অসম-মিজোৰাম সীমান্তত কাছাৰ জিলাৰ এগৰাকী ব্যক্তিক হত্যা কৰা ঘটনাৰ প্ৰতিবাদত আজি বৰাক উপত্যকাত ১২ ঘণ্টীয়া বন্ধ পালন কৰা হয়।
৩ নৱেম্বৰত সদৌ কাছাৰ-কৰিমগঞ্জ-হাইলাকান্দি ছাত্ৰ সন্থাই ৭ নৱেম্বৰত ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ বৰাক উপত্যকা বন্ধ ঘোষণা কৰিছিল।
‘‘এই বন্ধ মিজো সকলে অসমৰ ভূমিত অনাধিকাৰ প্ৰৱেশ কৰি দখল কৰিবলৈ কৰা চেষ্টা আৰু অসমৰ লোকক হত্যা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ,’’ ছাত্ৰ সংগঠনটোৰ উপদেষ্টা ৰূপম নন্দী পুৰুকায়স্থই এইদৰে কয়।
ছাত্ৰ সংগঠনটোৱে অসম-মিজোৰাম সীমান্তৰ সংঘাতময় অঞ্চলত ৰাষ্ট্ৰপতি শাসন দিয়াৰ বাবেও দাবী জনোৱাৰ লগতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ হাতত সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।
শনিবাৰে ১২ ঘণ্টীয়া বৰাক বন্ধৰ সময়ত শিলচৰকে ধৰি বিভিন্ন অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।
বন্ধৰ সময়ছোৱাত শিলচৰ চহৰকে ধৰি বিভিন্ন অঞ্চলত দোকান-পোহাৰ আৰু যানবাহনৰ চলাচল আছে।