• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিদুৰভাই সংবাদ

ৰিমলী বৰকটকী

by
July 20, 2024 5:13 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদুৰভাই-নামটো অসমবাসী অধিকাংশ লোকৰে বাবে অপৰিচিত নহয়। আজিৰ পৰা কেইটিমান বছৰ পূৰ্বে এই নামৰ ৱেব ছিৰিজ নিৰ্মাণ কৰি দৰ্শকৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিলে। সেই ছিৰিজৰ আলমতেই মূলতঃ হাস্যৰসধৰ্মী এই বিদুৰভাই চলচ্চিত্ৰখনে মুক্তি লাভ কৰিব অহা ১৯ জুলাই তাৰিখে। ছবিখন পৰিচালনা কৰিছে সুব্ৰত কাকতিয়ে। কাহিনী সুব্ৰত কাকতি আৰু জ্যোতিষ্মান চেতিয়াৰ। চিত্ৰনাট্য লিখিছে সুব্ৰত কাকতিয়েই।

   বিদুৰভাই ছবিখনৰ কাহিনীৰ আৰম্ভণি পূৰ্বৰ ছিৰিজৰ পিছৰ পৰা। লকডাউনৰ সময়ত আৰম্ভ হোৱা এই কাহিনী লাহে লাহে স্বাভাৱিক অৱস্থালৈ আহে। আৰ্থিকভাৱে জুৰুলা চাৰি বন্ধু উজ্জ্বল,নীতু,বলিন আৰু দ্বীপে লগ লাগি যি বেঁ‌কা বাটেৰে অৰ্থ উপাৰ্জন কৰিছিলে,তাক লৈ কম-বেছি পৰিমাণে আটাইৰে মনত ভয় উপজে। লকডাউনৰ মাজত ৱাইন শ্বপত থেলা-হেঁ‌চাৰ মাজত অৰ্থৰ শক্তিৰে বলিয়ান চাৰিওৱে হৈ সুৰা কিনিবলৈ যোৱাৰ দৃশ্যৰে আৰম্ভণি। এই দৃশ্যটোৰেই আৰম্ভণিতেই কিছু কৌতূহল জগাবলৈ সক্ষম হৈছে। ভয় আৰু অপৰাধবোধক নেওচা দিব নোৱাৰা চাৰিও বন্ধুৱে কি কৰে আৰু তাৰ ফলশ্ৰুতিত পৰ্যায়ক্ৰমে কি কি ঘটনাপ্ৰৱাহৰ মাজেৰে তেওঁলোক পাৰ হ’ব লগা হয় তাৰেই যাত্ৰা বিদুৰভাই। এইখিনিতে উল্লেখ কৰিব লাগিব যে ছবিখনত হাস্যৰসৰ উপাদান আৰম্ভণিৰে পৰাই অফুৰন্তভাৱে আছে। নতুন পথেৰে উপাৰ্জনৰ বাট মুকলি কৰাৰ পিছত অহা বাধাবোৰ,জটিলতাবোৰৰ মাজতো কিদৰে এই হাস্যৰসক আগুৱাই নিয়া হৈছে সেইয়া এক প্ৰশংসনীয় বিষয়। চলচ্চিত্ৰ এখনত কোনো হেঁ‌চা প্ৰয়োগ নকৰাকৈ দৰ্শকক স্বতঃস্ফূৰ্তভাৱে প্ৰাণখুলি হাঁ‌হিবলৈ বাধ্য কৰিব পৰাতো এক কলা। বিদুৰভাইত এই কলাৰ সুন্দৰকৈ প্ৰয়োগ ঘটিছে। কাহিনী ছবিৰ আৰম্ভণিৰ পৰাই গতিশীল আৰু পৰৱৰ্তী অংশত কি হ’ব সেয়া চাবলৈ আগ্ৰহ জন্মাব পৰাবিধৰ। আন এক উল্লেখনীয় দিশ হৈছে সংলাপ। হাস্যৰসৰ মাজেৰে  এনে কিছু শক্তিশালী তথা বাস্তৱমুখী সংলাপৰ ব্যৱহাৰ কৰা হৈছে যে মানুহে সংলাপতো হাত তালি দিবলৈ বাধ্য হ’ব। সাধাৰণ শ্ৰেণীৰ মানুহৰ সংগ্ৰামৰ সকলো কথা,বেথাক ছবিখনত  দৰ্শোৱা হৈছে।যৌনকেন্দ্ৰিক অত্যাচাৰৰ বলি যে অকল নাৰীয়েই নহয়,পুৰুষো কেতিয়াবা হ’ব পাৰে,এনে এটি ষ্পৰ্শকাতৰ বিষয়কো অতি সংবেদনশীলতাৰে এক সমতুল্য হিচাপত ব্যংগৰ আৰু বেথাৰ সংমিশ্ৰণৰ মাজেৰে দেখুওৱা হৈছে। হাস্যৰসৰ লগতে দুখ-যন্ত্ৰণা,হাঁ‌হি,প্ৰেম,শিহৰণ,কৌতূহল,উত্তেজনা-এই প্ৰায় সকলোধৰণৰ আৱেগৰ  এখন সু-সংৰচিত চিত্ৰনাট্য আৰু পৰিচালনা বিদুৰভাইৰ এনে শক্তিশালী দিশবোৰৰ এক অন্যতম কাৰক।

   মধ্যাংশৰ পৰা উত্তেজনা আৰু কৌতূহল কিছু বৃদ্ধি পাবলৈ ধৰে। ছবিখনৰ সম্পূৰ্ণ সংগীত ব্যৱস্থাপনা কৰিছে প্ৰণয় দত্তই। যিটো বিদুৰভাইৰ আন এক শক্তিশালী দিশ। পৰিস্থিতি সাপেক্ষ আৱহ-সংগীত আৰু প্ৰয়োজনত কৰা শ্ৰুতিমধুৰ গীতৰ ব্যৱহাৰ প্ৰশংসনীয়। এইখিনিতেই উল্লেখনীয় এটি কথা যে-বিদুৰভাই ছবিখনত কোনো তাৰকা অভিনয় শিল্পী নাই। অধিকাংশই চুমকী কছাৰী আৰু নিতু খনিকৰ,উজ্জ্বল ৰাজখোৱা,পংকজ মহন্ত,বলিন বৰা,ত্ৰৈলোক্য বৰুৱাকে আদি কৰি কেইখনমান মুখহে অসমৰ ৰাইজৰ বাবে ভালদৰে চিনাকি মুখ। পিছে এইকেইজন অভিনয় শিল্পীয়ে যি অনবদ্য অভিনয় কৰিছে,তেওঁলোকৰ বাদে আন কোনো সেই চৰিত্ৰসমূহত খাপ খাব যেন বোধেই নহ’ল। তাৰকা শিল্পী  নোহোৱাকৈ ইমানখিনি মনোৰঞ্জনৰ খোৰাক যোগাব পৰা ছবি এখন নিৰ্মাণ কৰিবলৈ অসমত এতিয়াও সাহসৰ প্ৰয়োজন থাকিবলগীয়া সময়েই চলি আছে। অভিনয় যিহেতু আন এক শক্তিশালী দিশ বিদুৰভাইৰ,গতিকে ছবিখনৰ চৰিত্ৰ নিৰ্বাচনকৰ্তাকো শলাগিব লাগিব। আন এক ভাল লগা তথা ইয়াতো শক্তিশালী শব্দটোৰ ব্যৱহাৰ কৰিব লাগিব। সেইটো হৈছে ছবিখনৰ সম্পাদনাৰ দিশটো। পৰিচালক,চিত্ৰনাট্যকাৰ সুব্ৰত কাকতিৰ সুনিপুণ হাতৰ কাম সম্পাদনাৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গ’ল। বিতুল দাসৰ চিনেমেট’গ্ৰাফীও সুন্দৰ হৈছে।

Apply Now

   অভিনয়ৰ ক্ষেত্ৰত পূৰ্বে উল্লেখ কৰাৰ দৰে নিতু খনিকৰ, চুমকী কছাৰী,পংকজ মহন্ত,বলিন বৰা,ত্ৰৈলোক্য বৰুৱা,উজ্জ্বল ৰাজখোৱা,শৰ্মিষ্ঠা দাসকে আদি কৰি সকলোৰে অভিনয় ইমানেই সহজ যে তেওঁলোকক আপোনাৰ ঘৰৰে কোনোবা এজন যেন অনুভৱ হ’ব। এই আটাইৰে মাজত উজ্জ্বল ৰাজখোৱাৰ অভিনয়ে অধিক মুগ্ধ কৰিলে। ছবিখনৰ আৰম্ভণিৰ দৰেই অন্তও প্ৰত্যশিত যেন লাগিও হঠাতে অপ্ৰত্যাশিত হৈ উঠাবিধৰ। মুঠতে এক কথাত ক’বলৈ গ’লে সম্পূৰ্ণ মনোৰঞ্জনৰ এটি পেৰা বিদুৰভাই। অৱশ্যে পূৰ্বৰ ছিৰিজটো চোৱাসকলৰ বাবে অধিক উপভোগ্য হ’ব ছবিখন।
-ৰিমলী বৰকটকী।
Mail- [email protected]

Stay Connected

  • 117k Fans

Recent News

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

June 4, 2026 10:48 am
ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

June 4, 2026 9:48 am
ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

June 4, 2026 9:47 am
মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

June 4, 2026 9:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

June 4, 2026 10:48 am
ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

June 4, 2026 9:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd