NORTHEAST NOW (Assamese)

মিত্ৰতাত চূড়ান্ত মোহৰ! GMCH ত অখিলক সাক্ষাৎ কৰি কি কি আলোচনা কৰিলে লুৰীণজ্যোতিয়ে?

February 4, 2021 2:44 pm · কল্পজ্যোতি শইকীয়া

আজি GMCH ত চিকিৎসাধীন হৈ থকা কাৰাৰুদ্ধ ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সাক্ষাৎ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

আনুষ্ঠানিকতা বাকী যদিও অসম জাতীয় পৰিষদৰ সভাপতি আৰু ৰাইজৰ দলৰ সভাপতিৰ আলোচনা তথা সাক্ষাতে দুয়োটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ যে মিত্ৰতাত চুড়ান্ত মোহৰ মাৰিলে সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।

বৃহস্পতিবাৰে কৃষক নেতাগৰাকীক সাক্ষাৎ কৰি আহি সংবাদ মাধ্যমৰ আগত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘আজি অখিল গগৈৰ স্বাস্থ্যৰ বুজ লৈছো। আজি আমাৰ মাজত হোৱা আলোচনাৰ পাছত আমি অসমৰ ৰাইজক ক’ব বিচাৰো যে মিত্ৰতাৰ সিদ্ধান্ত চূড়ান্ত হৈছে। অতি সোনকালে ইয়াৰ আনুষ্ঠানিক ঘোষণা হ’ব।‘

তদুপৰি, ২০২১ ত জাতীয়তাবাদৰ চৰকাৰ এখন হ’ব বুলি উল্লেখ কৰি লুৰীণে লগতে কয়, ‘তাত কোনো শক্তিয়ে আমাক বাধা দিব নোৱাৰে। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক দল এটা ব্লকত থাকিব। তাৰ বিৰুদ্ধে জাতীয়তাবাদী শক্তিৰ ভোটৰ যুদ্ধ হ’ব। দুইকোণীয়া প্ৰতিদ্বন্দিতা হ’ব। এফালে জাতীয়তাবাদ আৰু আনফালে সৰ্বভাৰতীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক দল।‘

আনহাতে, অখিল গগৈয়ে তেওঁৰ আগত ঐক্যবদ্ধ জাতীয়তাবাদ বা আঞ্চলিকতাবাদৰ কোনো বিকল্প নাই বুলি জনোৱা বুলি তেওঁ সংবাদমাধ্যমৰ আগত কয়।

ইপিনে, চৰকাৰে অতি অগণতান্ত্ৰিক ফেচিষ্ট মানসিকতাৰে তেওঁক আবদ্ধ কৰি ৰাখিছে বুলি গগৈয়ে দাবী কৰে।

Related News