NORTHEAST NOW (Assamese)

অহা ১০ জানুৱাৰিত অনুষ্ঠিত হ’ব সৈনিক স্কুলৰ ২০২১’ৰ প্ৰৱেশ পৰীক্ষা

November 7, 2020 12:58 pm · এন ই নাও নিউজ
সৈনিক স্কুল, গোৱালপাৰা।

নেশ্যনেল টেষ্টিং এজেন্সি (এন টি এ)য়ে পৰিচালনা কৰা সৰ্ব ভাৰতীয় সৈনিক স্কুলৰ ২০২১বৰ্ষৰ বাবে প্ৰৱেশ পৰীক্ষা অহা ২১’ৰ ১০ জানুৱাৰিত অনুষ্ঠিত হ’ব।

দেশৰ ২৩খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত থকা ৩৩খন সৈনিক স্কুলত ষষ্ঠ আৰু নৱম শ্ৰেণীত নামভৰ্তিৰ বাবে এই প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা এক বিজ্ঞপ্তি অনুসৰি অনলাইন আবেদন প্ৰক্ৰিয়া যোৱা ২০ অক্টোবৰত আৰম্ভ হৈছে আৰু অহা ১৯ নৱেম্বৰত সামৰণি পৰিব।

প্ৰাৰ্থীসকলে https://aissee.nta.nic.in.ৱেবছাইটত পঞ্জীয়ন কৰাৰ পাছত তেওঁলোকৰ আবেদনসমূহ দাখিল কৰিব লাগিব।

ইচ্ছুক প্ৰাৰ্থীসকলে নামভৰ্তি সম্পৰ্কীয় সকলো তথ্য এন টি এৰ ৱেবছাইট www.nta.ac.in. ৰ পৰা সংগ্ৰহ কৰিব পাৰে।

আনহাতে, এতিয়া  ২০২১-২২ শিক্ষাবৰ্ষৰ পৰা এই সকলো ৩৩খন সৈনিক স্কুলতে ছাত্ৰীসকলেও নামভৰ্তিৰ বাবে যোগ্য বিবেচিত হ’ব।

Related News