• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

আমগুৰিত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ এজনক আটক; সন্দেহৰ আওতাত জাতীয় সংগঠনৰ নেতা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 1, 2019 6:53 pm
20190901_153409

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ মুকলি বেহা। অসমৰ মাজেৰে নিতৌ সৰবৰাহ হৈ আছে অৰুণাচলৰ পৰা অবৈধভাৱে সুৰা।

এক গোপন সূত্ৰৰ নিশ্চিত খবৰৰ ভিত্তিত আমগুৰি আৰক্ষীয়ে জাঁজী নন্দনবনৰ সমীপৰ এখন ধাবাৰ সন্মুখৰ পৰা সুৰাভৰ্তি দহচকীয়া ট্ৰাক জব্দ কৰে।

Apply Now

আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষী চক্ৰ পৰিদৰ্শক জে টি বৰুৱাৰ নেতৃত্বত চলিছিল এই অভিযান।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা ধাবাখনৰ সন্মুখত ট্ৰাকখনৰ পৰা এখন বলেৰ’ পিক আপ ভানত সুৰাসমূহ হস্তান্তৰ কৰি থাকোতেই আৰক্ষীৰ দলটোৱে দুয়োখন গাড়ী জব্দ কৰে।

সুৰাভৰ্তি ট্ৰাকখনৰ নম্বৰ  AS-09-AC-3209। ট্ৰাকখন মহাদেৱপুৰৰ পৰা ৪০০ কাৰ্টন অৰুণাচলী সুৰা লৈ আহিছিল। ইতিমধ্যে আৰক্ষীয়ে ট্ৰাকখনৰ চালক নগাঁও জিলাৰ ৰাজু দে’ক আটক কৰিছে।

ইফালে ট্ৰাকখনৰ পৰা অৰুণাচলী সুৰা সমূহ হস্তান্তৰ কৰা বলেৰ’ পিক আপখনৰ নম্বৰ হল AS-04-AC-7379। বলেৰ’খনৰ গৰাকী হ’ল হালোৱাটিঙৰ মাধৱ নগৰৰ প্ৰবীন শইকীয়া। শইকীয়াৰ পত্নীয়ে জনোৱা মতে আমগুৰিৰ বাবা নামৰ যুৱক এজনে দীৰ্ঘদিন ধৰি গাড়ীখন সুৰা সৰবৰাহত ব্যৱহাৰ কৰি আহিছে।

জব্দ কৰা অৰুণাচলী সুৰাখিনি কোনে সৰবৰাহ কৰিছিল আৰক্ষীয়ে সেইটো প্ৰকাশ কৰাৰ পৰা বিৰত আছে।

আনহাতে জব্দ কৰা ট্ৰাক খনৰ চালক ৰাজু দে’য়ে উপ আৰক্ষী অধীক্ষক আৰু আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক সংবাদ মাধ্যমৰ সন্মুখতে অবৈধ সুৰাৰ সৰবৰাহকাৰীক ফটোৰ সহায়ত চিনাক্ত কৰিছে।

চালকজনে চিনাক্ত কৰা সৰবৰাহকাৰীজন এটা জাতীয় সংগঠনৰ সৈতে জড়িত।

আমগুৰিৰ জাতীয় সংগঠন এটাৰ নেতা এজনক সৰবৰাহকাৰী হিচাপে চিনাক্ত কৰাত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আমগুৰিত।

উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা শিৱসাগৰৰ আমগুৰি আৰু হালোৱাটিং অঞ্চল দুটা অৰুণাচলী সুৰাৰ ঘাটি হিচাপে পৰিণত হৈছে।

ধলা-শদিয়া আৰু বগীবিল দলঙেৰে অৰুণাচলৰ মহাদেৱ পুৰকে ধৰি বিভিন্ন অঞ্চলৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি আহি জাঁজীত ৬১ নং ৰাষ্ট্ৰীয় ঘাই পথত ট্ৰাকৰ পৰা ব’লেৰ পিক আপ আৰু মহেন্দ্ৰা পিক আপ ভানত হস্তান্তৰ কৰি নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ লগতে আমগুৰিৰ বহুকেইজন সুৰা মাফিয়াই নিজ নিজ গুডামলৈ সৰবৰাহ কৰে।

এইদৰেই অবৈধ অৰুণাচলী সুৰাৰ এক বৃহৎ ঘাটিলৈ পৰিণত হৈছে আমগুৰি, হালোৱাটিং আৰু নাগালেণ্ড। যাৰ ফলত অসম চৰকাৰে হেৰুৱাইছে কোটি কোটি টকাৰ ৰাজহ।

ইফালে কাৰ ছত্ৰছায়াত আমগুৰিত দীৰ্ঘদিন ধৰি অবৈধ অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় কৰি আহিছে তাক লৈ জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আবকাৰী বিভাগ আৰু আৰক্ষীৰ অজ্ঞাতে কেনেদৰে জাঁজীৰ পৰা নাগালেণ্ডলৈ অবৈধ অৰুণাচলী সুৰাৰ এক বৃহৎ বজাৰ গঢ়ি উঠিছে তাক লৈ প্ৰশ্ন কৰিছে স্থানীয় ৰাইজ তথা দল-সংগঠনে।

ইফালে সংবাদ মাধ্যম, উপ আৰক্ষী অধীক্ষক আৰু অ’চিৰ সন্মুখত সুৰা সৰবৰাহকাৰী ট্ৰাক চালক জনে ফটো চাই চিনাক্ত কৰা জাতীয় সংগঠনৰ নেতা জনৰ ওপৰত আৰক্ষীয়ে কি ব্যৱস্থা লব সেইয়া লক্ষণীয় হ’ব।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd