NORTHEAST NOW (Assamese)

ভূমি পট্টা বিচাৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ

September 22, 2021 4:23 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
Updated: September 22, 2021 4:24 pm

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনুসূচীত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজ্যত বৃহৎ বৃহৎ পুঁজিপতিক হাজাৰ হাজাৰ বিঘা ভূমি প্ৰদান কৰা চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰ সকলক ভূমিৰ পট্টা প্ৰদান নকৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে অনুসূচীত জাতি ছাত্ৰ সন্থাই।

সন্থাৰ সাধাৰণ সম্পদক পৰশ জ্যোতি দাসে কয়, অনুসূচীত জাতি ছাত্ৰ সন্থাই দীৰ্ঘ দিনৰে পৰা খিলঞ্জীয়া ভূমি পুত্ৰ সকলক ভূমি পট্টা দিবলৈ দাবী উত্থাপন কৰি আহিছে।

কিন্তু শাসনাধিষ্ঠ বিজেপি চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ ন পুখুৰী, পুৰণি পুখুৰী, পলশনি, দিচাংমুখ, ফুকন নগৰ আদি অঞ্চলৰ খিলঞ্জীয়া লোক সকলক অতি সীঘ্ৰে ভমি পট্টা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়।

অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে সংগঠনটোৱে।

Related News