• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ষড়যন্ত্ৰমূলকভাৱে বৰ্মন-কছাৰী জনজাতিৰ ২,৫০০ মানুহৰ নাম এন আৰ চিত বাদ দিয়াৰ অভিযোগ

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , September 8, 2019 7:29 am

2 min read

IMG-20190907-WA0048

শনিবাৰে তামুলপুৰত নিখিল বৰ্মন-কছাৰী ছাত্ৰ সন্থাৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

অসমৰ বৰ্মন-কছাৰী জনগোষ্ঠীৰ ২,৫০০ লোকৰ নাম সদ্য প্ৰকাশিত এন আৰ চিৰ পৰা ষড়যন্ত্ৰমূলকভাৱে বাদ দিয়াৰ অভিযোগ তুলিছে নিখিল বৰ্মন-কছাৰী ছাত্ৰ সন্থাই।

তামুলপুৰ প্ৰেছ ক্লাৱত শনিবাৰে এখন সংবাদমেলত এইদৰে অভিযোগ কৰে সংগঠনটোৱে।

নিখিল বৰ্মন-কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰ্মনে কয় যে বৰ্মন-কছাৰী জনজাতি অসমৰ ইতিহাস প্ৰসিদ্ধ জনজাতি। ইতিহাসৰ পাত লুটিয়াই চালে এই জনজাতিৰ ইতিবৃত্ত ষ্পষ্টৰূপে জানিব পৰা যায়।

তেওঁ অভিযোগ কৰি কয়, ‘’অসমৰ স্বীকৃতিপ্ৰাপ্ত ১৪ টা জনজাতিৰ ভিতৰত ১৩ টা জনজাতিৰ লোকৰ নাম সদ্য প্ৰকাশিত এন আৰ চিত অন্তৰ্ভুক্ত হয় । কিন্তু বৰ্মন-কছাৰী জনজাতিৰ প্ৰায় ২,৫০০ মানুহৰ নাম এন আৰ চিৰ পৰা বাদ দিয়া হৈছে।‘’

তেওঁ লগতে কয় যে অন্যান্য জানজাতি লোকৰ নাম সমূহ কোনো নথিপত্ৰ তথা সঠিক যোগসূত্ৰ নোহোৱাকৈয়ে এন আৰ চিত অন্তৰ্ভুক্ত হৈছে। কিন্তু বৰ্মন-কছাৰী লোকসকলক মাহী আইৰ দৃষ্টিৰে চোৱা হৈছে।

‘’বৰ্মন-কছাৰীসকল খিলঞ্জীয়া হোৱা স্বত্বেও বিদেশী ন্যায়াধীকৰণত গৈ নিজকে স্বদেশী বুলি প্ৰমাণ কৰিব লগা হোৱাটো অতি দুৰ্ভাগ্যজনক। খিলঞ্জীয়া হৈও অসমৰ বাবে এতিয়া অভিশাপ হ’বলৈ গৈ আছে এই জনজাতিটো। এন আৰ চিৰ চূড়ান্ত খচৰাত খিলঞ্জীয়া জনজাতি অন্তৰ্ভুক্ত নোহোৱাটো এক গভীৰ উদ্বেগৰ বিষয়,’’-বৰ্মনে কয়।

তেওঁ অবিযোগ কৰে যে এন আৰ চিৰ কামত নিয়োজিত একাংশ বিষয়া-কৰ্মচাৰীৰ গাফিলতি আৰু চৰকাৰী প্ৰশাসনৰ অৱহেলাৰ বাবে বৰ্মন-কছাৰীৰ দৰে জনজাতিৰ লোক সকল হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছে।

ছাত্ৰ নেতা সঞ্জীৱ বৰ্মনে উল্লেখ কৰে যে নিখিল বৰ্মন-কছাৰী ছাত্ৰ সন্থাই আছুকে ধৰি ৩০ টা জনগোষ্ঠীয় সংগঠনৰ লগত অসমত এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱা বাবে কাম কৰি আহিছিল। এন আৰ চি কৰ্তৃপক্ষৰ লগত হোৱা আলোচনাত জনজাতি হিচাপে ১০০ শতাংশ বৰ্মন-কছাৰী জনগোষ্ঠীৰ লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও এয়া ফুটুকাৰ ফেনত পৰিণত হ’ল।

এন আৰ চি কৰ্তৃপক্ষই বৰ্মন কছাৰী জনগোষ্ঠীক বলিৰ পঠাৰ দৰে ব্যৱহাৰ কৰা বুলি মন্তব্য কৰি বৰ্মনে অন্যান্য জনজাতিৰ দৰে কোনো নথিপত্ৰ নোহোৱাকৈ বিনাদ্বিধাই বৰ্মন-কছাৰী লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনায়।

এন আৰ চিৰ পৰা বাদ পৰি বৰ্মন-কছাৰী জনজাতিৰ এজন লোকো যদি বিদেশী বুলি বিতাড়িত হব লগা হয় তেন্তে তাৰ পৰিনাম ভয়াবহ হব বুলিও হুংকাৰ দিয়ে ছাত্ৰ নেতাজনে ।

সংবাদ মেলখনত নিখিল বৰ্মন-কছাৰী ছাত্ৰ সন্থাৰ বাগসা জিলা সমিতিৰ সভাপতি বিনয় বৰ্মন, সাধাৰণ সম্পাদক মহেশ্বৰ বৰ্মন, যুটীয়া সম্পাদক অমৃত বৰ্মন, জয়চৰণ বৰ্মন, উপদেষ্টা চন্দ্ৰ বৰ্মন আৰু উপ সভাপতি কাৰ্তিক বৰ্মনো উপস্থিত থাকে।

Recent News

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd