NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত আজিৰ পৰা আৰম্ভ হ’ব আমন্ত্ৰণমূলক সৰ্বভাৰতীয় ফুটবল টুৰ্ণামেণ্ট

November 23, 2018 11:24 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ ফুটবল একাডেমিৰ সহযোগত আজিৰ পৰা ডিব্ৰুগড়ৰ স্থানীয় চৌকিডিংগি খেলপথাৰত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি গুণাৰাম ঢেকিয়াল আৰু সাধাৰণ সম্পাদক শুভ বৰুৱা সোঁৱৰণী চতুৰ্থ বাৰ্ষিক সৰ্বভাৰতীয় আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিযোগিতাখনত এইবাৰ মুঠ আঠটা দলে অংশগ্ৰহণ কৰিব বুলি সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীয়ে জানিবলৈ দিয়ে।

মণিপুৰৰ নিচা এফ চি, চিলঙৰ মাল্কী স্প’ৰ্টছ ক্লাব, গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, জম্মু-কাশ্মীৰৰ ২৫নং মেক, চিলঙৰ লাজং এফ চি, দুলীয়াজানৰ অইল এফ চি, মণিপুৰৰ ছংগল-বন য়ুনাইটেড ফুটবল ক্লাব আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ফুটবল একাডেমিৰ ডিব্ৰুগড় দলে প্ৰতিযোগিতাখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। 

জানিব পৰা মতে আজি সন্ধিয়া ৫ বজাত প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি হ’ব। উদ্বোধনী খেলখনত মণিপুৰৰ নিচা ফুটবল ক্লাব আৰু চিলঙৰ মাল্কী স্প’ৰ্টছ ক্লাবে প্ৰতিদ্বন্দ্বিতা কৰিব।

Related News