অৱশেষত নতুন ৰাজনৈতিক দল গঠনৰ আনুষ্ঠানিক ঘোষণা অমৰিন্দৰ সিঙৰ

২০২২ চনৰ পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত আৰু এটা নতুন ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বিতিা আগবঢ়াব।

সেই নতুন ৰাজনৈতিক দলটো হৈছে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কংগ্ৰেছী নেতা অমৰিন্দৰ সিঙৰ দল।

আজি অমৰিন্দৰ সিঙে নতুন ৰাজনৈতিক দল খোলাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে।

সংবাদমাধ্যমৰ আগত সিঙে কয় যে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ সৈতে আলোচনা কৰাৰ পিছতে তেওঁৰ নতুন ৰাজনৈতিক দলটোৰ নাম ঘোষণা কৰা হ’ব।

নতুন ৰাজনৈতিক দলটোৱে বিজেপিৰ সৈতে মিত্ৰতা কৰিব বুলি অমৰিন্দৰ সিঙে মন্তব্য কৰে। তেওঁ লগতে কয় যে নৱজ্যোৎ সিং সিদ্ধুৰ বিৰুদ্ধে তেওঁৰ নতুন দলটোৰ পৰা প্ৰাৰ্থী দিয়া হ’ব।

কংগ্ৰেছে মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে শীঘ্ৰে নিজাকৈ এটা নতুন ৰাজনৈতিক দল খুলিব বুলি কৰা ঘোষণাই পঞ্জাৱৰ ৰাজনীতিত নতুন মোৰ লোৱাৰ ইংগিত দিছে।

অমৰিন্দৰ সিঙৰ ৰাজনৈতিক দলটোৱে চৰ্ত সাপেক্ষে বিজেপিৰ সৈতে মিত্ৰতাও কৰিব।

অমৰিন্দৰ সিঙৰ মিডিয়া উপদেষ্টা ৰণবীৰ থুকৰালে কিছুদিন পূৰ্বে তেওঁৰ টুইটাৰত এইবুলি প্ৰকাশ কৰিছিল যে পঞ্জাৱ আৰু ইয়াৰ জনতাৰ স্বাৰ্থ আগত ৰাখিয়েই অমৰিন্দৰ সিঙে নতুন ৰাজনৈতিক দলটো খুলিব।

২০২২ চনত পঞ্জাৱত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত অমৰিন্দৰ সিঙৰ দলটোৱে বিজেপিৰ সৈতে মিত্ৰতা কৰিব। অৱশ্যে মিত্ৰতাৰ বাবে বিজেপিয়ে কৃষকৰ সমস্যা সমাধান কৰিব বুলি কথা দিব লাগিব।

উল্লেখ্য পঞ্জাৱ কংগ্ৰেছৰ প্ৰবীণ নেতা তথা ৰাজ্য খনৰ সদ্য অপসাৰিত মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং অৱশেষত ক্ষোভত ফাটি পৰিছিল।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা নিশাটোৰ ভিতৰত অপসাৰিত কৰা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে সেয়ে মুকলি বিদ্ৰোহ ঘোষণা কৰিছিল অমৰিন্দৰ সিঙে।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছতে সাংবাদিকৰ আগত অমৰিন্দৰ সিঙে ক্ষোভেৰে কৈছিল—’ বাৰে বাৰে অপমানিত হৈছো, আৰু নহয়, কংগ্ৰেছ এৰিম’।

মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত হোৱাৰ পিছতে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে সাক্ষাৎ কৰিছিল অমিত শ্বাহক।
অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছতে সিঙে সাক্ষাৎ কৰিছিল ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালক।

অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছতে অমৰিন্দৰ সিঙে কংগ্ৰেছে তেওঁক বিশ্বাসত নোলোৱা বুলি কোৱাৰ লগতে তেওঁক দলটোৱে বাৰে বাৰে অপমান কৰি থকা বুলিও মন্তব্য কৰিছিল।