সৰ্বভাৰতীয় ভূমি অধিকাৰৰ আন্দোলন

প্ৰতিনিধিত্বমূলক ছবি

২০১৩ বৰ্ষত যেতিয়া কংগ্ৰেছ চৰকাৰৰ আমোলত পূৰ্বৰ ভূমি অধিগ্ৰহণ আইনখনৰ ঠাইত নকৈ ভূমি অধিগ্ৰহণ আইনখন প্ৰণয়ন কৰা হৈছিল তেতিয়া সৰ্বস্তৰত মূলতঃ দুটা প্ৰশ্ন উত্থাপিত হৈছিল—

কংগ্ৰেছ চৰকাৰৰ আমোলত ভূমি অধিগ্ৰহণৰ দিশত আনিব খোজা এনে সংস্কাৰবোৰে এক নতুন ৰূপ পৰিগ্ৰহণ কৰিলে মোডী চৰকাৰৰ আমোলত।

বিশেষকৈ ৰাষ্ট্ৰীয় প্ৰয়োজনত, স্মাৰ্ট চিটি নিৰ্মাণ আদি বিষয়ত যেতিয়া মোডী চৰকাৰে অধ্যাদেশ আনি হ’লেও বলপূৰ্বকভাৱে ভূমি অধিগ্ৰহণৰ দিশত আগবাঢ়িল আৰু ভাৰতবৰ্ষৰ বহু প্ৰান্তত (বিশেষকৈ ঝাৰখণ্ড, উত্তৰাখণ্ড আদি প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এলেকাত) আদিবাসী-দলিত আদি সম্প্ৰদায়ৰ লোকৰ ভূমি অধিকাৰ নাকচ কৰি কোম্পানীবোৰক ভূমি লীজত দিবলৈ যো-জা চলোৱা হ’ল তেতিয়াই ভূমি অধিকাৰ বিষয়টোৰ ক্ষেত্ৰত দেশজুৰি ভালেমান চিন্তা-চৰ্চা আগবাঢ়িল।

এনে এক প্ৰেক্ষাপটতে বিগত কিছু বছৰত ভাৰতবৰ্ষত জন্মলাভ কৰিছে ‘ৰাষ্ট্ৰীয় ভূ-অধিকাৰ মৰ্চা’ শীৰ্ষক এক দেশব্যাপী গঢ় লৈ উঠা এক সাংগঠনিক তৎপৰতাৰ।

২০১৯ বৰ্ষৰ ১৪ ৰ পৰা ১৫ এপ্ৰিলৰ ভিতৰত মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত ‘ভূমি অধিকাৰ’ বিষয়ক এখন দুদিনীয়া সৰ্বভাৰতীয় আলোচনা অনুষ্ঠিত হৈছিল। দেশৰ প্ৰায় ১৫ খন ৰাজ্যৰ ৮০ গৰাকী প্ৰতিনিধিয়ে ভাগ লোৱা এই আলোচনাৰ মূল বিষয় আছিল দলিত জনজাতীয় লোক আৰু মহিলাৰ ভূমি অধিকাৰ।

এই আলোচনাৰ কেন্দ্ৰীয় বিষয়বোৰ আছিল নিম্নোক্ত ধৰণৰ—

ভূপালত অনুষ্ঠিত এই সন্মিলনত ভাৰতবৰ্ষৰ জনসাধাৰণৰ ভূমি অধিকাৰ বিষয়ত সাংবিধানিক উপবন্ধৰ লগতে অন্যান্য কিছু বিষয় প্ৰসংগক্ৰমে আলোচনা কৰা হৈছিল। ইয়াত কোৱা হৈছিল যে, যিহেতু ভাৰতবৰ্ষৰ সংবিধানে ২১ নং অনুচ্ছেদৰ অধীনত দেশখনৰ প্ৰতিজন নাগৰিকক ‘জীৱনৰ অধিকাৰ’ (Right to life) প্ৰদান কৰিছে, সেয়েহে এই অধিকাৰৰ অৰ্থ হৈছে মৰ্যাদাপূৰ্ণ জীৱন যাপন, যথাযথ গৃহৰ সুবিধা, স্বাস্থ্যসন্মত খাদ্য, জীৱিকা, পানী আৰু সুৰক্ষাৰ অধিকাৰ।

ভূমি হৈছে এনে এবিধ সম্পদ যিয়ে নেকি পৰিয়ালৰ বিকাশ সুস্থিৰ কৰি ৰাখে। ভাৰতবৰ্ষৰ নিচিনা এখন কৃষি নিৰ্ভৰশীল দেশৰ ৫৪.৬ শতাংশ লোক কৃষি তথা ইয়াৰ লগত জড়িত কামৰ সৈতে সম্পৃক্ত হৈ আছে।

২০১৫-১৬ৰ কৃষি সমীক্ষা অনুযায়ী দেশখনৰ কৃষিকাৰ্য কৰা এলেকা ১৫৯.৯৯ মিলিয়ন হেক্টৰৰ পৰা (২০১০-১১) ১৫৭-১৪ মিলিয়ন হেক্টৰলৈ হ্ৰাস পাইছে। একেদৰে গড় হিচাপত খেতি কৰা মাটিৰ পৰিমাণ  ২০১০-১১ৰ ১.১৫ হেক্টৰৰ তুলনাত ১.০৮ হেক্টৰলৈ হ্ৰাস পাইছে।

এই সময়ছোৱাত সমগ্ৰ দেশখনতে ভূমিহীন লোকৰ সংখ্যা হৈ পৰিছে ১০১ মিলিয়ন।

ভূপালত হোৱা এই আলোচনাত দেশখনৰ বিভিন্ন প্ৰান্তৰ ভূমি আন্দোলনৰ কৰ্মীসকলে ভূমিহীন লোকৰ সংখ্যা বৃদ্ধি আৰু কৃষিভূমিৰ ওপৰত হোৱা আগ্ৰাসনৰ কিছু কাৰক চিনাক্ত কৰিবলৈ সক্ষম হৈছিল আৰু এইবোৰ হৈছে—

সেই আন্দোলনৰ উদ্দেশ্যক সাৰোগত কৰি যোৱা ২১ আৰু ২২ জুনত ঝাৰখণ্ডৰ ৰাজধানী চহৰ ৰান্সীত এক আলোচনা সভাৰ আয়োজন হয়। ৰাষ্ট্ৰীয় ভূ-অধিকাৰ মৰ্চা শীৰ্ষক এই আলোচনাত এই লেখকো এগৰাকী প্ৰতিনিধি হিচাপে উপস্থিত আছিলো।

পৰিৱৰ্তিত প্ৰেক্ষাপটত আৰু সমাগত সময়ত ভূমিৰ ওপৰত ব্যাপক আগ্ৰাসনৰ শংকাক এই আলোচনাত বিস্তৃতভাৱে আলোচনা কৰা হয়। সাংগঠনিক আৰু বিধিগতভাৱে এনে শংকাক কেনেদৰে প্ৰতিহত কৰিব পৰা যায় তাৰ বাবে কিছু কৌশলৰ কথাও ৰান্সী ঘোষণাত সন্নিৱিষ্ট কৰা হয়।

ৰাষ্ট্ৰীয় পৰ্যায়ত আৰম্ভ হোৱা এনে ভূমি আন্দোলনে যে সমাগত সময়ত দেশৰ ৰাজনীতিৰ এক কেন্দ্ৰীয় বিষয় হৈ পৰিব তাক আমি এতিয়াই স্বীকাৰ কৰি লোৱা উচিত।

 

(লেখকৰ ই-মেইল ঃ kishorassam@gmail.com)