আদৰ্শগত জাতীয় সংকটৰ সময়ত আজিৰে পৰা আৰম্ভ সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভা
নাগৰিকত্ব বিধায়ক, নাগৰিকপঞ্জী, নদীবান্ধৰ প্ৰসংগৰে ৰাজ্যত আদৰ্শগত জাতীয় সংঘাতৰ সময়ত আজিৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে ধেমাজি জিলাৰ জোনাইত আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভা।
বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইদৰ সোঁৱৰণত উৎসৰ্গিত জোনাইৰ টাবুৰাম টাইদ সমন্বয় ক্ষেত্ৰত ২৩ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ চাৰিদিনীয়া বিভিন্ন কাৰ্য্যসূচীৰ মাজেৰে সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভা অনুষ্ঠিত হৈছে।
বুধবাৰে ৰাতিপুৱা সভাৰ মূল তোৰণ মুকলি কাৰ্য্যসূচীৰে সাধাৰণ সভাৰ কাৰ্য্যসূচী আৰম্ভ হ’ব আৰু নিশাৰ ভাগলৈ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব।
শুক্ৰবাৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কুইজ, তৰ্ককে আদিকৰি বিভিন্ন প্ৰকাৰৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে।
আনহাতে, ২৬ অক্টোবৰৰ মুকলি সভাত অংশগ্ৰহণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্য, সভাপতি দীপাংক কুমাৰ নাথ, সম্পাদক লুৰীণজ্যোতি গগৈ, অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীকে ধৰি ৰাজ্যৰ বহু বিশিষ্ট শিক্ষাবিদ আৰু দল, সংগঠনৰ নেতৃবৃন্দয়।
২৬ অক্টোবৰৰ সন্ধিয়া ঐ আপ্পুন গণেশ পেগু সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত সংগীত পৰিবেশন কৰিব জুবিন গাৰ্গ, তৰুলতা কুটুম, হেলিনা দৈমাৰী আৰু বিৰাজ মুছাহাৰীয়ে।
ইতিমধ্যে জোনাই সাধাৰণ সভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সদৌ অসম ছাত্ৰ সন্থাৰ নেতা-কৰ্মচাৰীৰে ভৰি পৰিছে টাবুৰাম টাইড সমন্বয় ক্ষেত্ৰ।