DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যুৱকক মাৰধৰ, শ্বহীদ বেদীক অপমান; ছাত্ৰ মুক্তিৰ নেতা ৰাহুল ছেত্ৰীসহ দুজনৰ বিৰুদ্ধে আৰক্ষীত গোচৰ

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
July 15, 2022 6:48 am
আক্ৰমণত আহত নিপম জ্যোতি গগৈ (বাওঁফালে) আৰু  ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী। ফটো: নৰ্থইষ্ট নাও।

আক্ৰমণত আহত নিপম জ্যোতি গগৈ (বাওঁফালে) আৰু ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী। ফটো: নৰ্থইষ্ট নাও।

106
VIEWS
Share on FacebookShare on Twitter

ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীৰ বিৰুদ্ধে গোচৰ তৰা হৈছে। তেওঁৰ বিৰুদ্ধে যুৱকক মাৰধৰ কৰাত উচটনি আৰু শ্বহীদ বেদীক অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জাগুনৰ নিপম জ্যোতি গগৈ নামৰ এজন যুৱকক ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীৰ নেতৃত্বত গুৰুলা-গুৰুলকে মাৰধৰ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ নিপম জ্যোতি গগৈ বুধবাৰে মাৰ্ঘেৰিটা চিকিৎসালয়ত চিকিৎসাধীন হয়।

ৰাহুলৰ উচটনিত প্ৰাক্তন যুৱ কংগ্ৰেছী দেৱ গুৰুং আৰু ছাত্ৰ মুক্তিৰ টিৰাপ জাগুন আঞ্চলিকৰ কাৰ্য্যকৰি সভাপতি ধৰ্মৰাজ শৰ্মাই মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক: Lalit Modi and Sushmita Sen: আই পি এলৰ প্ৰাক্তন বিতৰ্কিত অধ্যক্ষ ললিত মোদীয়ে বিয়া পাতিলে অভিনেত্ৰী সুস্মিতা সেনক!

বৃহস্পতিবাৰে টাই আহোম যুৱ পৰিষদৰ মাৰ্ঘেৰিটা মহকুমা সমিতি আৰু নিপমৰ পৰিয়ালে ৰাহুল ছেত্ৰীসহ দেৱ গুৰুং আৰু ধৰ্মৰাজৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে জাগুন আৰক্ষীত।

আনহাতে, ৰাহুল ছেত্ৰীৰ নেতৃত্বত বুধবাৰে জাগুনস্থিত শ্বহীদ বেদীক অপমান কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে টাইপা। বৃহস্পতিবাৰে জাগুনৰ শ্বহীদ বেদীক গাখীৰ ঢালি পৱিত্ৰ কৰাৰ লগতে ৰাহুল ছেত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় টাইপাই।

টাইপাৰ নেতা জানা সন্দৈকেয়ে সংবাদমাধ্যমৰ আগত কয় যে আইনে অনতিপলমে ৰাহুল ছেত্ৰীসহ আন দুজনক কঠোৰ শাস্তি প্ৰদান কৰক অন্যথা টাইপাই তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ’ব।

লগতে পঢ়ক: Daler Mehndi: মানৱ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ দালেৰ মেহেন্দি; ২ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ

ইপিনে, টিএমপিকেই জাগুন আৰক্ষীক নিপম জ্যোতিয়ে অশ্লীল বাক্য প্ৰয়োগ কৰিছিল বুলি আন এক গোচৰ প্ৰদান কৰিছে জাগুন আৰক্ষীক।

উল্লেখ্য যে কালি ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সম্পাদক ৰাহুল ছেত্ৰীৰ নেতৃত্বত শেহতীয়াকৈ জাগুনৰ যুৱক দেৱজিৎ পায়েঙৰ মৃত্যুৰ তদন্ত আৰু ক্ষতিপূৰণৰ দাবীত এক প্ৰতিবাদী সমদল বাহিৰ কৰিছিল আৰু শ্বহীদ বেদীত চাকি বন্তি জ্বলাইছিল।

উক্ত স্থানত উপস্থিত থকা নিপম জ্যোতিয়ে মদাহী আৰু ড্ৰাগছ আসক্তক কিয় শ্বহীদৰ মৰ্যাদা দিয়া হৈ বুলি কোৱাত নিপম জ্যোতিক গুৰুলা-গুৰুলকৈ মাৰধৰ কৰে। ইয়াৰ পাছতেই নিপম জ্যোতিক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধিন কৰা হয়।

লগতে পঢ়ক: Barshashri Buragohain: কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষাত বহিবলৈ অনুমতি দিলে আদালতে

ইয়াৰ পাছৰে পৰা সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাতেই প্ৰতিক্ৰিয়া অব্যাহত আছে। ইয়াৰ মাজতেই একাংশ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় নেতা ৰাহুল ছেত্ৰীৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে ইয়াৰ বিৰুদ্ধে ছাত্ৰ মুক্তিয়ে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ’ব।

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd