• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৱম আৰু দশম শ্ৰেণীৰ ‘বৈচিত্ৰ্যময় অসম’ পাঠ্যপুথিত অনুসূচিত জাতিক উপেক্ষাৰ অভিযোগ

বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ কথা কোৱা সোণোৱাল চৰকাৰৰ শিক্ষা বিভাগৰ অনুসূচিত জাতিক চৰম ভেঙুচালি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 30, 2019 5:01 pm
6ce80fe5-5bf1-4314-826b-cff0310d04e4 (1)

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সদ্য অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চ মাধ্যমিকৰ নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ নিজ ৰাজ্যৰ ইতিহাসৰ প্ৰতি সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বা অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহক  বিস্তৃতৰূপত পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে পাঠ্যক্ৰমত সংযোজন কৰিছে ‘বৈচিত্ৰময় অসম’ শীৰ্ষক পাঠ্যপুথি। অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ দ্বাৰা প্ৰকাশিত হৈছে এই পাঠ্যপুথিখন।

কিন্তু পৰিতাপৰ কথা এয়ে যে, বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সকলো বৰ্ণ শ্ৰেণীৰ লোকক সম মৰ্য্যদা প্ৰদানৰ কথা নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতে চৰকাৰৰ শিক্ষা বিভাগে চূড়ান্তৰূপে উপেক্ষা কৰিলে অনুসূচিত জাতিৰ অন্তৰ্গত কৈৱৰ্ত্ত, হীৰা, বণিয়া, সুত্ৰধৰ আৰু মালী সকলক।

Apply Now

কিয়নো অন্যান্য জাতি-জনগোষ্ঠীসমূহৰ নাম তথা বিস্তৃত পৰিচয় উক্ত পাঠ্যপুথিত উল্লেখ কৰা হৈছে যদিও বাদ পৰি ৰৈছে উক্ত অনুসূচিত জাতিসমূহৰ নাম তথা পৰিচয়। ইয়াকে কেন্দ্ৰ কৰি চৰকাৰৰ শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই।

‘’অসম চৰকাৰৰ শিক্ষা বিভাগৰ ভেঙুচালি সহ্য কৰা নহ’ব। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলো বৰ্ণ-শ্ৰেণীৰ মানুহক সমমৰ্য্যদা প্ৰদানৰ যি ভাষণ আওৰায় সেয়া কেৱল ৰাজনীতি বুলি উমান পোৱা গৈছে। অসমৰ ভাষা-সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনৰ অবিচ্ছেদ্য কৈৱৰ্ত্ত, বণিয়া, হীৰা, মালী, সুত্ৰধৰসকলক বাদ দি অসমৰ সমাজ জীৱন আৰু অসমীয়া ধাৰণাই অমূলক।‘’ বিষয়টো দৃষ্টিগোচৰ হোৱাৰ পাছতেই গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সন্থাৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ দাসে এইদৰে কয়।

Pathyoputhi
উচ্চ মাধ্যমিক ‘বৈচিত্ৰ্যময় অসম’ নামৰ পাঠ্যপুথিখন

‘’তেনেস্থলত শিক্ষা মন্ত্ৰীয়ে চকু মুদি আছিল নেকি?’’ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যলৈ এই প্ৰশ্ন ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদকজনৰ।

ইপিনে, উক্ত সংবাদমেলৰ জৰিয়তে অসমৰ অনুসূচিত জাতিৰ লোকসকলক ৰাজ্য চৰকাৰে কেৱল শোষণ আৰু বঞ্চনা কৰাৰ অভিযোগ তুলি দাসে কয়, ‘’চৰকাৰে অসমৰ সমাজ জীৱনৰ পৰা অনুসূচিত জাতিৰ বিভিন্ন উপজাতিসমূহক মচি পেলোৱাৰ অপচেষ্টা কৰিছে।‘‘

তদুপৰি, চৰকাৰৰ এই কাৰ্য্যৰ বিৰুদ্ধে ১০ লাখ শ্বেতপত্ৰ প্ৰকাশ কৰাৰ লগতে অহা ১৫ মে’ৰ দিনা সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে। লগতে প্ৰতিবাদ হিচাপে উক্ত দিনটোত বিষয়া-কৰ্মচাৰী, সংস্কৃতিৰ কলা-কুশলী, ব্যৱসায়-বাণিজ্য, বনুৱা-বিদ্যাৰ্থী সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰত ক’লা বেজ পৰিধান কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সন্থাৰ ফালৰ পৰা আহ্বান জনায়।

আনহাতে, উক্ত সংবাদমেলতে অনুসূচিত জাতিৰ অসমৰ প্ৰতি থকা অৱদানৰ চমু ইতিহাসো দাঙি ধৰে সাধাৰণ সম্পাদকগৰাকীয়ে।

‘’১৯৩০ চনত পলাশনি নামঘৰত সেৱা জনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্ব দৰবাৰলৈ আগুৱাই লৈ যোৱাত অহোপুৰুষাৰ্থ কৰিছিল ইলাৰাম দাস, বালিৰাম দাস, গোলক দাস, প্ৰভাত দাস, অচ্যুত কৃষ্ণ মিশ্ৰ, ৰমাকান্ত মুক্তিয়াৰৰ দৰে এইসকল কৈৱৰ্ত্ত লোকে,’’-দাসে সোঁৱৰাই দিয়ে।

আনহাতে, ‘’অসমৰ প্ৰথমজন বুৰঞ্জীবিদ দ্যুতিৰাম হাজৰিকা (বণিয়া), উত্তৰ-পূব ভাৰতৰ প্ৰথম মহিলা আই এ এছ পাৰুল দেৱী দাস (কৈৱৰ্ত্ত), অসমৰ প্ৰথম মহিলা ডাক্তৰ ড০ লক্ষীপ্ৰভা দাস, বিশিষ্ট সাহিত্যিক ড০ ভবেন্দ্ৰ নাথ শইকীয়া(কৈৱৰ্ত্ত), বিশ্ব বৰেণ্য শিল্পী, সুধাকন্ঠ আৰু ভাৰতৰত্ন প্ৰাপ্ত ড০ ভূপেন হাজৰিকা(কৈৱৰ্ত্ত), লোকগীতৰ সাধক ৰামেশ্বৰ পাঠক(কৈৱৰ্ত্ত), লোকগীতৰ সম্ৰাট গকুল পাঠক(কৈৱৰ্ত্ত) ইত্যাদি অতি নিপুন শিল্পী সত্তাৰ লোক আছিল।‘’ দাসে এইদৰে এখন দীঘলীয়া তালিকাও দাঙি ধৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd