লোকসভা নিৰ্বাচনত সহযোগিতা নকৰাৰ হুংকাৰ মটৰ পৰিবহন সন্থাৰ

Untitled_design_(35)

প্ৰতিনিধিত্বমূলক আলোচিত্ৰ। উৎস-ইণ্টাৰনেট

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে  অধিগ্ৰহণ কৰিবলগীয়া গাড়ীৰ ভাড়া বৃ্দ্ধি নকৰিলে লোকসভা নিৰ্বাচনত কোনোধৰণৰ সহযোগিতা নকৰে সদৌ অসম মটৰ পৰিবহন সন্থায়। সোমবাৰে প্ৰেছ বিবৃতিযোগে এই কথা জনাই মটৰ পৰিবহন সন্থাৰ সচিব প্ৰধান প্ৰদীপ দাসে।

উল্লেখযোগ্য যে, ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ সময়তে পৰিবহন সন্থাই চৰকাৰক নিৰ্বাচনৰ বাবে অধিগ্ৰহণ কৰা যান-বাহনৰ ভাড়া বৃদ্ধিৰ বাবে দাবী জনাইছিল কিন্তু পঞ্চায়ত নিৰ্বাচনৰ পাছত লোকসভা নিৰ্বাচন আহি উপস্থিত হ’ল কিন্তু চৰকাৰে নিৰ্বাচনৰ বাবে অধিগ্ৰহণ কৰা গাড়ীৰ ভাড়া বৃদ্ধিৰ বাবে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে।

আনহাতে, প্ৰেছ বিবৃতিত প্ৰদীপ নাথে স্পষ্টভাৱে চলিত মাৰ্চ মাহৰ ভিতৰত নিৰ্বাচনৰ বাবে অধিগ্ৰহণ কৰিব লগীয়া গাড়ীৰ ভাৰা ৫০ শতাংশ আৰু কৰ্মচাৰীৰ ভাত্তা ১০০ শতাংশ বৃদ্ধি নকৰিলে নিৰ্বাচনত কোনো পধ্যেই সহযোগিতা নকৰাৰ হুংকাৰ দিয়ে।

অসম  চৰকাৰে দীৰ্ঘদিন ধৰি অসম মটৰ পৰিবহণ সন্থাক নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দি ব্যৱহাৰ কৰি আহিছে কিন্তু নিৰ্বাচন যোৱাৰ পাছত চৰকাৰে সন্থাৰ অভাৱ-অভিযোগৰ প্ৰতি পিঠি দিয়ে। এইবাৰ এনে প্ৰলোভন সহ্য কৰা নহ’ব বুলিও দৃঢ়তাৰে কয় সচিব প্ৰধান গৰাকীয়ে।