• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Abhijeet Asom in UK court: ‘আলফা(স্বা:)ৰ অধ্যক্ষ’ মুকুল হাজৰিকাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা নহয়; আইনী যুঁজত জয়ী ব্ৰিটেইনৰ আদালতত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2022 9:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা-স্বাধীনৰ অভিযুক্ত অধ্যক্ষ মুকুল হাজৰিকা ওৰফে অভিজিত অসমক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা নহয়। মুকুল হাজৰিকাই ব্ৰিটেইনৰ আদালতত এক আইনী যুঁজত জয়ী হোৱাৰ পিছতে এই কথা নিশ্চিত হৈছে।

ভাৰতীয় বংশোদ্ভূত অসমৰ এগৰাকী চিকিৎসক মুকুল হাজৰিকাই সন্ত্ৰাসবাদীৰ অভিযোগত ভাৰতলৈ প্ৰস্তাৱিত প্ৰত্যাৰ্পণৰ সন্দৰ্ভত এটা গোচৰত যুঁজ দিছিল।

আলফা-স্বাধীনৰ অধ্যক্ষ হোৱাৰ অভিযোগৰ বাবে তেওঁৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ অভিযোগ আৰোপ কৰা হৈছিল। বিষয়টোৰ শুনানি গ্ৰহণ কৰা ব্ৰিটেইনৰ আদালতে বৃহস্পতিবাৰে মুকুল হাজৰিকাক অভিযোগৰ পৰা অব্যাহতি দিয়ে।

লগতে পঢ়ক: Presidential Election 2022: কোন হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? শাসক-বিৰোধীৰ মাজত অব্যাহত তৎপৰতা; চর্চাত কোন?

বৰ্তমান এগৰাকী ব্ৰিটিছ নাগৰিক ৭৫ বছৰীয়া মুকুল হাজৰিকা উত্তৰ ইংলেণ্ডৰ ক্লিভলেণ্ডৰ এগৰাকী চিকিৎসক। ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা আৰু ইউএপিএ (UAPA)ৰ অধীনত সন্ত্ৰাসবাদৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগৰ গোচৰত ভাৰত চৰকাৰে তেওঁক বিচাৰিছিল।

ৱেষ্টমিনষ্টাৰ দণ্ডাধীশৰ আদালতে ইয়াৰ ৰায়ত কয় যে অভিযুক্তক অব্যাহতি দিব লাগিব কিয়নো গোচৰটোৰ বাবে তথ্য পাতি সন্তোষজনক নহয়।

ৱেষ্টমিনষ্টাৰ দণ্ডাধীশৰ আদালতৰ ন্যায়াধীশ মাইকেল স্নোৱে কয় যে এনে কোনো গ্ৰহণযোগ্য প্ৰমাণ নাই যিয়ে প্ৰমাণ কৰে যে আবেদনকাৰী আলফা-স্বাধীনৰ অধ্যক্ষ অভিজিত অসম।

“মই এই সিদ্ধান্তত উপনীত হৈছো যে এনে কোনো গ্ৰহণযোগ্য প্ৰমাণ নাই যিয়ে প্ৰয়োজনীয় চিনাক্তকৰণৰ জৰিয়তে নিশ্চিত কৰে যে আবেনকাৰী আলফা-স্বাধীনৰ  অধ্যক্ষ আছিল বা প্ৰশিক্ষণ শিবিৰত ভাষণ দিছিল। মই সন্তুষ্ট যে সঠিকভাৱে নিৰ্দেশিত তথ্যৰ ন্যায়াধিকৰণে প্ৰমাণৰ আধাৰত আবেনকাৰীক ‘অসম’ বা দোষী বুলি যুক্তিসঙ্গতভাৱে আৰু সঠিকভাৱে বিচাৰি উলিয়াব নোৱাৰিলে। মই আবেদনকাৰীক এছ 84(5) 2003 [প্ৰত্যাৰ্পণ] আইন অনুসৰি অব্যাহতি দিছো,” তেওঁ কয়।

লগতে পঢ়ক: Adani-Sri Lanka row: ”আদানীক দেশত সোমাবলৈ দিয়া নহ’ব”-ভাৰতীয় পুজিপতিৰ বিৰুদ্ধে হুংকাৰ শ্ৰীলংকাৰ বিক্ষুব্ধ জনতাৰ

লক্ষণীয়ভাৱে, লণ্ডনৰ এগৰাকী চিকিৎসক পৰেশ বৰুৱা নেতৃত্বাধীন আলফা-স্বাধীনৰ প্ৰাক্তন অধ্যক্ষ ড০ মুকুল হাজৰিকা ওৰফে অভিজিত অসমক অলপতে MI6-য়ে তেওঁৰ প্ৰকৃত পৰিচয় জানিবলৈ জেৰা কৰিছিল।

বাতৰি অনুসৰি, জেৰাৰ পিছত অভিজিত অসমে যুক্তৰাজ্য চৰকাৰৰ দ্বাৰা ভাৰতলৈ প্ৰত্যাৰ্পণৰ আশংকা কৰি আলফা স্বাধীন ত্যাগ কৰে।

ভাৰতে এন আই এৰ এক গোচৰৰ সন্দৰ্ভত মুকুল হাজৰিকা ওৰফে অভিজিত অসমক প্ৰত্যাৰ্পণৰ বাবে ব্ৰিটেইনক আনুষ্ঠানিক অনুৰোধ জনাইছিল। 

লগতে পঢ়ক: আৰক্ষীৰ কলাৰত ধৰি টানি বিতৰ্কত কংগ্ৰেছ নেত্ৰী; কি স্পষ্টীকৰণ দিলে নেত্ৰীগৰাকীয়ে?

২০১৭ চনত এনআইএয়ে অভিজিত অসমৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) ধাৰা ১৮, ১৮এ, ১৮বি আৰু ২০ আৰু ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ১২১এ আৰু ১২৪এ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল। 

যোৱা বছৰ, আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই দাবী কৰিছিল যে সংগঠনটোৰ তেতিয়াৰ অধ্যক্ষ অভিজিত অসম নিৰাপত্তা বাহিনী আৰু চোৰাংচোৱা সংস্থাৰ বাবে সৃষ্টি কৰা এক ‘কল্পকাহিনী’হে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd