বাঘ নহয়, গৰুক কৰা হওক ৰাষ্ট্ৰীয় পশু। এনে এক পৰামৰ্শই উঠিল এলাহাবাদ হাইকোৰ্টত। বুধবাৰে ন্যায়াধীশ শেখৰ কুমাৰ যাদৱৰ এজনীয়া বিচাৰপীঠে গো হত্যা সম্বন্ধীয় এটা গোচৰত এনেধৰণৰ বিষয় অৱতাৰণা কৰে।
‘উত্তৰ প্ৰদেশ গো হত্যা বিৰোধী আইন’ত অভিযুক্ত জাভেদ নামৰ ব্যক্তিজনৰ জামিনৰ শুনানিৰ আবেদন খাৰিজ কৰি ইয়াৰ কাৰণ ব্যাখ্যা কৰিবলৈ গৈ গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণাৰ বিষয় উত্থাপিত হয়।
গৰু কটাৰ বাবে জাভেদক ‘উত্তৰ প্ৰদেশ গো হত্যা বিৰোধী আইন’ত গ্ৰেপ্তাৰ কৰা হৈছিল। জাভেদৰ জামিনৰ আবেদন নাকচ কৰি ন্যায়াধীশ শেখৰ যাদৱে কয়,’’ গৰু সভ্যতাৰ সৈতে ওত:প্ৰোতভাৱে জড়িত। বেদ আৰু মহাভাৰতৰ দৰে ভাৰতীয় প্ৰাচীন গ্ৰন্থসমূহত গৰুক গুৰুত্বপূৰ্ণ অংশ হিচাপে দাঙি ধৰা হৈছে।‘’
ন্যায়াধীশ গৰাকীৰ মতে ‘গৰুৰ ভাল হ’লেহে দেশৰ ভাল হ’ব।‘ তেওঁ লগতে কয় যে ভাৰকতীয় নাগৰিকসকলৰ দৰে গৰুৰো মৌলিক অধিকাৰ থকা উচিত। ইয়াৰ বাবে সংসদত বিধেয়ক গৃহীত কৰি নতুন আইন প্ৰণয়নৰ পৰামৰ্শও দিয়ে।
ন্যায়াধীশ যাদৱে কয়,’’পৰিস্থিতি বিবেচনা কৰি গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰা উচিত আৰু গৰুৰ সুৰক্ষা ভাৰতৰ হিন্দুসকলৰ মৌলিক অধিকাৰৰ অংশ হোৱা উচিত।‘’
অৱশ্যে এয়াই প্ৰথম নহয়, ২০১৭চনতো একেই পৰামৰ্শ আগবঢ়াইছিল ৰাজস্থান হাইকোৰ্টে। গৰুক অনতিপলমে ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিব লাগিব বুলি প্ৰস্তাৱ দিছিল আদালতখনে। ৰাজস্থান আদালতে আনকি গো হত্যাত দোষী সাৱ্যস্ত হ’লে যাৱজজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়াৰ দাবীও তুলিছিল।
শেহতীয়াকৈ অসমতো মন্দিৰৰ ৫কিলোমিটাৰৰ ভিতৰত গো মাংস বিক্ৰী বন্ধ কৰা হৈছে। অসম বিধানসভাত গো সংৰক্ষণ বিধেয়ক গৃহীত কৰা হৈছে।