“সকলো একত্ৰিত হৈ আছে, অগপত কোনো অন্তৰ্কন্দল নাই”, বিধায়িনী দলৰ বৈঠকৰ অন্তত সত্যব্ৰত কলিতা

AGP-Presedent-ATUL-BORA-570x320

ফাইল ফটো।

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অনুপস্থিতিৰে আজি অসম বিধানসভাৰ বিধায়িনী কক্ষত অনুষ্ঠিত অগপৰ বিধায়িনী দলৰ বৈঠকৰ পিছত বিধায়ক সত্যব্ৰত কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে এই বৈঠক লোকসভা নিৰ্বাচন সন্দৰ্ভত পৰ্যালোচনা বৈঠক আছিল। দলৰ কাৰ্যনিৰ্বাহক আৰু সাধাৰণ সভা সন্দৰ্ভতো আলোচনা হয়।

তেওঁ দলত কোনো কন্দল নাই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।

“অসম গণ পৰিষদৰ সকলো একত্ৰিত হৈ আছে। দলত কোনো অন্তৰ্কন্দল নাই”, ১৪জন বিধায়কৰ মাজৰে মহন্তৰ অনুপস্থিতি সত্ত্বেও কলিতাই কয়।

তেওঁ মহন্ত উপস্থিত থাকিব নোৱৰা কাৰণ দৰ্শাই কয়, ”প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰৰ উপনয়নৰ বাবে তেওঁ উপস্থিত থাকিব পৰা নাই”।

আনহাতে অলপতে খালী হ’ব লগীয়া ৰাজ্যসভাৰ দুখন আসনৰ এখন দলটোক দিয়াৰ বাবে বিজেপিৰ সৈতে ইতিমধ্যে আলোচনা হৈছে বুলি বিধায়কজনে দাবী কৰে।

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচন অসমত অন্ত পৰাৰ পিছত এইখন দলটোৰ প্ৰথম বৈঠক আছিল আৰু মহন্তৰ বাদে সকলো বিধায়ক উপস্থিত আছিল।

উপস্থিত থকাসকল : সভাপতি অতুল বৰা, বৃন্দাবন গোস্বামী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ৰেণুপমা ৰাজখোৱা, উৎপল দত্ত, নৰেন সোণোৱাল, ভৱেন্দ্ৰ নাথ ভৰালী, সত্যব্ৰত কলিতা, প্ৰদীপ হাজৰিকা, পবিন্দ্ৰ ডেকা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী আৰু গুণীন দাস। মুঠ ১৩জন বিধায়ক উপস্থিত আছিল।

কাইলৈ অৰ্থাৎ ১৪ মে’ত অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হ’ব। কাইলৈৰ বৈঠকত মহন্ত উপস্থিত থাকে নে নাথাকে সেয়া লক্ষণীয় হ’ব।