• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাষ্ট্ৰসংঘলৈ দূত মনোনয়ন তালিবানৰ, অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2021 4:12 pm
Taliban name Suhail Shaheen Afghan UN envoy
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই সপ্তাহত আমেৰিকাৰ নিউ ইয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰিব তালিবানে আৰু সেই উদ্দেশ্যে ডোহাস্থিত চুহেইল চাহীনক তালিবান শাসিত আফগানিস্তানৰ স্থায়ী দূত হিচাপে মনোনীত কৰিছে।

তালিবান চৰকাৰৰ বিদেশ মন্ত্ৰী আমিৰ খান মুত্তাকীয়ে যোৱা সোমবাৰে ৰাষ্ট্ৰসংঘৰ সচিব এণ্টনিঅ’ গুটেৰেচলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে অহা ২৭ ছেপ্টেম্বৰত সামৰণি পৰিব লগীয়া ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক উচ্চ স্তৰীয় বৈঠকত অংশগ্ৰহণৰ অনুমতি বিচাৰিছে।

গুটেৰেচৰ মুখপাত্ৰ ফাৰহান হকে এই পত্ৰখনৰ কথা সদৰী কৰিছে।

Apply Now

হকৰ ভাষ্য অনুসৰি তালিবান শাসিত আফগানিস্তানৰ ৰাষ্ট্ৰসংঘৰ পদৰ এই আবেদন ইতিমধ্যে ৯ সদস্যৰ ক্ৰেডেঞ্চিয়েল সমিতিলৈ প্ৰেৰণ কৰা হৈছে। এই সমিতিত আমেৰিকা, চীন আৰু ৰাছিয়াৰ দৰে ৰাষ্ট্ৰই এই সম্পৰ্কে বিবেচনা কৰিব।

পিছে অহা সোমবাৰৰ আগেয়ে এই বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই আৰু সেয়ে ৰাষ্ট্ৰসংঘৰ উচ্চ স্তৰীয় বৈঠকত তালিবানৰ বিদেশ মন্ত্ৰীয়ে যে অংশগ্ৰহণ কৰিব পাৰিব সেইয়া সন্দেহ আছে।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান গুটেৰেচে মন্তব্য কৰে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মান্যতা লাভৰ তালিবানৰ ইচ্ছাৰ ফলত বিশ্বৰ অন্যান্য দেশসমূহে আফগানিস্তানৰ অন্তৱৰ্তী চৰকাৰ আৰু ব্যক্তিৰ অধিকাৰ,বিশেষকৈ মহিলাৰ অধিকাৰৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ সুবিধা পাব।

আনহাতে তালিবানৰ পত্ৰখনে আফগানিস্তানৰ ক্ষমতাচ্যুত চৰকাৰক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰসংঘৰ দূত গুলাম ইশ্বাকজাইৰ কাৰ্যকাল সমাপ্ত হোৱা বুলি উল্লেখ কৰিছে আৰু তেওঁ বৰ্তমান আফগানিস্তানৰ প্ৰতিনিধি নহয় বুলি সদৰী কৰিছে।

অৱশ্যে ক্ৰেণ্ডেঞ্চিয়েল সমিতিয়ে তালিবান শাসিত আফগানিস্তানৰ ৰাষ্ট্ৰদূত জনক স্বীকৃতি নিদিয়া পৰ্যন্ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ নীতি অনুসৰি ইশ্বাকজাই পূৰ্ব পদত বাহাল থাকিব। তেওঁ ২৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ উচ্চ স্তৰীয় বৈঠকত আন্ত:ৰাষ্ট্ৰীয় নেতাসকলক সম্বোধন কৰিব।

উল্লেখ্য যে তালিবানে ইয়াৰ পূৰ্বে যেতিয়া ক্ষমতা দখল কৰিছিল আৰু ১৯৯৬ ৰ পৰা ২০০১ চনলৈ শাসন কৰিছিল তেতিয়া তালিবানে ক্ষমতাচ্যুত কৰা চৰকাৰখনৰ প্ৰতিনিধি জনেই ৰাষ্ট্ৰসংঘৰ দূত হিচাপেই কাৰ্য্যকৰী হৈ আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd