• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচি নিৰ্বাচনৰ পুঁজি গোটোৱাৰ স্বাৰ্থত জনস্বাস্থ্য বিভাগত দুৰ্নীতিৰ পোহাৰ মেলিছে মন্ত্ৰী ৰিহন দৈমাৰীয়ে : অসমীয়া যুৱ মঞ্চ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 10, 2019 9:16 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিটিচি নিৰ্বাচনৰ পুঁজি গোটোৱাৰ স্বাৰ্থত জনস্বাস্থ্য বিভাগত দুৰ্নীতিৰ পোহাৰ মেলিছে মন্ত্ৰী ৰিহন দৈমাৰীয়ে।‘ দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি জনস্বাস্থ্য বিভাগৰ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে অসমীয়া যুৱ মঞ্চই।

দুৰ্নীতিৰ বিৰুদ্ধে মুখ্য মন্ত্ৰীৰ শূণ্য সহনশীলতাৰ নীতি জনস্বাস্থ্য কাৰিকৰী বিভাগত মুঠেও প্ৰতিফলিত হোৱা নাই বুলি অভিযোগ সংগঠনটোৰ সচিব প্ৰধান জিতুল তুলি ডেকাই কয় ‘আমি পূৰ্বেও এই বিভাগটোৰ কেইবা কোটি টকীয়া বিত্তীয় কেলেংকাৰীৰ কথা তথ্য সহকাৰে পোহৰলৈ আনিছো যদিও মুখ্য মন্ত্ৰীয়ে দেখিও নেদেখাৰ ভাও ধৰিছে।‘

Apply Now

উল্লেখযোগ্য যে, অসমীয়া যুৱ মঞ্চই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ‘অজানিতে মনে মনে’ নামৰ বোলছবি নিৰ্মাণত, পাইপ ও বিশুদ্ধ খোৱাপানী যোগানত বৃহৎ কেলেংকাৰী চলি থকা বুলি তথ্য সহকাৰে অভিযোগ তুলিছিল।

আজি সংগঠনটোৰ সচিব প্ৰধানগৰাকীয়ে উক্ত বিভাগটোত দেৱাল অংকনত ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে।

‘যি সময়ত ৰাজ্যবাসী বানত ককবকাই আছিল, সেই সময়তে ৰাজ্যৰ গ্ৰামাঞ্চ্যলত স্বচ্ছ ভাৰতৰ সজাগতাৰ বাবে দেৱাল লিখন কৰি আছিল। ইয়াতকৈ আৰু ভয়ানক দুৰ্নীতি, দুই নম্বৰী হয়তো আজিলৈকে কোনো চৰকাৰী বিভাগতে হোৱা নাই।‘ সংবাদমেলত এইদৰে কয় ডেকাই।

তদুপৰি RTI কৰি লাভ কৰা তথ্য দাঙি ধৰি তেওঁ কয়, ‘বিভাগটোৱে যোৱা ৪ জুলাইত স্বচ্ছ ভাৰত গ্ৰামীণৰ সজাগতাৰ বাবে দেৱাল লিখন কৰিবলৈ এক্সক্লুচিভ এডভাৰটাইজিং প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোক ১,৩৫,৮২,৮৪৮ টকাৰ ঠিকা দিয়ে। বাক্সা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, বৰপেটা, বঙাইগাওঁ, ধুবুৰী, দক্ষিণ শালমৰা, ডিমা হাচাও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং জিলাৰ গাঁও পঞ্চায়ত এলেকাত দেৱাল লিখনৰ বাবে এই কোটি টকীয়া ঠিকা দিয়ে।’

তাৎপয্যপূৰ্ণভাৱে এমাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ বিভাগে নিৰ্দেশ দিছিল যদিও জুলাই মাহটোত ৰাজ্যৰ সৰহসংখ্যক জিলা বানৰ কৱলত আছিল বুলি মঞ্চৰ সচিব প্ৰধান গৰাকীয়ে দাবী কৰে।

‘বানপানীত ডুবি থকা সময়ত বিভাগটোৱে কেনেকৈ দেৱাল লিখনৰ কাম কৰিলে?’ ডেকাৰ প্ৰশ্ন।

ডেকাই আৰু কয় ‘কাৰ্বি আংলং জিলাত এক্সক্লুচিভ এডভাৰটাইজিং প্ৰাইভেট লিমিটেডক সৰ্বাধিক ৩২.৯৬ লাখ টকাৰ দেৱাল লিখন কৰিবলৈ দিয়া হৈছে। অথচ সকলোৱে জানে যে কাৰ্বি আংলং জিলাৰ গ্ৰামাঞ্চলত দেৱাল লিখনৰ বাবে ইমান দেৱালেই নাই।‘

ইপিনে, এই কেলেংকাৰীৰ উমান পাই অসমীয়া যুৱ মঞ্চই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা (অনাময়) লক্ষেশ্বৰ শইকীয়াক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে যদিও তেওঁলোকৰ কথাত কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি অভিযোগ উত্থাপন কৰে ডেকাই।

আনহাতে, একেখন সংবাদমেলতে বিভাগটোৱে আই. ই. চি শিতানত কমিকচ চপোৱাৰ নামত ব্যাপক কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপন কৰে।

অভিযোগ অনুসৰি বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে কমিকছ ছপা কৰিবৰ বাবে ডায়মণ্ড মেগাজিন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোক ঠিকা দিছিল।

মুঠ আৱন্টিত ধনৰ পৰিমাণ আছিল ১,০৯,৫০,০০০ টকা। ইয়াৰে চলিত বৰ্ষৰ জুলাই মাহত আই চি আই চি আই বেংকৰ জৰিয়তে বিভাগটোৱে ১,০৫,১২০০০ টকা মোকলাই দিছিল প্ৰতিষ্ঠানটোক।

‘কিন্তু কমিকছ চপা নোহোৱাকৈয়ে বা কাম নকৰাকৈ বিভাগটোৱে কেনেকৈ প্ৰতিষ্ঠানটোক টকা মোকলাই দিলে?’ ডেকাই প্ৰশ্ন কৰি লগতে কয় ‘কোনো ছাত্ৰ-ছাত্ৰীয়ে এই কমিকছ লাভ কৰা নাই তথা বিভাগীয় মুখ্য কাৰ্য্যালয়ত এই কমিকছ বিচাৰি গৈছিলো যদিও তেওঁলোকে আমাক কমিকছ দেখুৱাব নোৱাৰিলে।‘

ইপিনে, বিভাগটোৰ বহু দুৰ্নীতি ফাদিল কৰি অহাৰ পাছতো মুখ্য মন্ত্ৰীয়ে কোনোধৰণৰ তদন্ত ঘোষণা নকৰাত ডেকাই আক্ষেপ কৰি কয় ‘আমাক মাতিলে আমি তথ্যৰ সৈতে সকলোবোৰ তেওঁক দি তদন্তত সহায় কৰিলো হেতেন। কিন্তু বিভাগটোত দুৰ্নীতি চলাবলৈ মন্ত্ৰী ৰিহন দৈমাৰীক লাইচেন্স দিয়া হৈছে নেকি?’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd