• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বহুবল্কী শিলাদিত্যক গ্ৰেপ্তাৰৰ দাবীত মহানগৰীত প্ৰতিবাদ সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ

শিলাদিত্যই মানসিক ভাৰসম্য হেৰুৱাই পেলাইছে, তেজপুৰৰ মানসিক চিকিৎসালয়ত ভৰ্তি কৰক নহয় তেওঁক গ্ৰেপ্তাৰ কৰক -হাফিজুৰ আহমেদ

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , August 9, 2020 5:46 pm

2 min read

WhatsApp Image 2020-08-09 at 3.48.57 PM
2.3k
VIEWS
Share on FacebookShare on Twitter

অসমীয়া ভাষা সংস্কৃতিৰ সাধক চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী আখ্যা দিয়া হোজাই সমষ্টিৰ শাসকীয় দলৰ বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰ দাবী উত্থাপন হৈছে বিভিন্ন মহলৰ পৰা।

সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদেও সাপ্তাহিক লকডাউনৰ মাজতে আজি গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি বিধায়কজনক গ্ৰেপ্তাৰৰ দাবী জনায়৷

হাতে হাতে প্লেকাৰ্ড লৈ সংগঠনটোৱে ‘বাংলাদেশৰ পৰা খেদা খাই অহা শিলাদিত্যক গ্ৰেপ্তাৰ কৰক’, শিলাদিত্য হুচিয়াৰ’, ‘অসম চৰকাৰ হায় হায়’, আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

প্ৰতিবাদস্থলীত গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুৰ আহমেদে কয় ‘স্বনাম ধন্য অসমীয়া অসমৰ বৰণ্য সাহিত্যিক চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে বালংলাদেশৰ পৰা খেদা খাই আহি ইয়াত বিধায়ক হোৱা শিলাদিত্য নামৰ বিধায়ক জনে যি অশোভনীয় মন্তব্য কৰিছে আমি সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদে তাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ কৰাৰ লগতে বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাক দাবী জনাইছো।’

‘এগৰাকী শাসকীয় দলৰ বিধায়ক হোৱা স্বত্বেও বাৰে বাৰে এনে বিতৰ্কিত মন্তব্যৰে শিলাদিত্যই সাতমপুৰুষীয়া সম্প্ৰতি বিনষ্ট কৰিবলৈ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তৎসত্বেও এই বিধায়ক গৰাকীক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই। চৰকাৰখনে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই আমি বুজি পোৱা নাই।’ আহমেদে লগতে কয়।

শিলাদিত্যই মানসিক ভাৰসম্য হেৰুৱাই পেলাইছে বুলি দাবী কৰি তেওঁক তেজপুৰৰ মানসিক চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে গ্ৰেপ্তাৰৰো দাবী সংগঠনটোৰ৷

অন্যথা অসমৰ ৰাইজে তেওঁক ধৰি বান্ধি বাংলাদেশত থৈ আহিব বুলি মন্তব্য কৰে আহমেদে তীৰ্যক মন্তব্য কৰে সভাপতিগৰাকীয়ে।

Recent News

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd