• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত ৰাজনৈতিক সভা পাতি ৰাজনৈতিক নেতা-কৰ্মীয়ে বিয়পাইছে মাৰাত্মক Covid-19!

প্ৰশাসনৰ নিষেধাজ্ঞা থকাৰ পাছতো দৈনিক অনুষ্ঠিত কৰি গৈছে ৰাজনৈতিক সভা অনুষ্ঠান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 6, 2020 6:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰ’ণাৰ সন্ত্ৰাস। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যত বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

ইয়াক লৈ বিশেষ তৎপৰতা দেখুৱাইছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ আৰক্ষী প্ৰশাসনে।

Apply Now

ইতিমধ্যে, মাস্ক নিপিন্ধিলে ৫০০ টকা জৰিমনা বিহাৰ কথা ঘোষণা কৰাৰ লগতে জনসাধাৰণক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ বাৰেপতি আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বৰ্তমান ৰাজ্যত আনলক-৪ প্ৰক্ৰিয়া চলি আছে যদিও অহা ২০ ছেপ্টেম্বৰ পৰ্যন্ত কোনো ঠাই, বিবাহ অনুষ্ঠান বা যিকোনো অনুষ্ঠানত পঞ্চাছ গৰাকীতকৈ অধিক লোকক সমবেত হোৱাত বাধা আৰোপ কৰিছে ৰাজ্য চৰকাৰে।

শুকুৰবাৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক নিৰ্দেশনাৰ জৰিয়তে প্ৰকাশ কৰিছিল যে অহা ২১ ছেপ্টেম্বৰৰ পাছৰ পৰাহে ১০০ জন লোক কোনো সাংস্কৃতিক অনুষ্ঠান, ৰাজনৈতিক সভা, ক্ৰীড়াৰ অনুষ্ঠানত সমবেত হ’ব পাৰিব।

কিন্তু তাৰ পাছতো এই নিৰ্দেশনাৰ প্ৰতি কোনো ৰাজনৈতিক দলৰে ভ্ৰূক্ষেপ নাই। কি কংগ্ৰেছ কি বিজেপি সকলোৱে বিনা-দ্বিধাই চলাইছে ৰাজনৈতিক সভা।

ক’ৰ’ণাৰ ত্ৰাসৰ মাজতো ৰাজনৈতিক দলে বজাই আছে নিৰ্বাচনী ৰণডংকা।

ইতিমধ্যে ৰাজ্যত বহুকেইগৰাকী ৰাজনৈতিক নেতা আক্ৰান্ত হৈছে ক’ৰ’ণা ভাইৰাছত।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, বিজেপিৰ সাংসদ দিলীপ শইকীয়া, যোৰহাটৰ বিজেপি সাংসদ তপন গগৈ, অগপ বিধায়ক বৃন্দাবন গোস্বামী, এআইয়ুডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম, কংগ্ৰেছী বিধায়ক অজন্তা নেওগকে ধৰি বহুকেইগৰাকী ৰাজনৈতিক নেতা ক’ৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

ইয়াৰ লগতে ৰাজনৈতিক নেতাসকলৰ বহু দেহৰক্ষী জোৱান তথা নিৰাপত্তাৰক্ষী ইতিমধ্যে আক্ৰান্ত হৈছে কৰ’ণাত। ক’ৰ’ণাত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে বহুকেইগৰাকী ৰাজনৈতিক নেতা। এইসকল ৰাজনৈতিক নেতাই ৰাজনৈতিক অনুষ্ঠান, সভা সমিতি ইত্যাদিত অংশগ্ৰহণ কৰাৰ সময়তেই সামাজিক সংক্ৰমণৰ যোগেদি ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে ।

তাৰ পাছতো শতাধিক লোকৰ উপস্থিতিত ৰাজনৈতিক দলৰ সভা-সমিতি চলিয়েই আছে।

প্ৰশ্ন হয়, আইন কেৱল সাধাৰণ জনতাৰ বাবেহে নেকি? ৰাজনৈতিক নেতা বা দলৰ বাবে প্ৰযোজ্য নহয় নেকি চৰকাৰে প্ৰৱৰ্তন কৰা এই আইন?

ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেইবাগৰাকী সচেতন মহানগৰবাসীয়ে।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত হিতেন দত্ত নামৰ এজন লোকে কয় ‘ৰাজ্যত এক সাংঘাতিক পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰে ইমান দিনে লকডাউন দিলে। এনেকুৱা অনুভৱ হৈছে যে তেওঁলোকৰ লাভালাভৰ বাবেই এই লকডাউন আছিল নেকি? লকডাউন শিথিল হোৱাৰ লগে লগে চৰকাৰ কিম্বা বিৰোধী দলসমূহে সভা সমিতি অনুষ্ঠিত কৰিলে।’

‘যিহেতু কোৱা হৈছে ছেপ্টেম্বৰৰ শেষৰ ফালে ক’ৰ’ণাৰ ভয়বহতা বৃদ্ধি পাব। গতিকে চৰকাৰৰ চেষ্টাটো কি হ’ব লাগিছিল? জনসাধাৰণক সজাগ কৰাৰ আদৰ্শ চৰকাৰী পক্ষই দেখুৱাব লাগিছিল।‘ দত্তই লগতে কয়।

এই সন্দৰ্ভত আন এজন সচেতন নাগৰিক প্ৰশান্ত বৰ্মনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘চৰকাৰী পক্ষই বেলেগক বুজাই থাকে যে দুগজ দূৰত্ব বজাই ৰাখক বা মাস্ক পিন্ধক। কিন্তু তেওঁলোকে সভা সমিতি পাতি শতাধিক মানুহৰ সমাগম কিয় কৰিছে? তেওঁলোক জনসাধাৰণৰ ওচৰত জবাবদিহি হ’ব লাগিব। সাধাৰণ জনসাধাৰণৰ বাবে আইন একে হ’লে ৰাজনৈতিক নেতাৰ বাবেও আইন একে হ’ব লাগিব। আইনৰ চকুত কোনো ভেদাভেদ নাই, ৰাষ্ট্ৰপতিৰ বাবে যি আইন সাধাৰণ জনতাৰ বাবেও সেই আইন।‘

মহানগৰীত দৈনিক ৬০০ৰ পৰা ৯০০ লোক আক্ৰান্ত হৈছে কোভিড মহামাৰীত। তাৰ পাছতো এনে ধৰণে লকডাউন খুলি দিয়াৰ সুযোগ গ্ৰহণ কৰি সাধাৰণ জনসাধাৰণৰ জীৱনলৈ শংকা নমাই অনাৰ চেষ্টা কিয় কৰিছে ৰাজনৈতিক দলসমূহে?

কিয় এইবোৰ দেখি-শুনিও নিশ্চুপ প্ৰশাসন যন্ত্ৰ? কিয় নিৰ্লিপ্ত ভুমিকা গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে? কেৱল জনসাধাৰণক সজাগ-সচেতন কৰি বা জৰিমনা বিহিলেই নহ’ব; ক’ৰ’ণা সংক্ৰমণৰ বাহক হিচাপে ভূমিকা লোৱা শাসক-বিৰোধী ৰাজনৈতিক দলকো নাকী লগাব লাগিব প্ৰশাসনে।

পিছে পাৰিব নে প্ৰশাসনে ৰাজনৈতিক দল তথা নেতাসকলক নাকী লগাবলৈ?

নে এনেকৈয়ে বহুতৰে দেহলৈ ক’ৰ’ণা বিয়পোৱাৰ চেষ্টা চলাই থাকিব ৰাজনৈতিক দলসমূহে?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd