ক’ভিড -১৯ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগে ৰাজ্যখনৰ প্ৰাক্ প্রাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান, হোষ্টেল আৰু কোচিং ইনষ্টিটিউচন কাইলৈৰ পৰা বন্ধ ৰখাৰ নিৰ্দেশ দিছে ।
গোলাঘাট জিলাতো জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ, বিভাষ চন্দ্ৰ মোদীয়ে চৰকাৰী আৰু বেচৰকাৰী সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে ।
ক’ভিডৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঘোষণা কৰা এই নিৰ্দেশ অনুসৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জিলাখনত প্ৰাক্ প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব ।
ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।