত কৰ্মৰত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ, সমান কামৰ বিপৰীতে সমান মজুৰি প্ৰদান কৰিবৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰে। অনথ্যা ২০১৯ চনৰ জানুৱাৰিৰ পৰা চৰকাৰৰ বিৰুদ্ধে অসহযোগ কৰিব বুলি দাবী কৰি কলিতাই কয়, ‘সেই অসহযোগে অপ্ৰীতিকৰ পৰিবেশ সৃষ্টি কৰিলেই তাৰ বাবে মুখ্য মন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে দায়ী হ’ব ।

Related News