NORTHEAST NOW (Assamese)

বিশুদ্ধ খোৱাপানী প্ৰস্তুত কৰা প্ৰতিষ্ঠানত মেনেজাৰৰ বিৰুদ্ধে কৰ্মচাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ

July 15, 2022 7:20 am · পার্শ্বজোতি গগৈ, শিৱসাগৰ

শিৱসাগৰত বিশুদ্ধ খোৱাপানী প্ৰস্তুত কৰা প্ৰতিষ্ঠানত মেনেজাৰৰ বিৰুদ্ধে কৰ্মচাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

শিৱসাগৰৰ তিৰুপতি ৱাটাৰ ইণ্ডাষ্ট্ৰী নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কৰ্মচাৰীক পুৱা ৯ বজাৰ পৰা মাজনিশালৈ কৰ্মত নিয়োজিত কৰাৰ অভিযোগ উঠিছে।

লগতে পঢ়ক: Barshshri Buragohain: বৰ্ষাশ্ৰীৰ আইনী যুঁজত সহায় কৰিবলৈ ইচ্ছুক লুইত কুমাৰ বৰ্মণ; লাগে পৰিয়ালৰ সঁহাৰি

আনহাতে, শিৱসাগৰৰ বিশুদ্ধ খোৱাপানী প্ৰস্তুত কৰা তিৰুপতি ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠানটোৰ মেনেজা দেৱব্ৰত শৰ্মাৰ বিৰুদ্ধে দুই কৰ্মচাৰী বাবা বৰা আৰু দীপক মেছক সামান্য কথাতে চাকৰিৰ পৰা অব্যাহতি দিয়াৰো অভিযোগ উঠিছে। 

অ’এনজিচিকে ধৰি বহু প্ৰতিষ্ঠানত খোৱা পানী যোগান ধৰা অনা অসমীয়া ব্যৱসায়ী জনৈক যোশীৰ মালিকাধীন এই কোম্পানীটোৱে কৰ্মচাৰীসকলক মাজনিশা পৰ্যন্ত পানী যোগান ধৰা কামত নিয়োজিত কৰাৰ অভিযোগ দীৰ্ঘ দিনে কাম কৰি অহা কৰ্মচাৰীৰ।

লগতে পঢ়ক: Lalit Modi and Sushmita Sen: আই পি এলৰ প্ৰাক্তন বিতৰ্কিত অধ্যক্ষ ললিত মোদীয়ে বিয়া পাতিলে অভিনেত্ৰী সুস্মিতা সেনক!

এইগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে সামান্য মজুৰি আৰু অতিৰিক্ত কামৰ বাবদ অতিৰিক্ত মজুৰি প্ৰদান নকৰি দীৰ্ঘদিনে প্ৰতিষ্ঠানটোৰ থলুৱা কৰ্মচাৰীসকলক প্ৰতাৰিত কৰি অহাৰ অভিযোগ উঠিছে। 

Related News