• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰম সিদ্ধান্ত বাচি ল’লে আমেৰিকাৰ ধনকুবেৰ থমাছ লীয়ে।

বিগত ৪৬ বছৰত থমাছ লীয়ে বিভিন্ন খণ্ডত বিপুল পৰিমাণৰ বিনিয়োগ কৰিছে। বিখ্যাত ফৰ্বছ আলোচনীৰ তথ্য অনুসৰি থমাছ লীৰ মৃত্যুৰ সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ২ বিলিয়ন মাৰ্কিন ডলাৰ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2023 4:30 pm
83
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ বিখ্যাত ধনকুবেৰ থমাছ লীয়ে বাচি ল’লে জীৱনৰ চৰম পথ। যোৱা বৃহস্পতিবাৰে মানহাটানৰ নিজৰ কাৰ্যালয়ত ব্যৱসায়ীগৰাকীয়ে আত্মহত্যা কৰাৰ খবৰ প্ৰকাশ কৰিছেনিউয়ৰ্ক পোষ্টে।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা জৰুৰীকালীন নম্বৰত ফোন কল পোৱাৰ পিছতে আৰক্ষীয়ে তেওঁৰ বিনিয়োগ কোম্পানীটোৰ মুখ্য কাৰ্যালয়লৈ যায়। তাতে আৰক্ষীয়ে থমাছ লীৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰে।

খবৰ অনুসৰি থমাছ লী ৰাতিপুৱা অফিচলৈ আহিছিল। অফিচলৈ আহিয়েই তেওঁ মনে মনে নিজৰ কোঠাত সোমাই আছিল। বহুপৰ ধৰি লীৰ কোনো খবৰ লাভ নকৰি কাৰ্যালয়ৰ কৰ্মচাৰী সকল লীৰ কোঠালৈ সোমাই যায়। আৰু কৰ্মচাৰী সকলে কাৰ্যালয়ৰ ৱাশ্বৰুমৰ মজিয়াত ৰক্তাক্ত থমাছ লীক পৰি থকাৰ অৱস্থাত প্ৰত্যেক্ষ কৰে।

নিউয়ৰ্ক পোষ্টৰ মতে, থমাছ লীয়ে নিজৰ মূৰত গুলীচালনা কৰে। গুলীচালনাত তেওঁৰ থিতাতে মৃত্যু হয়।

ফক্স নিউজে প্ৰকাশ কৰা অনুসৰি থমাছ লীৰ এজন বন্ধু তথা মুখপাত্ৰ মাইকেল চিট্ৰিকে থমাছ লীৰ মৃত্যু সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে থমাছ লীৰ মৃত্যুত তেওঁৰ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰিছে। বিশ্বই তেওঁক ব্যক্তিগত ইকুইটি ব্যৱসায়ৰ অন্যতম পথ প্ৰদৰ্শক, এজন সফল ব্যৱসায়ী হিচাপে চিনি পাইছিল। কিন্তু পৰিয়ালটোৱে তেওঁক এজন নিষ্ঠাবান স্বামী, পিতৃ, দাদা, ভাতৃ, বন্ধু, দানশীল হিচাপে চিনি পাইছিল। তেওঁ সদায় আনৰ প্ৰয়োজনীয়তাক প্ৰথম স্থান দিছিল।

টমাছ লী আছিল লি ইকুইটিৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ। ২০০৬ চনত তেওঁ এই কোম্পানীটো প্ৰতিষ্ঠা কৰে। ১৯৭৪ চনত স্থাপিত থমাছ এইচ লি পাৰ্টনাৰ্ছৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া আছিল।

থমাছ লী হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ লিংকন চেণ্টাৰ, মিউজিয়াম অৱ মডাৰ্ণ আৰ্টকে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ ব’ৰ্ড ট্ৰাষ্টী আছিল।

বিগত ৪৬ বছৰত থমাছ লীয়ে বিভিন্ন খণ্ডত বিপুল পৰিমাণৰ বিনিয়োগ কৰিছে। বিখ্যাত ফৰ্বছ আলোচনীৰ তথ্য অনুসৰি থমাছ লীৰ মৃত্যুৰ সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ২ বিলিয়ন মাৰ্কিন ডলাৰ।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd