• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

কোনটো কথা বিশ্বাস কৰোঁ ?

কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
July 12, 2024 10:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকাশবাণী, গুৱাহাটীৰ পৰা প্ৰচাৰিত এখন নাটকৰ কথা শেহতীয়াভাবে মনলৈ আহিছে। প্রাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ত নাটখন শুনিছিলো। সম্ভৱতঃ নাটকখনৰ ৰচনা আছিল প্রয়াত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ। কাহিনীটো আছিল এনেধৰণৰঃ বিদ্যালয়ৰ তলৰ শ্ৰেণীত পঢ়ি থকা এটা পৰিয়ালৰ ল’ৰা-ছোৱালী এহালে নিশাৰ পৰত পাছদিনাখন সিহঁতৰ বিদ্যালয়ৰ ফালৰপৰা আয়োজন কৰা বনভোজৰ বাবে লগত নিব লগা আচবাব, টালি-টোপোলা আদি ঠিক কৰি আছে। পাছদিনাখন পুৱাৰ ভাগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীবোৰ বনভোজলৈ ওলাই যাব। লগত বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্রীসকলো যাব। মাকৰ সৈতে অতি স্ফূৰ্তিৰে বনভোজৰ বাবে লগত নিব লগা সা-সামগ্ৰীবোৰ ঠিক কৰি থকাৰ সময়তে ঘৰলৈ প্ৰত্যাৱর্তন ঘটিল সুৰাসক্ত পিতৃৰ। দেউতাকে তেনেদৰে মদ খাই ঘৰলৈ উভতাৰ দৃশ্যটো ল’ৰা- ছোৱালীহালৰ বাবে এক পৰিচিত দৃশ্য। মাক আৰু ল’ৰা-ছোৱালীহালে কিবা এক প্রস্তুতি চলাই থকা দেখি দেউতাকে কি কৰি আছ বুলি প্রশ্ন সুধিলে। তেতিয়া ল’ৰা-ছোৱালীহালে পাছদিনাখন পুৱাবেলাতে যে সিহঁতৰ বিদ্যালয়ে আয়োজন কৰা বনভোজলৈ যাব আৰু তাৰ বাবে লগত নিব লগা সামগ্ৰীবোৰ গোটাই আছে তাক দেউতাকক জনালে। কথাষাৰ শুনিদেউতাক যেন খঙত টিঙিৰি-তুলা হৈ পৰিল। মাক আৰু ল’ৰা-ছোৱালীহালক পোনছাটে ধমক দিলে ” মই ইমান কষ্ট কৰি ঘৰখন টানি-টুনি চলাই আছো আৰু তহঁতি ৰং-ৰইচ কৰিবলৈ বনভোজলৈ যাব। নোৱাৰ যাব।”

দেউতাকৰ এনে ধমক শুনাৰ পাছত বনভোজৰ সকলো আয়োজনত যেন চেঁচা পানী পৰিল। বনভোজৰ প্রস্তুতি তাতেই সামৰি ল’ৰা-ছোৱালী দুজনে, হতাশ আৰু মৌন হৈ বিছনাত পৰিল। সুৰাসক্ত দেউতাকৰ গালি-গালাজ কিছুপৰ চলি থাকিল। পাছদিনাখন পুৱাৰ ভাগতে সিহঁতৰ ঘৰৰ পদুলিত বনভোজলৈ বুলি যাব লগা বাছখন হাজিৰ হ’ল। বাছখনে দুবাৰ-তিনিবাৰ হৰ্ণ বজোৱাৰ পাছতো ল’ৰা-ছোৱালীহালৰ একো উমঘাম নেদেখি দেউতাকে লৱৰি আহি ক’লে- “অ’ই তহঁতৰ বনভোজৰ বাছ আহি পালেই দেখো। তহঁত দুয়ো সাজু হোৱা নাই কিয়? “তেতিয়া ল’ৰা- ছোৱালী হালে দেউতাকক ক’লে যে সিহঁতে বনভোজলৈ নোযোৱাৰ সিদ্ধান্ত লৈছে। গতিকে সিহঁতি বনভোজলৈ নাযায়। দেউতাকে আচৰিত হৈ ল’ৰা-ছোৱালীহালক সুধিলে

– ” তহঁতি কিয় নাযার বনভোজলৈ? কোনে কি জগৰ লগালে?”

Apply Now

তেতিয়া ল’ৰা-ছোৱালী দুটাই দেউতাকক ক’লে-” দেউতা যেতিয়ালৈকে আপোনাৰ দিন আৰু ৰাতিৰ কথাবোৰ বেলেগ হ’ব আমি আপোনাৰ ৰাতিৰ কথাবোৰহে বিশ্বাস কৰিম।”

নাটখনৰ প্ৰসংগ মনলৈ আহিছে অন্য এক ৰাজনৈতিক সন্দৰ্ভত। অসমত ভাৰতীয় জনতা পার্টিব নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত, কংগ্ৰেছ দলৰপৰা গৈ বিজেপিত যোগদান কৰা হিমন্ত বিশ্ব শৰ্মাক সৰ্বানন্দ সোণাৱালৰ মন্ত্রীসভাত বিত্তমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিল। ২০১৬ চনৰ, ২৬ জুলাইত অসম চৰকাৰৰ বিত্তমন্ত্ৰীৰ বাজেট ভাষণত বিত্তমন্ত্রী শ্রীহিমন্ত বিশ্ব শর্মাই ‘হিতাধিকাৰী’ সন্দৰ্ভত কেইটামান গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াইছিল। হিতাধিকাৰী ব্যৱস্থাটোৱে বাজেটৰ পৱিত্ৰতাক কেনেদৰে ম্লান কৰি পেলাইছিল সেই সন্দর্ভত তদানীন্তন বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই এনেদৰে কৈছিল “পৰিকল্পনা বহির্ভূত শিতানৰ ব্যয় যোৱা কিছু বছৰ ধৰি বৃদ্ধি পাবলৈ ধৰিছে। বিগত কেইটামান বছৰৰ বাজেট পৰিপূৰ্ণ হৈ আছিল ব্যক্তিগত হিতাধিকাৰীৰ লাভালাভৰ বাবে প্ৰস্তুত কৰা আঁচনিৰে। তেনে আঁচনিবোৰে ৰাজ্যৰ বিকাশ ত্বৰান্বিত কৰিব নোৱাৰে। বিগত সময়ত দেখা গৈছে ঘোষিত এনে আঁচনি ৰূপায়ণ নোহোৱাকৈ ৰৈ গৈছে। কোনো কোনো ক্ষেত্ৰত ৰূপায়িত হোৱা আঁচনিও সম্পূর্ণ নোহোৱাকৈ থাকি গৈছে। আন কোনো ক্ষেত্রত সম্পূৰ্ণ হোৱা আঁচনিৰ বিপৰীতে পর্যাপ্ত ৰাজহৰ অভাৱত ধন মোকলাই দিবলৈ বাকী আছে। এই আটাইবোৰৰ ফলাফল হৈছে ৰাজ্যৰ ৰাজকোষৰ ওপৰত অসহনীয় ধাৰৰ বোজা। কেনেদৰে এই বৃহৎ আর্থিক দায়ৰ সত্যাসত্য বিচাৰ কৰি, দিবলগীয়া ধন মুকলি কৰি দিয়া যায় সেয়াহে গুৰুত্বপূৰ্ণ কথা। তাৰ বাবে যথেষ্ট সময়ৰ প্রয়োজন। এই সমগ্র ব্যৱস্থাটোৱে বাজেটৰ পৱিত্ৰতাক বহু পৰিমাণে ম্লান কৰি পেলাইছে।” (উৎসঃ অসম চৰকাৰ, বিত্ত মন্ত্ৰীৰ বাজেট ভাষণ, ২০১৬-২০১৭, পৃষ্ঠাঃ৭-৮)

হিতাধিকাৰী আঁচনিয়ে যে ৰাজ্যখনৰ বিকাশ ত্বৰান্বিতকৰণ, ন্যায্যতা নিশ্চিতকৰণ অথবা নিয়োজন কোনো ক্ষেত্ৰতে অৰিহণা নিদিয়ে সেই সন্দর্ভত তেওঁ পুনৰ বাজেট ভাষণত কৈছিল ” প্রথমে আহে বছৰৰ পাছত বছৰ ধৰি চৰকাৰে ঘোষণা কৰা অসংখ্য আঁচনিৰ কথা। সেইবোৰৰ বেছিভাগেই ঘোষণা কৰা হয় সদনৰ বাহিৰত, নতুন বছৰৰ উপলক্ষে, স্বাধীনতা দিৱসৰ উপলক্ষে অথবা গণতন্ত্র দিৱসৰ উপলক্ষে। এই আঁচনিবোৰৰ অধিকাংশই ব্যক্তিগত হিতাধিকাৰীৰ লাভালাভৰ বাবে ঘোষিত আঁচনি। ৰাজ্যখনৰ বিকাশ ত্বৰান্বিতকৰণ, ন্যায্যতা নিশ্চিতকৰণ অথবা নিয়োজন কোনোটো ক্ষেত্রতে এই আঁচনিবোৰৰ কোনো অৰিহণা দেখা নাযায়। এতিয়া এইবোৰৰ পুনৰীক্ষণ কৰি এক নির্ণায়ক পদক্ষেপ লোৱা প্রয়োজন। বিকাশমুখী আঁচনিসমূহ পুনৰুজ্জীৱিত কৰি তোলা প্রয়োজন যাতে এই সমূহত ব্যৱহাৰ হোৱা প্ৰতিটো টকাৰ বিপৰীতে কেইবাগুণো বিকাশ সাধন কৰিব পৰা যায়। দ্বিতীয়তে, অসংখ্য আৰু একেধৰণৰ আঁচনিৰ অধিক্যই তথা বিভিন্নধৰণৰ ৰাজ সাহায্যৰ ঘোষণাই বছৰৰ পাছত বছৰ জুৰি বাধ্যতামূলক আর্থিক দায়বদ্ধতাৰ (Committed Liability) সৃষ্টি কৰি ৰাজকোষৰ ওপৰত হেঁচা প্রয়োগ কৰি আহিছে। এই পৰিপ্ৰেক্ষিতত মই বৰ্তমানৰ বাজেটত শুদ্ধ বিবেচিত হোৱা আৰু আইনসংগত বাধ্যতামূলক আর্থিক দায়সমূহৰ বাহিৰে বাকীবোৰ অন্তর্ভুক্ত নকৰাৰ প্রস্তাৱ ৰাখিছোঁ। তদুপৰি মই এখন তিনিজনীয়া আয়োগৰ জৰিয়তে চৰকাৰৰ হাতলৈ অহা বাধ্যতামূলক আর্থিক দায়বদ্ধতাৰ সকলোবোৰ প্রস্তাৱ পৰীক্ষা কৰি সত্যাসত্য নিৰূপণ কৰাৰ প্রস্তাৱ ৰাখিছোঁ। যাতে ন্যায়সংগত প্রস্তাৱসমূহহে বিবেচনাৰ অধীনলৈ আনি পৰিপূৰক অথবা বার্ষিক বাজেটৰ জৰিয়তে পৰিশোধ কৰিব পৰা যায়।” (উৎসঃ অসম চৰকাৰ, বিত্ত মন্ত্ৰীৰ বাজেট ভাষণ, ২০১৬-২০১৭, পৃষ্ঠাঃ ২১-২২)

আজি সুদীর্ঘ আঠটা বছৰৰ পাছত ২০২৪ চনৰ ফেব্ৰুৱাৰীত সেই একেই অসম বিধান সভাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কৈছে যে হিতাধিকাৰী সৃষ্টি কৰি তেওঁ গৌৰৱান্বিত। তেওঁ কৈছিল “হু ইজ বিকাম এমপাৱাৰৰ্ড থু বেনিফিটছ। হিতৰ অধিকাৰী। ইমান শুৱলা শব্দ। আমিটো সম্মিলন পাতি দিও। হিতাধিকাৰী সম্মিলন। লাভার্থী সম্মিলন। কিয়! হিতৰ অধিকাৰীতকৈটো ডাঙৰ কথা একো নাই। কিছুমানে আন্দোলনৰ অধিকাৰী কৰে। আমি হিতৰ অধিকাৰী কৰো। গতিকে হিতৰ অধিকাৰী, হিতাধিকাৰী, ভেবি ছুইট এণ্ড গুড ওৱৰ্ড। আৰু আমি সদায় ব্যৱহাৰ কৰিব লাগে, টানা ফালকে বোলনা চাহিয়ে কি আমি হিতাধিকাৰীৰ সৃষ্টি কৰিছো। গৌৰৱেৰে সৈতে ক’ব লাগে। “(উৎসঃ ডি ওবাই ৩৬৫, ডিজিটেল, ১৪ ফেব্ৰুৱাৰী, ২০২৪)

এতিয়া প্রশ্ন হ’ল আমি হিমন্ত বিশ্ব শৰ্মাৰ কোনটো বক্তব্যক বিশ্বাসত ল’ম? ২০১৬ চনত বিত্তমন্ত্রী হিচাপে অসম বিধান সভাৰ বাজেট ভাষণত হিতাধিকাৰী ব্যৱস্থাটোৰ বিৰুদ্ধে ওপৰত উল্লেখ কৰা মন্তব্যবোৰ নে হিতাধিকাৰীৰ সৃষ্টি কৰি গৌৰৱ অনুভৱ কৰা শেহতীয়া মন্তব্যষাৰ। সাধাৰণ নাগৰিক হিচাপে আমি সম্পূর্ণ বিপৰীত অৱস্থানৰ, পৰস্পৰ বিৰোধী এনে মন্তব্যৰ কোনটো মন্তব্যক হিমন্ত বিশ্ব শৰ্মাৰ আচল বক্তব্য বা তেওঁৰ মনৰ কথা বুলি গণ্য কৰিম! ২০১৬ চনৰ জুলাই মাহৰ মন্তব্যটো নে ২০২৪ ৰ ফেব্ৰুৱাৰী মাহত দিয়া মন্তব্যটো?

(লেখকৰ email – [email protected])

কিশোৰ কুমাৰ কলিতা

কিশোৰ কুমাৰ কলিতা

গুৱাহাটীস্থিত এজন নিয়মীয়া লেখক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd