• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আনৰ স্বামীৰ সৈতে সহবাস; বৈধ পত্নীগৰাকীক ৭০ লাখ টকা ক্ষতিপূৰণ দিবলৈ মণিপুৰৰ মডেলক নিৰ্দেশ

মডেলগৰাকীয়ে নিজকে শ্যামসুন্দৰৰ দ্বিতীয় পত্নী বুলি দাবী কৰে যদিও নাকচ কৰে আদালতে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 23, 2019 12:34 pm
Yambem Puni
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ এগৰাকী প্ৰখ্যাত মডেলক তেওঁ সহবাস (live-in) কৰা পুৰুষজনৰ বৈধ পত্নীক ৭০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে আদালতে।

দেৱানী আদালতৰ নিৰ্দেশটোত য়েমবেম পুনী নামৰ এই মডেলগৰাকীক তেওঁ সহবাস কৰা ডাঃ কনছাম শ্যামসুন্দৰৰ বৈধ পত্নীক জীৱনসংগীৰ সান্নিধ্যৰ পৰা বঞ্চিত কৰা, স্নায়ৱিক আঘাত আৰু হতাশা দিয়াৰ বাবদ ১০ লাখ টকা; সমাজৰ দৃষ্টিত বৈধ পত্নীগৰাকীৰ মৰ্য্যাদা অৱনতি কৰা বাবদ ১০ লাখ টকা; আৰু অপূৰণীয় ক্ষতি কৰা বাবে ৫০ লাখ টকা দিবলৈ কোৱা হৈছে।

Apply Now

বৈধ পত্নী, যিগৰাকী এগৰাকী চিকিৎসকো, ৰঞ্জিতা আচ্চমে প্ৰেমৰ সম্পৰ্কৰ পিছত ২০০৯ চনত শ্যামসূন্দৰৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁলোকৰ বিবাহ পঞ্জীয়নকৃত আছিল।

৪১ বছৰীয়া ৰঞ্জিতাৰ তেওঁৰ স্বামীৰ ফালৰ পৰা তিনিটাকৈ সন্তানো আছে।

৩৩ বছৰীয়া মডেলগৰাকীয়ে তেওঁৰ পৰা আঁতৰাই নি একেলগে বাস কৰিবলৈ ধৰা তেওঁৰ স্বামী শ্যামসুন্দৰ মণিপুৰ চৰকাৰৰ অধীনৰ এজন আই এ এছ বিষয়া।

ৰঞ্জিতাই আদালত কাষ চাপি কৈছিল যে ৩৩ বছৰীয়া মডেলগৰাকীয়ে ডা: শ্যামসুন্দৰৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি তেওঁৰ বাবে অবৰ্ণনীয় হতাশাৰ সৃষ্টি কৰিছে।

আদালতৰ ভাষ্য আছিল যে জীৱনসংগীৰ সান্নিধ্যৰ পৰা বঞ্চিত কৰাৰ অভিপ্ৰায়মূলক অপৰাধ এতিয়াও সাধাৰণ সামাজিক নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু ভাৰতত ইয়াক কোনো আইনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হোৱা নাই। তথাপি এই ঘটনাটোক মৌলিক আখ্যা দি আদালতে কয়, “এইটো এটা এনেকুৱা গোচৰ, যিটো এগৰাকী বৈধভাৱে বিবাহিত মহিলাৰ স্বামীৰ সৈতে বাস কৰা এগৰাকী মহিলাৰ বিৰুদ্ধে দাখিল কৰা হৈছে।”

ৰঞ্জিতাই জীৱনসংগীৰ সান্নিধ্যৰ পৰা বঞ্চনা আৰু মানসিক যন্ত্ৰণাৰ বাবে ১০ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰিছিল। তেওঁ মডেলগৰাকীৰ বিৰুদ্ধে স্থায়ী নিষেধাজ্ঞা আৰোপো দাবী কৰিছিল।

উচ্চতম ন্যায়ালয়ত উঠা ২০১৩ চনৰ এটা গোচৰৰ প্ৰসংগ টানি দেৱানী আদালতৰ বিচাৰকজনে কয়, “এজন বিবাহিত লোকৰ সৈতে সহবাস (live-in relationship) কৰাটোৱে এজন জীৱনসংগীক আনজনৰ পৰা জানি-শুনি নিঃসংগ কৰাৰ সমান- এইটো এটা গুৰুত্বপূৰ্ণ আৰু ক্ষতিপূৰণীয় অপৰাধ- বিবাহিত পক্ষটোৰ পত্নী আৰু সন্তানে আনটো পক্ষক সম্পৰ্ক নষ্ট কৰা বাবে ব্যৱস্থা গ্ৰহণৰ দাবী কৰিব পাৰে।”

“উচ্চতম ন্যায়ালয়ে এইটো কৈছিল যে বিবাহ আৰু পৰিয়াল হ’ল অতি গুৰুত্বপূৰ্ণ সামাজিক অনুষ্ঠান। সেই পৰিপ্ৰেক্ষিতত মৰমৰ পৰা বঞ্চিত কৰাটো এটা উদ্দেশ্যপ্ৰণোদিত ক্ষতিপূৰণীয় অপৰাধ, যিটোৱে বিবাদী পক্ষৰ পত্নী আৰু সন্তানক আইনীভাৱে বিবাহিত পত্নী/সন্তান বুলি জানিও স্বামী/পিতৃক তেওঁলোকৰ (পত্নী আৰু সন্তানৰ) সান্নিধ্যৰ পৰা আঁতৰাই নিয়াৰ বাবে কাৰ্য্যব্যৱস্থা লোৱাৰ হক দিয়ে।” আন এটা গোচৰৰ উল্লেখ কৰি বিচাৰকজনে কয়।

য়েমবেম পুনীয়ে আদালতত নিজকে শ্যামসুন্দৰৰ দ্বিতীয় পত্নী বুলি দাবী কৰিছিল আৰু তাৰ প্ৰমাণ হিচাপে তেওঁলোকৰ ২০১৬ চনত লৌখাপ্তা অনুষ্ঠান সম্পন্ন হোৱা বুলি কৈছিল, যিটো মণিপুৰীসকলৰ এটা সামাজিক বিবাহৰ দৰে অনুষ্ঠান।

কিন্তু আদালতে আই এ এছ বিষয়াজনৰ সৈতে মডেলগৰাকীৰ সহবাসক দ্বি-বিবাহৰ অপৰাধ হিচাপে গণ্য কৰি সেয়া নাকচ কৰে।

বৰং আদালতে কয়, “এইটো দেখা গৈছে যে ১ নং বিবাদী (য়েমবেন পুনী)-এ তেওঁ কৰাটো আইনগতভাৱে ভুল, অনৈতিক আৰু এটা ভাল পৰিয়ালৰ জীৱন টুকুৰা টুকুৰ কৰাৰ পিছতো পিছ হুঁহকিবলৈ মন কৰা নাই।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd