NORTHEAST NOW (Assamese)

চৰম সিদ্ধান্ত বাচি ল’লে আমেৰিকাৰ ধনকুবেৰ থমাছ লীয়ে।

February 26, 2023 4:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 26, 2023 3:17 pm

আমেৰিকাৰ বিখ্যাত ধনকুবেৰ থমাছ লীয়ে বাচি ল’লে জীৱনৰ চৰম পথ। যোৱা বৃহস্পতিবাৰে মানহাটানৰ নিজৰ কাৰ্যালয়ত ব্যৱসায়ীগৰাকীয়ে আত্মহত্যা কৰাৰ খবৰ প্ৰকাশ কৰিছেনিউয়ৰ্ক পোষ্টে।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা জৰুৰীকালীন নম্বৰত ফোন কল পোৱাৰ পিছতে আৰক্ষীয়ে তেওঁৰ বিনিয়োগ কোম্পানীটোৰ মুখ্য কাৰ্যালয়লৈ যায়। তাতে আৰক্ষীয়ে থমাছ লীৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰে।

খবৰ অনুসৰি থমাছ লী ৰাতিপুৱা অফিচলৈ আহিছিল। অফিচলৈ আহিয়েই তেওঁ মনে মনে নিজৰ কোঠাত সোমাই আছিলবহুপৰ ধৰি লীৰ কোনো খবৰ লাভ নকৰি কাৰ্যালয়ৰ কৰ্মচাৰী সকল লীৰ কোঠালৈ সোমাই যায়। আৰু কৰ্মচাৰী সকলে কাৰ্যালয়ৰ ৱাশ্বৰুমৰ মজিয়াত ৰক্তাক্ত থমাছ লীক পৰি থকাৰ অৱস্থাত প্ৰত্যেক্ষ কৰে

নিউয়ৰ্ক পোষ্টৰ মতে, থমাছ লীয়ে নিজৰ মূৰত গুলীচালনা কৰে। গুলীচালনাত তেওঁৰ থিতাতে মৃত্যু হয়।

ফক্স নিউজে প্ৰকাশ কৰা অনুসৰি থমাছ লীৰ এজন বন্ধু তথা মুখপাত্ৰ মাইকেল চিট্ৰিকে থমাছ লীৰ মৃত্যু সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে থমাছ লীৰ মৃত্যুত তেওঁৰ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰিছে। বিশ্বই তেওঁক ব্যক্তিগত ইকুইটি ব্যৱসায়ৰ অন্যতম পথ প্ৰদৰ্শক, এজন সফল ব্যৱসায়ী হিচাপে চিনি পাইছিল। কিন্তু পৰিয়ালটোৱে তেওঁক এজন নিষ্ঠাবান স্বামী, পিতৃ, দাদা, ভাতৃ, বন্ধু, দানশীল হিচাপে চিনি পাইছিল। তেওঁ সদায় আনৰ প্ৰয়োজনীয়তাক প্ৰথম স্থান দিছিল।

টমাছ লী আছিল লি ইকুইটিৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ। ২০০৬ চনত তেওঁ এই কোম্পানীটো প্ৰতিষ্ঠা কৰে। ১৯৭৪ চনত স্থাপিত থমাছ এইচ লি পাৰ্টনাৰ্ছৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া আছিল।

থমাছ লী হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ লিংকন চেণ্টাৰ, মিউজিয়াম অৱ মডাৰ্ণ আৰ্টকে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ ব’ৰ্ড ট্ৰাষ্টী আছিল।

বিগত ৪৬ বছৰত থমাছ লীয়ে বিভিন্ন খণ্ডত বিপুল পৰিমাণৰ বিনিয়োগ কৰিছে। বিখ্যাত ফৰ্বছ আলোচনীৰ তথ্য অনুসৰি থমাছ লীৰ মৃত্যুৰ সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ২ বিলিয়ন মাৰ্কিন ডলাৰ।

Related News