কোন হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? ইতিমধ্যে বিৰোধী পক্ষই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে। অহা ১৮ জুলাইত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। শাসক-বিৰোধী কোনো পক্ষই বৰ্তমানলৈকে কাকো ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা কৰা নাই। কিন্তু বিৰোধী পক্ষৰ পৰা কেইবাজনো বৰ্ষীয়ান ৰাজনীতিবিদৰ নাম চৰ্চালৈ আহিছে।
কিন্তু নিজৰ মাজতে অনেক বিভাজন থকা এই বিৰোধী দলসমূহে দেশৰ শীৰ্ষ পদটোৰ নিৰ্বাচনৰ বাবে একত্ৰিত হ’ব পাৰিবনে?
অহা ২৫ জুলাইত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল অন্ত পৰিব। সেয়ে ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, অহা ১৮ জুলাইত অনুষ্ঠিত হ’ব কোবিন্দৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিজনৰ নিৰ্বাচনী প্ৰক্ৰিয়া তথা ভোটগ্ৰহণ। ই হ’ব দেশৰ ১৬তম ৰাষ্ট্ৰপতি নিৰ্বাচন।
ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীসকলক ১৫ৰ পৰা ২৯ জুনলৈকে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ কোৱা হৈছে। ইয়াকে লৈ দেশৰ ৰাজনৈতিক মহল বৰ্তমান উত্তাল হৈ আছে। আৰম্ভ হৈছে শাসক-বিৰোধীৰ মাজত ন ন সমীকৰণৰ।
বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে কিছুদিন পূৰ্বে চৰ্চালৈ আহিছিল ভাৰতীয় ৰাজনীতিৰ পিতামহস্বৰূপ শাৰদ পাৱাৰৰ নাম। কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলে এনচিপিৰ মুৰব্বীজনক সমৰ্থন কৰিছিল। কিন্তু সোমবাৰে পাৱাৰে ইয়াক অস্বীকাৰ কৰে। ৰাষ্ট্ৰপতি পদৰ বিৰোধী প্ৰাৰ্থী হিচাপে তেওঁ অৱতীৰ্ণ নহয় বুলি স্পষ্ট কৰি দিয়ে।
এইখিনিতে বৰ্তমান তীব্ৰ চৰ্চালৈ আহিছিল মমতা বেনাৰ্জীৰ নাম। কিন্তু পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি হ’ব বিচৰা নাই, বৰঞ্চ বিৰোধীৰ মাজত মমতাক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত অতি তৎপৰ হোৱা দেখা গৈছে। মমতাই বিচাৰিছে যে পৰৱৰ্তী ৰাষ্ট্ৰপতিগৰাকী অন্তত: বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈ আহক৷ তদুপৰি ৰাষ্ট্ৰপতি প্ৰাৰ্থীজন হওক সাধাৰণতে চৰ্চাত নথকা এগৰাকী ব্যক্তি৷
শেহতীয়াকৈ নতুন দিল্লীত ১৭টা বিৰোধী দলৰ এখনি বৈঠক হৈ যায়। বৈঠকখনতে মমতা বেনাৰ্জীয়ে জম্মু কাশ্মীৰৰ জ্যেষ্ঠ নেতা ফাৰুক আব্দুল্লা আৰু মহাত্মা গান্ধীৰ নাতি তথা পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল গোপালকৃষ্ণ গান্ধীৰ নাম প্ৰস্তাৱ কৰিছে৷
লগতে পঢ়ক: Air pollution in India: বায়ু প্ৰদূষণৰ ফলত ৫ বছৰকৈ আয়ুস কমিছে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ!
তাৎপৰ্যপূৰ্ণভাৱে বৈঠকখনত তৃণমূল কংগ্ৰেছৰ সৈতে কংগ্ৰেছ আৰু বাঁওপন্থী দলসমূহৰ নেতাসকলো উপস্থিত আছিল৷ সাধাৰণতে এই কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহৰ স’তে মমতাৰ সম্পৰ্ক তিক্ত হিচাপে লক্ষ্য কৰি অহা হৈছে। আনহাতে, বৈঠকখনত কংগ্ৰেছ উপস্থিত থকাৰ বাবেই তাত আম আদমী পাৰ্টি, তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰ উপস্থিত নাথাকিল।
বিৰোধী দলৰ দৰেই শাসকীয় পক্ষৰ মাজতো ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰস্তুতি পূৰ্ণগতিত চলিছে। খবৰ অনুসৰি, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং হ’ব পাৰে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি৷ আনহাতে, সূত্ৰ অনুসৰি, ৰাজনাথ সিঙক ৰাষ্ট্ৰপতি পদত অধিষ্ঠত কৰিবলৈ মোদী চৰকাৰে বিৰোধীক সৈমান কৰিবলৈও চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে কেইবাজনো বিৰোধী নেতাৰ স’তে চৰকাৰে কথা পাতিছে।
উল্লেখ্য যে বৰ্তমানৰ শাসকীয় এনডিএ চৰকাৰৰ ৪৪০ জন সাংসদ আছে। আনহাতে, বিৰোধী সাংসদ আছে ২১৬ জন। এই বিৰোধী দলসমূহৰ নিজৰ মাজতে অনেক বিভাজন আছে। বিৰোধী প্ৰক্ষেপিত ৰাষ্ট্ৰপতিজন বিজয়ী হ’বলৈ সকলো বিৰোধী দল একত্ৰিত হোৱাটো অত্যন্ত প্ৰয়োজন।
কিন্তু আম আদমী পাৰ্টি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ অথবা বাওঁপন্থী দলসমূহ- এই সকলো বিৰোধী শক্তি এই সময়ছোৱাত একলগ হ’ব পাৰিবনে? নে পুনৰ শাসকীয় পক্ষৰ সমৰ্থনপুষ্ট ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ব? ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ মাত্ৰ দুবছৰ থকাৰ পূৰ্বে ই লক্ষ্যণীয় হৈ পৰিছে।