‘বাঘৰ নেজেৰে কাণ নখজুৱাবি, জুইৰ লগত খেলা নকৰিবি’ বুলি কাক সকীয়ালে আটাছুৱে?

‘বাঘৰ নেজেৰে কাণ নখজুৱাবি, জুইৰ লগত খেলা নকৰিবি আৰু শান্ত আহোমক জোকাই ন’লবি- পৰিণতি ভয়ংকৰ হ’ব। এইদৰে সদৌ তাই আহোম ছাত্ৰ সন্থা, শিৱসাগৰ জিলা সমিতিয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে আদিত্য খাকলাৰী এণ্ড কোম্পানীক সকীয়নি প্ৰদান কৰে।

আটাছুৱে শনিবাৰে এক প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে অসমৰ ছয় জনগোষ্ঠীক তাই আহোম, মৰাণ, মটক, চুতীয়া, কোঁচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ নামত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে চৰম প্ৰতাৰণা কৰি আহিছে। যাৰ ফলশ্ৰুতিত কেইবা দশক ধৰি আন্দোলন কৰিবলগীয়া হৈছে এই ছয় জনগোষ্ঠীয়ে।

শেহতীয়া কৈ বৰ্তমানৰ বিজেপি চৰকাৰে বিষয়টো সমাধানৰ বাবে সংসদত উত্থাপন কৰিছে যদিও বিষয়টো এতিয়াও সন্দেহৰ আৱৰ্তত। কিন্তু মন কৰিব লগীয়া যে জনজাতিকৰণ বিষয়টোৰ সন্দৰ্ভত ট্ৰাইবেল সংঘৰ নেতা তথা ৰাজনৈতিক দালাল আদিত্য খাকলাৰী এণ্ড কোম্পানীয়ে বিভিন্ন সময়ত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰাৰ লগতে এই ভূ খণ্ডত বসবাস কৰা জাতি-জনজাতিৰ মাজত বিভেদ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে, যি কাৰ্য্যক সদৌ তাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে তীব্ৰ ধিক্কাৰ দিয়াৰ লগতে এনে কাৰ্যৰ পৰা আদিত্য খাকলাৰীক বিৰত থাকিবলৈ প্ৰেছ বিবৃতিৰ জৰিয়তে অন্তিম বাৰৰ বাবে সকীয়াই দিয়ে।

সংগঠনটোৱে লগতে উল্লেখ কৰে যে তাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যি দাবী সেইয়া এক ন্যায্য দাবী আৰু ছয় জনগোষ্ঠীৰ জন্মগত অধিকাৰ। এই ক্ষেত্ৰত আটাছুৱে কেতিয়াও আপোচ নকৰে। নিজকে জনজাতিৰ স্বয়ম্ভু নেতা বুলি ভৱা আদত্য খাকলাৰীক আটাছুৱে প্ৰশ্ন কৰে জনজাতিকৰণ তেওঁৰ পৈতিক সম্পতি নেকি?

আনহাতে আটাছুৰ মুখ্য উপদেষ্টাক আদিত্য খাকলাৰীৰ কোনো আজ্ঞাবাহী ভৃত্যই প্ৰদান কৰা সকিয়নীক হাস্যকৰ বুলি আখ্যা দিয়ে আটাছুৱে। লগতে স্পষ্ট কৰি দিয়ে যে পূৰ্বৰ সিদ্ধান্ত অনুসৰি খাকলাৰীক শিৱসাগৰত প্ৰৱেশ নিষিদ্ধ ঘোষণাত আটল সংগঠনটো।