DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2022 8:37 pm
Mohammed Zubair
125
VIEWS
Share on FacebookShare on Twitter

সাংবাদিক তথা জনপ্ৰিয় ৱেবছাইট অল্ট নিউজৰ অন্যতম প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক আজি দিল্লীৰ এখন আদালতে চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। তথ্য পৰীক্ষণৰ জৰিয়তে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বহু ভুৱা প্ৰচাৰৰ মুখা খুলি দিয়া অল্টনিউজৰ অন্যতম প্ৰতিষ্ঠাপক সাংবাদিক গৰাকীক সোমবাৰে চাৰি বছৰ পূৰ্বৰ এটা টুইটৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

জুবেইৰৰ বিৰুদ্ধে ধাৰাবাহিক অপৰাধৰ অভিযোগ তুলি একে ধৰণৰ আন গোচৰতো জেৰা কৰাৰ প্ৰয়োজন বুলি যুক্তি দি আৰক্ষীয়ে পাঁচ দিনৰ বাবে তেওঁক জিম্মাত বিচাৰিছিল। কিন্তু আদালতে পাঁচদিনৰ পৰিৱৰ্তে চাৰি দিনৰ বাবে সাংবাদিক গৰাকীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

দিল্লী আৰক্ষীৰ ইণ্টেলিজেঞ্চ ফিউজন এণ্ড ষ্ট্ৰেটেজিক অপাৰেচনচ (আইএফএছঅ’) গোটে সোমবাৰে ২০২০ চনৰ এটা গোচৰত সোধপোছৰ বাবে মাতি পঠোৱাৰ পিছত জুবেইৰক গ্ৰেপ্তাৰ কৰা হৈছিল।

ছ’চিয়েল মিডিয়াৰ তথ্য পৰীক্ষা কৰা ৱেবছাইট অল্টনিউজৰ অন্যতম প্ৰতিষ্ঠাপক গৰাকীক দিল্লী আৰক্ষীয়ে ধৰ্মীয় আৱেগত আঘাত কৰা আৰু সাম্প্ৰদায়িক শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে অল্টনিউজৰ সহ-প্ৰতিষ্ঠাপক প্ৰতীক সিনহাই অভিযোগ কৰিছিল যে জুবেইৰক এটা বেলেগ গোচৰত সোধা-পোছাৰ বাবে দিল্লীলৈ মাতি অনা হৈছিল। কিন্তু শেষত তেওঁক এক পৃথক গোচৰত গ্ৰেপ্তাৰ কৰা হয়।

তেওঁক কোনো গ্ৰেপ্তাৰৰ জাননী দিয়া হোৱা নাছিল বুলিও সিনহাই অভিযোগ কৰে। এক টুইটত সিনহাই কয়, “বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো আমাক কোনো এজাহাৰৰ প্ৰতিলিপি দিয়া হোৱা নাই।”

আৰক্ষীয়ে অৱশ্যে কৈছে যে জুবেইৰে আৰক্ষী থানাত পঞ্জীয়ন কৰা এটা গোচৰৰ তদন্ত সন্দৰ্ভত থানাত উপস্থিত হৈছিল। এটা পুৰণি গোচৰত জুবেইৰক সোধা-পোছা কৰা হৈছিল যদিও নতুনকৈ পৰ্যাপ্ত প্ৰমাণ লাভ কৰাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে উল্লেখ কৰিছিল।

Recent News

নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱ: জীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গ’ল বায়েক গ্ৰেছলিয়ে

নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱ: জীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গ’ল বায়েক গ্ৰেছলিয়ে

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

independence day Hiren Gohain

ৰাষ্ট্ৰৰ মালিক যেন জনসাধাৰণ নহয়, ক্ষমতাশালী মহলহে যেন ইয়াৰ মালিক! মন্তব্য ড০ হীৰেন গোহাঁইৰ

Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd