• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ জানাজা-কৱৰ দিবলৈ সাজু গুৱাহাটীৰ সকলো কৱৰস্থান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2020 3:44 pm
miting-1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে বৃহত্তৰ গুৱাহাটী মহানগৰীৰ কৱৰস্থান সমিতিসমূহে উলুবাৰীৰ শৰণীয়া কৱৰস্থান সমিতিৰ কাৰ্যালয়ত এখন বিশেষ সভা অনুষ্ঠিত কৰে৷

উলুবাৰীৰ শৰণীয়া কৱৰস্থান সমিতিৰ আহ্বানত অনুষ্ঠিত সভাত গাড়ীগাঁও কৱৰস্থান সমিতি, দ্বাৰান্দা কৱৰস্থান সমিতি, হাতীগাঁও-সিজুবাৰী কৱৰস্থান সমিতি, আঠগাঁও কৱৰস্থান সমিতিসহ কেইবাখনো কৱৰস্থান সমিতি উপস্থিত থাকে৷

Apply Now

বৃহত্তৰ গুৱাহাটী মহানগৰীৰ কৱৰস্থানসমূহৰ যুটীয়া সভাত সভাপতিত্ব কৰে শৰণীয়া কৱৰস্থান সমিতিৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা, প্ৰাক্তন আছু নেতা নেকিবুৰ জামানে৷

ক’ৰ’না মহামাৰীৰ জটিল সময়ত মৃত্যুক আকোৱালি লোৱা লোকৰ সৎকাৰ সন্দৰ্ভত বিশদ আলোচনা কৰে সমিতিসমূহে৷ ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকক চৰকাৰী নিৰ্দেশনা মানি শেষকৃত্য কৰাৰ বাবে গুৱাহাটীৰ কৱৰস্থান সমিতিসমূহে ঐক্যমতত উপনীত হয়৷ নিজ নিজ জামাতৰ কৱৰস্থানত কৱৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

চৰকাৰী নিয়ম মতে, মৃতদেহ কৱৰস্থান সমিতিসমূহক গতাই দিলে জানাজা আৰু কৱৰস্থ কৰাৰ বাবে সকলো ব্যৱস্থা কৰিব বুলি কয়৷ কিন্তু প্ৰশাসনক প্ৰয়োজনীয় সামগ্ৰীখিনি দিবলৈ আহ্বান জনায়৷ উক্ত সভা সমাপ্ত হোৱাৰ পিছতে নেকিবুৰ জামান, নুৰুল হক আৰু চাজিদ ৰহমানে এখন সংবাদমেল সম্বোধন কৰি সভাখনত কেইবাটাও প্ৰস্তাৱ লোৱাৰ কথা উল্লেখ কৰে৷

ইছলাম ধৰ্মৰ দাৰ্শনিকসকলে হাজাৰ হাজাৰ বছৰৰ পূৰ্বে ধৰ্ম গ্ৰন্থত উল্লেখ কৰি থৈ যোৱা বিষয় এটাও উল্লেখ কৰে নেকিবুৰ জামানে৷

ইছলামত মহামাৰীত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু হলে শ্বহিদী মৰ্যদা লাভ কৰে বুলি কয়৷ অৰ্থাৎ তেনে লোকক কফনৰ কাপোৰ নতুবা গা নুধুৱাকৈ জানাজা আৰু কৱৰ দিব পৰাৰ নিয়ম আছে বুলি উল্লেখ কৰে৷

এই ক্ষেত্ৰত অসমৰ এগৰাকী মুফতি খাইৰুল ইছলামৰ এটা অডিঅ’ টেপ প্ৰচাৰ কৰা মহামাৰীত মৃত্যু হোৱা লোকৰ শ্বহিদী মৰ্যদা লাভ কৰে বুলি কয়৷

আনহাতে আজি অনুষ্ঠিত সভাত গুৱাহাটীৰ কৱৰস্থান সমিতিসমূহৰ এখন সমন্বয় সমিতি গঠন কৰা হয়৷

নেকিবুৰ জামানক মুখ্য আহ্বায়ক, নুৰুল হক, চাজিদ ৰহমান আৰু ইনামুল ৰহমানক আহ্বায়ক, জোৎস্না আলী, মিৰহুছেইন আলী, মফিজ আলী, নজৰুল ইছলাম, মুছালী আলী, চৈয়দ আবদুৰ ৰছিদ আহমেদ, আজম মিঞা, মুজিবুৰ ৰহমানক সদস্য হিচাপে লৈ সমন্বয় সমিতি গঠন কৰা হয়৷

সভাখনত কৱৰস্থান সমিতিসমূহে ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা একাংশ লোকৰ মৃতদেহ সৎকাৰৰ নামত পৰিয়ালে আলাই-আথানিৰ সন্মুখীন হোৱাৰ ঘটনাত দুখ প্ৰকাশ কৰে৷

সভাই আটাইবোৰ কৱৰস্থান সমিতিৰ মতৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰে যে কৱৰস্থানসমূহে নিজ নিজ এলেকাৰ ব্যক্তিৰ ক’ৰোনাত মৃত্যু হলে নিজ নিজ কৱৰস্থানতে ধৰ্মীয় ৰীতি-নীতি আৰু প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী জানাজা সম্পন্ন কৰা আৰু কৱৰস্থ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা বুলি সংবাদমেলত উল্লেখ কৰে৷

গুৱাহাটীত যিবোৰ সৰু সৰু কৱৰস্থান অঞ্চল বিশেষে নিৰ্মাণ হৈছে সেই অঞ্চলৰ কোনো লোকৰ ক’ৰ’নাত মৃত্যু হলে যদি সেই ঠাইত কৱৰ দিব পৰা ব্যৱস্থা নাথাকে তেন্তে গুৱাহাটীৰ ডাঙৰ কৱৰস্থান সমিতিসমূহৰ মাজত আলোচনাৰ ভিত্তিত সেই লোকৰ জানাজা আৰু কোনখন কৱৰস্থানত কৱৰস্থ কৰা হ’ব সেই সিদ্ধান্ত লোৱা হ’ব বুলি কৈ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি আৰু চৰকাৰী নিৰ্দেশনাৰ ভিত্তিত কৱৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে৷

যদি চৰকাৰে নিৰ্দেশৰ ভিতৰত পৰে তেন্তে পিপিই কিট পৰিধান কৰি হ’লেও পৰিয়ালক মৃতদেহ এবাৰ চাবৰ ব্যৱস্থা কৰাৰ লগতে মৃত্যুৰ পিছত মৃতকে পাবলগীয়া সন্মান পোৱাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়৷

গুৱাহাটীৰ বাহিৰৰ কোনো লোকৰ যদি গুৱাহাটীত মৃত্যু হয় আৰু মৃতকৰ পৰিয়ালে যদি মৃতদেহ ঘৰলৈ নিবৰ ব্যৱস্থা কৰাত বাধা আহে তেন্তে গুৱাহাটীৰ কৱৰস্থান পৰিচালনা সমিতিসমূহৰ মাজত আলোচনাৰ মাধ্যমেৰে চৰকাৰী নিৰ্দেশ মতে যিকোনো এখন কৱৰস্থানত মৃতদেহ জানাজা আৰু কৱৰস্থ কৰা আৰু অসমৰ প্ৰতিখন জিলাৰ কৱৰস্থানসমূহৰ পৰিচালনা সমিতিক যদি কোনো লোকৰ ক’ৰোনাত মৃত্যু হয় তেন্তে সেই লোকৰ জানাজা আৰু কৱৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ সমগ্ৰ অসমৰ কৱৰস্থানসমূহৰ পৰিচালনা সমিতিক আহ্বান জনাই গুৱাহাটীৰ কৱৰস্থান সমিতিসমূহে৷

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd