সৰ্বভাৰতীয় বিদ্যুত কৰ্মী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা ২৪ ঘণ্টীয়া সাধাৰণ ধৰ্মঘট কাৰ্যসূচী আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ য়ুনিয়নৰ তেজপুৰ মণ্ডলৰ বিশ্বনাথ চাৰিআলি শাখাতো ৰূপায়ণ কৰা হয়।
ভাৰত চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ব্যক্তিগতকৰণ কৰাৰ প্ৰচেষ্টা হাতত লোৱাৰ লগতে অসমৰ জনসাধাৰণৰ ইচ্ছাৰ বিপৰীতে সংশোধিত নাগৰিকত্ব আইন বলৱৎ কৰিছে বুলিও শ্ৰমিক সকলে প্ৰতিবাদৰ সময়ত উল্লেখ কৰে।
আনহাতে, শ্ৰমিক কৰ্মচাৰীক সুৰক্ষিত কৰা আইন সমূহ সংশোধন কৰাৰ নামত শ্ৰমিকৰ সংগ্ৰাম কৰাৰ অধিকাৰ কাঢ়ি নিবৰ বাবেও চৰকাৰে ষড়যন্ত্ৰ ৰছনা কৰিছে বুলি প্ৰতিবাদকাৰী সকলে কয়।
‘‘কেন্দ্ৰ চৰকাৰে শ্ৰমিকৰ প্ৰাপ্য সমূহ আদায় নিদিয়াকৈয়ে লাখ লাখ শ্ৰমিকক প্ৰতাৰণা কৰি কৰ্মৰ পৰা অব্যাহতি দিয়াৰ ব্যৱস্থা কৰিছে। অস্থায়ী কৰ্মীসকলক চাকৰি স্থায়ী নকৰাকৈয়ে কম মজুৰীত খটুৱাই আহিছে।আজি সমগ্ৰ দেশজুৰি হোৱা সাধাৰণ ধৰ্মঘটৰ জৰিয়তে আসাম ষ্টেট পাৱাৰ ৱ’ৰ্কাচ ইউনিয়নে ভাৰত চৰকাৰ তথা অসম চৰকাৰক দাবী জনাও যে, চৰকাৰে শ্ৰমিক বিৰোধী নীতি বন্ধ কৰাৰ লগতে অস্থায়ী কৰ্মীসমূহৰ চাকৰি স্থায়ী কৰক আৰু চাকৰি স্থায়ী নোহোৱালৈকে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিদ্দেৰ্শমৰ্মে সমকামৰ সমদৰমহা দিয়াৰ ব্যৱস্থা কৰক’’, এগৰাকী প্ৰতিবাদকাৰীয়ে উল্লেখ কৰে।
প্ৰতিবাদকাৰী সকলে কৰ্মচাৰীসকলৰ বাবে চৰকাৰে প্ৰযোজ্য কৰা নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখক আৰু অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ উওৰসূৰী কোম্পানীৰ নিজৰ বিদ্যুত উৎপাদন বৃদ্ধি কৰি কোম্পানীক স্বনিৰ্ভৰশীল কৰি তোলাৰ পদক্ষেপ লবলৈও আহ্বান জনায়।
উল্লেখযোগ্য যে, আসাম ষ্টেট পাৱাৰ ৱৰ্কাচ য়ুনিয়নে আজিৰ সাধাৰণ ধৰ্মঘটৰ সময়চোৱাত জৰুৰীকালীন সেৱা সমূহ চলি থাকিৱ বুলি কোৱাৰ লগতে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ জীয়াই ৰখাৰ লগতে শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে অনাগত দিনতো সংগ্ৰাম অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মত প্ৰকাশ কৰে।