মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ পিচত এইবাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ে ক’লে—ক’ৰ’নাৰ বাবে জগৰীয়া নিৰ্বাচন আয়োগ-কেন্দ্ৰ

Allahabad_HC

দেশত ক’ৰ’নাই এতিয়া বিষম ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত ক’ৰ’নাৰ মহাসংহাৰৰ বাবে নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰকেই দায়ী কৰিছিল মাদ্ৰাজ উচ্চ ন্যায়ালয়ে।

মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ পিছত আজি ক’ৰ’নাৰ সংক্ৰমনৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰক দায়ী কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়েও।

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সিদ্ধাৰ্থ বাৰ্মাই আজি কয় যে নিৰ্বাচনৰ পিছত দেশৰ বিভিন্ন স্থানত ক’ৰ’নাই কেনে ৰূপ ধাৰণ কৰিব পাৰে সেই সন্দৰ্ভত কেন্দ্ৰীয় নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰই মুঠেও বুজি উঠিব পৰা নাছিল।

ফলত ক’ৰ’নাই বিভিন্ন স্থানত বিষম ৰূপ ধাৰণ কৰিছে।ন্যায়াধীশগৰাকীয়ে কয় যে ভোটৰ পিছৰ পৰিস্থিতিৰি বাবে সাজু নাছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো।

সেইবাবেই চহৰাঞ্চলত ক’ৰ’নাৰ নিয়ন্ত্ৰণত মুখথেকেচা খাবলগীয়া হৈছে আদিত্যনাথে।

উত্তৰপ্ৰদেশৰ সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত ৰাজ্য খনত কোনো ধৰণৰ কোভিড প্ৰ’টোকল মানি চলা হোৱা নাছিল। উলত ৰাজ্য খনত বহু লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

উল্লেখ্য কিছু দিন পূৰ্বে এক ঐতিসাহিক ৰায় প্ৰদান কৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰি চৰ্চাৰ শীৰ্ষত আছিল।

দেশত কৰোনাৰ দ্বিতীয় ঢৌৰ সময়ত দেশত কেবাখনো ৰাজ্যত কোনো পৰিকল্পনা নকৰাকৈ নিৰ্বাচন অনুষ্ঠিত কৰি ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ সমাৱেশক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱা বুলি সমালোচনাৰ সন্মুখীন হৈছিল দেশৰ নিৰ্বাচন আয়োগ।

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰি ভাৰতৰ নিৰ্বাচন আয়োগক হত্যাকাৰী বুলি আখ্যা দিছিল। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই মন্তব্যৰ পিছতে দেশজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে নিৰ্বাচন আয়োগ।

আনকি মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ বন্দ্যোপধ্যায়ে নিৰ্বাচন আয়োগৰ শীৰ্ষ বিষয়ববীয়াৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিব লাগে বুলিও মন্তব্য কৰিছিল।

এই ভৎসৰ্না পোৱাৰ পিছতে নিৰ্বাচন আয়োগে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও উচ্চতম ন্যায়ালয়েও মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়কে শুদ্ধ বুলি কৈছিল।