All-party meet: বিৰোধীৰ ককৰ্থনালৈ ভয়! সৰ্বদলীয় বৈঠকত অনুপস্থিত প্ৰধানমন্ত্ৰী মোদী

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি চৰকাৰৰ আহ্বানত নতুন দিল্লীত অনুষ্ঠিত হয় সৰ্ব দলীয় বৈঠক।

দেশৰ ৩১ টা ৰাজনৈতিক দলৰ ৪২ গৰাকী নেতাই যোগদান কৰা সৰ্বদলীয় বৈঠকত পিছে সকলোকে আচৰিত কৰি উপস্থিত নাথাকিল খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ইে।

সৰ্ব দলীয় বৈঠকত মোদী অনুপস্থিত থকাৰ বিষয়টোকলৈ বিভিন্ন দলৰ প্ৰতিনিধিৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলে মোদীৰ অনুপস্থিতিৰ বিষয়টোকলৈ সৰৱ হৈ পৰাৰ সময়তে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে সৰ্বদলীয় বৈঠকত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়েই ইমান দিনে যোগদান কৰি আহিছে যদিও সেই পৰম্পৰা ভংগ কৰি মোদীয়ে প্ৰথমে সৰ্বদলীয় সভাত উপস্থিত থাকিবলৈ আৰম্ভ কৰিছিল।

কিন্তু আজি বিশেষ অসুবিধাৰ বাবে মোদীয়ে সৰ্বদলীয় বৈঠকত উপস্থিত থাকিব নোৱাৰিলে বুলি প্ৰহ্লাদে কয়।

ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গেই কয় যে সকলোৱে মোদী সৰ্ব দলীয় বৈঠকত উপস্থিত থাকিব বুলি আশা কৰিছিল ।

বিৰোধী দলৰ লগতে আন দলসমূহৰ প্ৰতিনিধিয়ে মোদীক এই বৈঠকতে কৃষি আইনৰ বিলোপ সম্পৰ্কত প্ৰশ্ন কৰিলেহেঁতেন বুলি খৰ্গেই মন্তব্য কৰে।সৰ্দলীয় বৈঠকত বিভিন্ন দলৰ নেতাসকলে মূল্যবৃদ্ধিকে ধৰি পেগাছাচ,নিৱনুৱা সমস্যা আদিৰ বিষয়ত সৰৱ হৈ পৰা পৰিলক্ষিত হয়।

সৰ্বদলীয় বৈঠকত দেশৰ বিভিন্ন ৰাজ্যত বিএছএফৰ ক্ষমতা বৃদ্ধিৰ বিষয়টোকলৈয়ো বহু নেতা সৰৱ হৈ পৰা দেখা যায়।

বিশেষকৈ তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ’ ব্ৰিয়েন আৰু সুদীপ বন্দোপাধ্যায়ে বিষয়টোকলৈ সৰৱ হৈ পৰে।

উল্লেখ্য সংসদৰ শীতকালীন অধিৱেশন ২৯ নৱেম্বৰত আৰম্ভ হৈ ২৩ ডিচেম্বৰ পৰ্যন্ত চলাৰ সম্ভাৱনা আছে।