ক’ৰ’নাতংকৰ বাবেই একেৰাহে দ্বিতীয় বাৰৰ বাবে বাতিল কৰা হ’ল অমৰনাথ যাত্ৰা।
আজি জম্মু-কাশ্মীৰ চৰকাৰৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে।কাশ্মীৰৰ লেফটেণ্ট গভৰ্ণৰ মনোজ সিনহাই ৰাজ্য খনৰ মুখ্য সচিব অৰুণ কুমাৰ মেহতা, আৰক্ষী সঞ্চালক প্ৰধান আদিৰ সৈতেও এই বিষয়ত আলোচনা কৰিছিল।
উল্লেখ্য ক’ৰ’ণাতংকই মানুহৰ দৈহিক,মানসিক,অৰ্থনৈতিক ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ দৰেই ধৰ্মীয় ক্ৰিয়া-কলাপৰ ওপৰতো বাৰুকৈয়ে প্রভাৱ পেলাইছে।
চলিত বৰ্ষত অমৰনাথ যাত্ৰা হ’ব নে নাই তাকে লৈ বহু দিন ধৰি চৰকাৰে চিন্তা-চৰ্চা কৰি আছিল।
সিদ্ধান্ত গ্ৰহণৰ ভাৰ অৰ্পন কৰা হৈছিল শ্ৰীঅমৰনাথ শ্ৰীণ ব’ৰ্ডৰ ওপৰত।
শ্ৰীঅমৰনাথ শ্ৰীণ ব’ৰ্ডে চৰকাৰৰ সৈতে কৰা আলোচনাৰ অন্তত এইবাৰৰ অমৰনাথ যাত্ৰা বাতিল কৰাৰ সিদ্ধান্ত লয়।
মহামাৰী ক’ৰ’ণাৰ সংক্ৰমণৰ আশংকা কৰিয়েই বাতিল কৰা হৈছে অমৰনাথ যাত্ৰা।
সমুদ্ৰ পৃষ্ঠৰ পৰা ৩ হাজাৰ ৮৮৮ মিটাৰ উচ্চতাত অৱস্থিত অমৰনাথলৈ প্ৰতি বছৰে লাখ লাখ ভক্তই যায়।