জাগুনত এটা অগ্নি নিৰ্বাপক বাহিনী নিয়োগ কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান গোৰ্খা ছাত্ৰ সন্থাৰ
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা টিৰাপ জাগুন আঞ্চলিক সমিতিয়ে জাগুনত এটা অগ্নি নিৰ্বাপক বাহিনী নিয়োগ কৰাৰ দাবীত শুকুৰবাৰে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
তেওঁলোকে লগতে স্মাৰক পত্ৰৰ প্ৰতিলিপি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাকো মাৰ্ঘেৰিটা চেগুনবাৰীস্থিত বিধায়ক কাৰ্যালয়ত প্ৰদান কৰে।
বৃহত্তৰ অঞ্চলটোত অগ্নিনিৰ্বাপক বাহিনী নথকাৰ ফলত অঞ্চলটোত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত ক্ষয়ক্ষতিৰ পৰিমাণ অধিক হোৱাত ভুক্তভোগী ৰাইজে যথেষ্ট সমস্যা পৰিছে।
এইক্ষেত্ৰত অঞ্চলটোত অগ্নিনিৰ্বাপক বাহিনীৰ তাৎক্ষণিকভাৱে ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে।
উল্লেখ্য যে শেহতীয়াকৈ জাগুনত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডই ব্যাপক ক্ষতি কৰাৰ উপৰি অগ্নিনিৰ্বাপক বাহিনী পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ বাবে জুই নিৰ্বাপনত সমস্যাই দেখা দিছিল।