• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি নিশা ২ বাজি ৩০ মিনিটত অম্বুবাচীৰ নিবৃত্তি,অসমৰ দ্বিতীয় শক্তিপীঠ কলিয়াবৰৰ কামাখ্যা দেৱালয়ৰো খোল খাব দুৱাৰ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
June 25, 2021 8:44 pm
dog

*

320
VIEWS
Share on FacebookShare on Twitter

অসমৰ দ্বিতীয় শক্তিপীঠ কলিয়াবৰৰ শিলঘাট কামাখ্যা দেৱালয়তো প্ৰবৃত্তি অনুসৰি বন্ধ হৈ আছে মন্দিৰৰ মূল দুৱাৰ।
আজি নিশা ২ বাজি ৩০ মিনিটত হ’ব অম্বুবাচীৰ নিবৃত্তি।

অম্বুবাচীৰ নিবৃত্তি অনুসৰি নীলাচলৰ বুকুত থকা কামাখ্যা মন্দিৰৰ লগতে কলিয়াবৰৰ শিলঘাটত থকা দ্বিতীয় শক্তিপীঠ শ্ৰীশ্ৰী কামাখ্যা দেৱালয়ৰো বন্ধ হৈ থকা মন্দিৰৰ মূল দুৱাৰ খোল খাব।

কোভিডসৃষ্ট পৰিৱেশৰ বাবে নীলাচলৰ বুকুত থকা কামাখ্যা মন্দিৰত যোৱা বছৰৰ লগতে এইবৰ্ষতো অনুষ্ঠিত নহ’ল অম্বুবাচী মেলা।

কিন্তু কলিয়াবৰৰ শিলঘাটৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ত শাঠৰ এই সময়ছোৱাত মন্দিৰ স্থাপনৰ পৰা আজি পৰ্যন্ত অনুষ্ঠিত হোৱা নাই অম্বুবাচী মেলা। কেৱল পালন কৰা হয় প্ৰবৃত্তি আৰু নিবৃত্তি।

নীলাচলৰ বুকুত থকা কামাখ্যা দেৱালয়লৈ দৈনিক যি দৰে বহু ভক্তৰ সমাগম হয়, তাৰ বিপৰীতে শিলঘাট কামাখ্যা মন্দিৰত ভক্তৰ উপস্থিতি তেনেই সেৰেঙা দেখিবলৈ পোৱা যায়।

হয়তো¸প্ৰচাৰ-প্ৰসাৰ কম হোৱাৰ বাবেই আজিও বহু সংখ্যক লোকে নাজানে শিলঘাটত থকা অসমৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ৰ কথা।

উল্লেখ্য যে¸অষ্টম শতিকাতে শালস্তম্ভবংশী ৰজা বনমালীদেৱে শিলঘাটৰ কামকূট(এতিয়াৰ কামাখ্য পাহাৰত) স্থাপন কৰিছিল কামাখ্যা মন্দিৰ।

প্ৰাকৃতিক কাৰনত ধ্বংস হোৱা কামাখ্যা পীঠ পিছত আহোম ৰাজত্ব কালত ১৭৪৫ খ্ৰীষ্টাব্দত ৰজা প্ৰমত্ত সিংহই শিলঘাটতে পুনৰ নিৰ্মাণ কৰায় কামাখ্যা দেৱালয়।

তাৎপৰ্যপূৰ্ণ যে¸অসমৰ দ্বিতীয় শক্তিপীঠ শিলঘাটৰ কামাখ্যাদেৱালয়ৰ প্ৰচাৰ-প্ৰসাৰত যদি গুৰুত্ব দিয়া হয়¸অদূৰভৱিষ্যতে এই মন্দিৰক এক ধৰ্মীয় পৰ্যটনক্ষেত্ৰ হিচাবে গঢ় দিব পৰা যায়।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd