NORTHEAST NOW (Assamese)

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

January 24, 2021 11:47 am · এন ই নাও নিউজ
কুখ্যাত ড্ৰাগছ সম্ৰাট চে চি লোপে। ফটো সৌজন্য: ছচিয়েল মিডিয়া।

বিশ্বৰ কুখ্যাত ড্ৰাগছ সম্ৰাট চে চি লোপক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। চে চি লোপৰ নাম বিশ্বৰ অন্যতম চাঞ্চল্যকৰ পলাতক অপৰাধীৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।

যোৱা শুকুৰবাৰে নেদাৰলেণ্ডছৰ আমষ্টাৰডাম বিমানবন্দৰৰ পৰা লোপক গ্ৰেপ্তাৰ কৰা হয়।

চীনা বংশোদ্ভুত কানাডিয়ান নাগৰিক ড্ৰাগছ সম্ৰাটগৰাকীৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল।

বৰ্তমান ৫৬বছৰ বয়সীয়া চে চি লোপক মেক্সিকোৰ কুখ্যাত ড্ৰাগছ সম্ৰ্ৰাট এল চাপোৰ সৈতে তুলনা কৰা হয়। লোপক এছিয়াৰ আটাইতকৈ কুখ্যাত ড্ৰাগছ সম্ৰাট হিচাপে অভিহিত কৰা হয়।

অষ্ট্ৰেলিয়া কেন্দ্ৰীয় আৰক্ষীয়ে লোপক দীৰ্ঘদিনৰে পৰা অনুসৰণ কৰি আহিছিল। বিগত প্ৰায় এক দশক ধৰি তেওঁলোকে চে চিৰ বিৰুদ্ধে তৎপৰ হৈ আছিল।

বাতৰি অনুসৰি, অষ্ট্ৰেলিয়াই এতিয়া চে চি লোপৰ প্ৰাত্যৰ্পণৰ বাবে চেষ্টা চলাব। দেশখনৰ ফেডাৰেল পুলিচৰ দাবী অনুসৰি অষ্ট্ৰেলিয়াৰ ৭০ শতাংশ অবৈধ ড্ৰাগছ সৰবৰাহৰ বাবে চে চি লোপৰ অবৈধ কোম্পানীয়ে দায়ী।

Related News