• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বায়নৰ যুগত ক’ত হেৰাই গল চিঠিবোৰ!চিঠিক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস যোৰহাটৰ ইন্সপিৰেশ্যনৰ

অসম ভিত্তিত ডাকযোগে চিঠি লিখা প্ৰতিযোগিতা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 24, 2021 5:40 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইয়া মম এডাল জ্বলাই লৈছোঁ । আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি । বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি । চাওঁ খিৰিকীখন জপাই দিওঁ। এইয়া হেঁপাহেৰে লিখা এখন চিঠিৰ কিয়দাংশ ।

চিঠিৰ ভিতৰত থকা এনেবোৰ শব্দই হৃদয় চুই যায় । কঁপাই তোলে বুকুৰ অবুজ শিহৰণ । এনেবোৰ হৃদয়স্পৰ্শী শব্দই ৰোমাঞ্চিত কৰি তোলে প্ৰতিজন হৃদয়বান লোকক।

Apply Now

চিঠিৰ মাজত থকা আলফুলীয়া শব্দই অনুভৱৰ সুবাস – সৌন্দৰ্যৰ মাদকতাই বুকুৰ ভিতৰত জগাই তোলে মিঠা মিঠা কুহুমীয়া বিষ ।

পিছে আজি উন্নতিৰ জখলাত খোজ দিয়া মানুহে চিঠিৰ মাদকতা জানো ল’ব পাৰিছে।

ক্ৰমে অতীত হ’ব খোজা চিঠিৰ মাদকতা উপলব্ধি কৰিবলৈ সেই আগৰ দৰে মমডাল জ্বলাই দুৱাৰ খিৰিকী বন্ধ কৰি চিঠি লিখাৰ অভ্যাস কৰিবলৈ আজি জানো সময় উলিয়াব পাৰিব ?

কম্পিউটাৰ তথা মোবাইলৰ ফেচবুক, হোৱাটছএপ ইণ্টাৰনেট বিপ্লৱৰ ধামখুমিয়াত পৰি চিঠিৰ ঐতিহ্য, সুবাস সৌন্দৰ্য আৰু মধুৰতাৰ পৰা বঞ্চিত হৈছে আজিৰ উদিত প্ৰজন্ম ।

সমগ্ৰ বিশ্বক বিশ্বায়নৰ ধুমুহাই গো গ্রাসে গিলি কম্পিউটাৰ ইণ্টাৰনেট মোবাইলে চিঠিবোৰ কৰি পেলালে গুৰুত্বহীন ।

মন প্ৰশান্তি কৰা চিঠিবোৰ বিলুপ্তি হ’বলৈ ধৰাত অসমীয়া ভাষাটোয়েও অস্তিত্ব সংকটত ভুগিবলৈ আৰম্ভ কৰিলে । ক্ষুদ্ৰ গাঁৱলৈ সংকুচিত হোৱাৰ সময়ত নীলা খামৰ চিঠি বা বন্ধু প্রিয়জন,আত্মীয়স্বজন আদিলৈ সময় খৰচ কৰি কোনেও নিলিখা হ’ল নপঠোৱা হ’ল শুভেচ্ছা সম্পৰ্কীয় ভিন্ন ৰঙীণ কাৰ্ড ।

বিজ্ঞানৰ কোবাল ঢৌয়ে হাতে লিখা চিঠিক প্ৰবল প্ৰত্যাহ্বান জনায় উন্নতিৰ উচ্চ শিখৰলৈ আগুৱাই নিয়াৰ সময়তে ক্ৰমাৎ মানুহৰ হৃদয়বোৰ হৈ পৰিছে কঠিন আৰু হৃদয়ত যান্ত্ৰিকতা বৃদ্ধি পোৱাৰ লগতে হেৰুৱাবলগীয়া হৈছে স্বকীয় ভাষা কৃষ্টি-সংস্কৃতি ।

হৃদয়ৰ অনুভূতিৰে ভৰা আন্তৰিকতাৰ গভীৰ প্ৰত্যয়বোৰ যেন মানুহে বৰ্তমান হেৰুৱাই পেলাইছে । কেৱল নীলা খামৰ চিঠি বা প্ৰেমৰ চিঠিয়েই নহয় , সামগ্ৰিকভাৱে চিঠি নামৰ শব্দটোৱেই পাহৰণি গৰ্ভত জাহ যোৱাৰ বিপদ ঘণ্টা বাজিল ।

বিস্মৃতিৰ বিশাল গৰ্ভত অতীত হ’ব খোজা চিঠিবোৰ উঠি অহা প্ৰজন্মক অসমীয়া কৃষ্টি সংস্কৃতিৰ ঐতিহ্যৰে বিশ্ব সাহিত্য সৃষ্টি কৰা চিঠিবোৰক পুনুৰুজীৱিত আৰু চিঠি লিখা ,পঢ়া আমেজৰ কথা সোঁৱৰাই ডিজিটেল পৰ্টেল চেনেল আজিৰ খবৰ আৰু অগ্ৰণী সামাজিক-সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান ইন্সপিৰেশ্যনৰ উদ্যোগত এজাক সেউজ সন্ধানী যুৱক যুৱতীয়ে হৃদয় উদ্ধেলিত কৰা ,অফুৰন্ত আনন্দ দিয়া হেৰাই যোৱা চিঠিক এক ব্যক্তিক্ৰমী প্ৰচেষ্টাৰে জীয়াই তোলাৰ প্ৰয়াস কৰিছে ।

কাউৰী ঠেঙীয়া আখৰৰ মাজত থকা হৃদয়স্পৰ্শী অনুভৱবোৰ আৰু প্ৰবল কল্পনা শক্তিৰে কবিতাৰ গদ্যৰ দৰে বিশ্ব সাহিত্য সৃষ্টি কৰা মনৰ সপোনৰ ভাষাবোৰক বৰ্তমানৰ বিশ্বায়নৰ যুগটো যাতে ম্লান কৰিব নোৱাৰে তাৰ উদ্দেশ্যৰে মানুহে মানুহৰ বাবে চিন্তা কৰিব পৰাকৈ ,হৃদয়ে হৃদয়ৰ লগত বন্ধুত্ব কৰিব পৰাকৈ পুনৰ চিঠি লিখা অভ্যাস গঢ় দিবৰ বাবেই আয়োজন কৰিছে ডাক যোগে নীলা খামৰ চিঠি লিখা প্ৰতিযোগিতা ।
প্ৰতিযোগিতা দুটা শাখাত হ’ব । দশম শ্ৰেণীৰ পৰা স্নাতকলৈ ক শাখা আৰু খ শাখাত স্নাতকোত্তৰ পৰা সকলোৰে বাবে মুকলি থাকিব । চিঠিৰ বিষয়- প্ৰেম আৰু বাস্তৱ সময়ৰ যিকোনো বিষয়ক লৈ লিখা হব লাগে । প্ৰতিযোগিতাৰ মাচুল পঞ্চাশ টকা ইন্সপিৰেশ্যনৰ নামত আই পি অৰ জৰিয়তে চিঠিৰ লগত গাঁঠি দিব লাগিব।প্ৰতিযোগীয়ে সম্পূৰ্ণ নাম ঠিকনা আৰু ফোন নম্বৰ দিয়াটো বাধ্যতামূলক ।

চিঠি সমূহ ৩০ নৱেম্বৰ ২০২১ ৰ ভিতৰত পঠাব লাগিব । বিজয়ী প্ৰতিযোগীক ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বঁটা সমূহ প্ৰদান কৰা হব ।

চিঠিৰ আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ তেন্তে আজিয়েই এখন চিঠি লিখক পঠোৱাৰ ঠিকনা “আজিৰ খবৰ,” হিৰকজ্যোতি শৰ্মা- চন্দন কলিতা,,মাৰফৎ-নৱ কুমাৰ শৰ্মা ,হাউচ নম্বৰ-৫২ (এ) বৰবাৰী, বিষ্ণুনগৰ, পুৱাৰাম টেৰং পথ,( প্ৰতীক্ষা হস্পিতালৰ সমীপত),ডাক- হেঙেৰাবাৰী ,গুৱাহাটী-৭৮১০৩৬ ।

অথবা ইন্সপিৰেশ্যন,মাৰফৎ – বসন্ত দাস-পাৰ্থ প্ৰতিম দত্ত কৃষ্ণ নগৰ বজাৰ ,জাপৰিগোগ, হাউচ নম্বৰ -১০৬ (এ )ডাক-দিছ্পুৰ,গুৱাহাটী- ৫ বা ধৰিত্ৰী ডেকা,,আজিৰ খবৰ, মাৰফৎ- বড়ো হাৰ্ডৱেৰ ষ্টল, (শ্মশান চকৰ সমীপত) কৃষ্ণনগৰ জাপৰিগোগ,ডাক -জাপৰিগোগ ,পিন- ৭৮১০০৫ কামৰূপ মেট্ৰো ।

সবিশেষ জানিবলৈ 6000699907, 96782 68970 আৰু 73997 11250 নম্বৰত যোগাযোগ কৰিব পাৰিব ।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd