NORTHEAST NOW (Assamese)

সমগ্ৰ দেশৰ লগতে বিশ্বনাথতো উদযাপন ৭২ সংখ্যক স্বাধীনতা দিৱস

August 15, 2018 10:44 pm · কাজি জেইদুল ইছলাম

দেশৰ অন্য প্ৰান্তৰ লগতে বিশ্বনাথতো আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। পূৰ্বৰ দৰে এইবাৰো বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অৱস্থিত কাছাৰী মৈদানত কটকটীয়া নিৰাপত্তা বেষ্টনীৰে মাজত স্বাধীনতা দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হয়।

পুৱা বিভিন্ন কাৰ্যসূচিৰে শুভাৰম্ভণি কৰি ঠিক ৯ বজাৰ লগে লগে অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থকা বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজজ্যোতী কলিতাই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি তেওঁ নিজৰ ভাষণ প্ৰসংগত ৰাজ্যত উৎকন্ঠাৰ ওৰ পেলোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত শান্তিপূৰ্ণ পৰিবেশৰ বজাই ৰখাত অসমৰ জনসাধাৰণে আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে ৰাইজৰ শলাগ লয় |

জিলা উপায়ুক্ত গৰাকীৰ ভাষণৰ পিছতে জিলাখনৰ মুঠ ১৮ গৰাকী বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানত বিশ্বনাথ জিলাৰ সকলো প্ৰশাসনিক বিষয়াৰ লগতে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী উপস্থিত থাকে।

Related News