উত্তৰ প্ৰদেশত সকলো পঞ্জীয়নভুক্ত ৱাকফ সম্পত্তিৰ তদন্তৰ নিৰ্দেশ যোগী আদিত্যনাথ চৰকাৰৰ

ৱাকফ সম্পত্তিকলৈ নানান অভিযোগ উঠি থকাৰ মাজতে উত্তৰ প্ৰদেশ চৰকাৰৰ যোগী আদিত্যনাথ চৰকাৰে ৱাকফ বোৰ্ডৰ অধীনত পঞ্জীয়ন কৰা সকলো সম্পত্তিৰ তদন্ত কৰাৰ নিৰ্দেশ দিছে। ৰাজ্য চৰকাৰে জিলা প্ৰশাসনক এনে সম্পত্তিৰ জৰীপ কৰিবলৈ আৰু এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।

উত্তৰ প্ৰদেশ চৰকাৰৰ এগৰাকী চৰকাৰী মুখপাত্ৰই কয় যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ‘১৯৯৫ চনৰ ৱাকফ আইন অমান্য কৰা বা ১৯৮৯ চনৰ এপ্ৰিলত গৃহীত চৰকাৰী আদেশৰ অধীনত পঞ্জীয়ন কৰা সকলো সম্পত্তিৰ তদন্তৰ নিৰ্দেশ দিছে। তেনে আইনে উছাৰ, বাঞ্জাৰ আৰু ভিটা ভূমি পঞ্জীয়নৰ অনুমতি দিছিল। যোগী আদিত্যনাথ চৰকাৰৰ উপ সচিব চাকিল আহমেদে এই সন্দৰ্ভত সংখ্যালঘু কল্যাণ বিভাগ, সংখ্যালঘু কল্যাণ সঞ্চালক আৰু জৰীপ আয়ুক্ত, জিলা সংখ্যালঘু কল্যাণ বিষয়া, চিয়া আৰু চুন্নী ৱাকফ বোৰ্ড তথা ৰাজহ বিষয়াসকললৈ এই বিষয়ত এখন পত্ৰ লিখিছে।

চৰকাৰে ৱাকফ সম্পৰ্কীয় সম্পত্তিৰ অবৈধ দখল আৰু স্থানান্তৰ বন্ধ কৰিবলৈয়ে এনে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ধাৰণা কৰা হৈছে । এই মাহৰ আৰম্ভণিতে, উত্তৰ প্ৰদেশ চৰকাৰে মাদ্ৰাছাসমূহৰ জৰীপ আৰম্ভ কৰিছিল আৰু জৰীপ সূচাৰু ৰূপে পৰিচালনা কৰিবলৈ জিলা দণ্ডাধীশসকলক নিৰ্দেশ দিছিল। এই সন্দৰ্ভত মন্তব্য কৰি জমিয়ত উলামা-ই-হিন্দে কয় যে উত্তৰ প্ৰদেশৰ চৰকাৰে মাদ্ৰাছাসমূহৰ জৰীপত তেওঁলোকৰ কোনো আপত্তি নাই ।

অৱশ্যে, এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ৱাইচিয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ শেহতীয়া পদক্ষেপৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। হায়দৰাবাদৰ সাংসদজনে কৈছে যে যোগী প্ৰশাসনে এতিয়া ৰাজ্যজুৰি মাদ্ৰাছাসমূহৰ পিছত ৱাকফ বোৰ্ডক লক্ষ্য কৰি লৈছে।

ৱাইচিয়ে কয় “যদি কোনোবাই অবৈধভাৱে চৰকাৰী সম্পত্তি ৱাকফ সম্পত্তি হিচাপে পঞ্জীয়ন কৰিছে, আদালতত ইয়াৰ বিৰুদ্ধে যুঁজ দিয়ক, ন্যায়াধিকৰণলৈ যাওঁক। উত্তৰ প্ৰদেশ চৰকাৰে ৱাকফ সম্পত্তিক লক্ষ্য কৰি লৈছে আৰু ইয়াক কাঢ়ি নিবলৈ চেষ্টা কৰি আছে। এনে ধৰণৰ উদ্দেশ্যপ্ৰণোদিত জৰীপ সম্পূৰ্ণৰূপে ভুল। আমি ইয়াক গৰিহণা দিছো। এয়া মুছলমানসকলক প্ৰণালীবদ্ধভাবে লক্ষ্য কৰি লোৱাৰ উদাহৰণ” ।