বিনামূলীয়া চাউল বিতৰণত দুৰ্নীতিৰ অভিযোগ; মহানগৰীত হুলস্থুলীয়া পৰিৱেশ

ৰেচন কাৰ্ড নথকা হিতাধিকাৰীৰ নাম নাই তালিকাত

লকডাউনৰ সময়ছোৱাত ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড নথকা লোকক বিনামূলীয়া চাউল যোগান দিয়াৰ কথা ঘোষণা কৰিছিল যদিও সম্প্ৰতি এই পক্ৰিয়াটোত দুৰ্নীতি চলাৰ কথা পোহৰলৈ আহিছে।

অভিযোগ মতে বহুক্ষেত্ৰত প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈছে সুবিধা লাভৰ পৰা।

ইয়াৰ বিপৰীতে ৰেচন কাৰ্ড থকা লোকহে এই আঁচনিৰ অধীনত চাউল লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

তেনে এক ঘটনা সংঘটিত হৈছে মহানগৰীৰ দক্ষিণগাঁৱত।

সুলভ মূল্যৰ দোকানত ৰেচন কাৰ্ড নথকা লোকৰ বাবে অহা চাউল বিতৰণক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

দক্ষিণগাঁৱৰ ‘বৰ্মন ষ্টৰ’ নামৰ সুলভ মূল্যৰ দোকানখনৰ বাহিৰত আজি পুৱাৰে পৰা চাউল লাভৰ পৰা বঞ্চিত একাংশ লোকে সৃষ্টি কৰে হুলুস্থলীয়া পৰিবেশ।

দুষ্ট চক্ৰ’ৰ চক্ৰান্তত আঁচনিৰ হিতাধিকাৰী হৈ পৰিল ৰেচন কাৰ্ড থকা লোক। তালিকাত নাম নাহিল ৰেচন কাৰ্ড নথকা দুখীয়া লোকৰ।

জানিব পৰা মতে দিছপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ পৰা ‘বৰ্মন ষ্টৰ’ত বিতৰণৰ বাবে আহিছিল ১২০০ কুইণ্টল চাউল।

চাউল লাভৰ তালিকাৰ বাবে নাম দিয়াৰ পাছতো নিজৰ নামটো বিচাৰি নোপোৱাত ক্ষোভিত হৈ পৰে দৰিদ্ৰ লোকসকল।

ইপিনে দোকানত সেই সময়ত উপস্থিত থকা বিজেপি নেত্ৰী গোলাপী দেৱী’ৰ হাতত থকা হিতাধিকাৰীৰ তালিকাতো নাই প্ৰকৃত হিতাধিকাৰীৰ নাম।

সাংবাদিকৰ কেমেৰা দেখি বিজেপি নেত্ৰী গৰাকীয়ে সংবাদমাধ্যমৰ আগত দায়সৰা মন্তব্য কৰে।

‘মই নাজানো, দুই তিনিজন লোক মিলি বনাইছে তালিকাখন। এতিয়া কেনেকৈ বাদ পৰিল সেইটো মই নাজানো।‘ এইদৰে কয় বিজেপিৰ বুথ পৰ্য্যায়ৰ নেতৃগৰাকীয়ে।

উল্লেখযোগ্য যে, দুই শতাধিক প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈছে এই তালিকাৰ পৰা। তাৰ পৰিৱৰ্তে ৰেচন কাৰ্ড থকা লোকৰে তালিকাখন পৰিপূৰ্ণ হৈ আছে।

অৱশ্যে ৰাইজৰ ৰোষত পৰি অৱশেষত দোকানীজনে চাউল বিতৰণ বন্ধ কৰিবলৈ বাধ্য হয়।