DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

Adani-Sri Lanka row: “আদানীক দেশত সোমাবলৈ দিয়া নহ’ব”-ভাৰতীয় পুজিপতিৰ বিৰুদ্ধে হুংকাৰ শ্ৰীলংকাৰ বিক্ষুব্ধ জনতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2022 7:13 am
228
VIEWS
Share on FacebookShare on Twitter

অৰ্থনৈতিক সংকটে দিশহাৰা কৰি তোলা শ্ৰীলংকাৰ বিক্ষুব্ধ জনতাই ভাৰতীয় পুজিপতি গৌতম আদানীৰ বিৰুদ্ধে হুংকাৰ দিছে। দ্বীপৰাষ্ট্ৰ খনত বৰ্তমান চৰ্চিত শীৰ্ষ খবৰৰ ভিতৰত আদানীৰ খবৰটোৱেই বিশেষ খবৰ হিচাবে চৰ্চাত আছে।

কিন্তু আদানীৰ বিৰুদ্ধে কিয় এনেদৰে জাগ্ৰত হৈছে শ্ৰীলংকাৰ জনতা? শ্ৰীলংকাৰ জনতাই বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত কৰা অভিযোগ অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বীপ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেক দেশ খনত  এটা শক্তি প্ৰকল্প স্থাপনৰ বাবে হেঁচা দিছে।

সেই শক্তি প্ৰকল্পটো নিৰ্মাণৰ দায়িত্ব দিব বিচৰা হৈছে উদ্যোগপতি গৌতম আদানিৰ কোম্পানীক। কিন্তু শ্ৰীলংকাৰ সাধাৰণ জনতাই গৌতম আদানীৰ প্ৰৱেশ মুঠেও মানি ল’ব বিচৰা নাই। সেয়ে দেশখনত “গণ প্ৰতিবাদ”ৰ পৰিকল্পনা কৰা হৈছে  ছ’চিয়েল মিডিয়াত। “ষ্টপ আদানি” হেছটেগেৰে বহুতে আদানীৰ দ্বীপ ৰাষ্ট্ৰ খনত প্ৰৱেশৰ বিৰোধিতা কৰিছে।

ছ’টিয়েল মিডিয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ সকলোকে আহ্বান জনোৱা হৈছে। ইতিমধ্যে ইয়াকে লৈ প্ৰবল জাগৰণৰো সৃষ্টি হৈছে।

উল্লেখ্য যে শ্ৰীলংকাৰ চিলন ইলেকট্ৰিচিটি ব’ৰ্ডৰ (চিইবি) অধ্যক্ষ ফাৰ্ডিনাণ্ডোৱে সংসদীয় পেনেলক কৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে বায়ু শক্তি প্ৰকল্পটো পোনপটীয়াকৈ আদানি গ্ৰুপক দিবলৈ হেঁচা দি আহিছে। ৰাষ্ট্ৰপতি ৰাজপাক্ষেই মোদীৰ দাবীটো স্বীকাৰ কৰা নাই বুলিও তেওঁ কৈছে।

শ্ৰীলংকাৰ  মান্নাৰ জিলাত ৫০০ মেগাৱাটৰ বায়ু শক্তি প্ৰকল্পৰ বাবে ভাৰত চৰকাৰৰ পৰা লংকা চৰকাৰলৈ এক প্ৰস্তাব প্ৰেৰণ কৰা হৈছিল। কিন্তু গৌতম আদানীৰ পূৰ্বৰ কীৰ্তি-কৰ্মকলৈ মুঠেও সন্তুষ্ট নোহোৱা শ্ৰীলংকাৰ জনতাই আদানীক মুঠেও দেশখনত প্ৰৱেশ কৰিবলৈ দিব বিচৰা নাই। 

Recent News

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd