• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচনী ৰাজনীতিৰ উত্তাপ: অগপ এৰি নতুন দললৈ বৃন্দাবন গোস্বামী! তেজপুৰত কোন হ’ব বিজেপি প্ৰাৰ্থী?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 25, 2020 12:37 pm

3 min read

30-08-15-Nagaon-Brindaban-Goswami-and-Rockibul-address-media-2-750x375

তেজপুৰৰ বৰ্তমান অগপ বিধায়ক, প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামী। ফাইল ফটো

40.8k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাৰ সংকটৰ মাজতে ৰাজ্যত আগন্তুক বিধানসভাৰ নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা আৰম্ভ হৈছে।

সামাজিক দূৰত্ব বজাই ৰাখি সামাজিকভাৱে নেতৃত্বৰ দৌৰত অৱতীৰ্ণ হৈছে বিভিন্ন সমষ্টিৰ দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল।

ইয়াৰ মাজতে ৰাজ্যখনৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি, অসমৰ সাংস্কৃতিক জগতৰ প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত তেজপুৰতো ৰাজনৈতিক কুচকাৱাজ আৰম্ভ হৈছে।

সূত্ৰসমূহৰ মতে, আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে তেজপুৰ সমষ্টিতো অগপক এৰি নিদিয়াৰ সম্ভাৱনাই অধিক।

এনে পৰিস্থিতি তেজপুৰৰ বৰ্তমান বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী তথা অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীয়েও নতুন ৰাজনৈতিক বিকল্পৰ সন্ধান কৰিছে।

জানিব পৰা মতে, বৃন্দাবন গোস্বামী আছুৰ নেতৃত্বত গঠন হ’বলগীয়া ৰাজনৈতিক দলটোলৈ যোৱাটো প্ৰায় নিশ্চিত হৈছে।

তেজপুৰ সমষ্টিত এগৰাকী বলিষ্ঠ আঞ্চলিক জাতীয়তাবাদী নেতা হিচাপে বৃন্দাবন গোস্বামীৰ বাবে সেয়া অৱশ্যেই উপযুক্ত বিকল্প হ’ব।

আনহাতে, সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰয়াসীৰ তালিকাখনো কিছু দীঘলীয়া।

জানিব পৰা মতে, তেজপুৰত বিজেপিৰ প্ৰাৰ্থিত্ব লাভৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰা নেতসকলৰ ভিতৰত প্ৰাক্তন জিলা সভাপতি তথা বৰ্তমান এমট্ৰনৰ উপাধ্যক্ষ ৰিতুবৰণ শৰ্মা আৰু প্ৰাক্তন জিলা সভাপতি ডাঃ বীৰেন কুমাৰ নাথ অন্যতম।

তদুপৰি, প্ৰাৰ্থিত্বৰ দৌৰত আছে ক্ৰমে পুষ্পা ডেকা, মধুস্মিতা ডেকা, হিৰণ্য ভূঞা,  দিপক শইকীয়া, জিতেন বৰঠাকুৰ, অমিতাভ শইকীয়া, মুনিন চন্দ্ৰ বৰুৱা, কমল কলিতা, শ্যামন্ত শইকীয়া, স্বপ্না বনিয়া, ত্ৰিদীপ কলিতা, প্ৰমোদ নাথ, আৰু দিলীপ নাথ।

অসমীয়া জাতীয়তাবাদৰ পৃষ্ঠভূমি হিচাপে বিবেচিত তেজপুৰ সমষ্টিত নেপালী সম্প্ৰদায়ৰ পৰা অহা নেতা ৰিতুবৰণ শৰ্মাৰ প্ৰাৰ্থিত্ব লাভৰ আশা ক্ষীণ।

ইয়াৰ বিপৰীতে শৰ্মাক নেপালী অধ্যুষিত বৰচলা বা ঢেকিয়াজুলিত প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে।

সূত্ৰসমূহৰ মতে, বৰচলা সমষ্টিৰ বৰ্তমানৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে সমষ্টিৰ উন্নয়নৰ বাবে বিশেষ কাম কৰিব পৰা নাই বুলি অভিযোগ আছে।

সেয়েহে, আগন্তুক বিধানসভাৰ নিৰ্বাচনত সমষ্টিটোত ৰিতুবৰণ শৰ্মাক প্ৰাৰ্থিত্ব দিয়া হ’ব পাৰে।

তেজপুৰত বিজেপিৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী হৈছে ডাঃ বীৰেন কুমাৰ নাথ।

পেছাত এগৰাকী ছালৰ ৰোগ বিশেষজ্ঞ ডাঃ নাথ প্ৰাক্তন জিলা সভাপতি হোৱাৰ লগতে পুৰণি আৰ এছ এছৰ কৰ্মী তথা অসমীয়া প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত যথেষ্ট শক্তিশালী স্থিতিত আছে।

ইপিনে, প্ৰাক্তন বিধায়ক প্ৰয়াত ৰাজেন বৰঠাকুৰৰ ককায়েক জিতেন বৰঠাকুৰেও বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিব বুলি জানিব পৰা গৈছে।

পূৰ্বেত বিজেপি নাছিল যদিও প্ৰয়াত ৰাজেন বৰঠাকুৰৰ ককায়েক হিচাপেই প্ৰাৰ্থিত্ব বিচৰা জিতেন বৰঠাকুৰৰ প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা প্ৰায় নাই বুলিয়েই চৰ্চিত হৈছে।

আনহাতে, বাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে নিজৰ নিজৰ ফালৰ পৰা দলীয় নেতৃত্বক প্ৰভাৱিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

তেজপুৰত বৃন্দাবন গোস্বামীয়ে অগপ এৰিলে সমষ্টিত অগপক ধৰি ৰখা উত্তৰাধিকাৰীৰ অভাৱ স্পষ্ট হৈ পৰিছে।

সেইদৰে, অগপৰ ভেটিত শাসকীয় বিজেপিয়ে নিজৰ স্থিতি শক্তিশালী কৰাৰ সুযোগ ল’বলৈ চেষ্টা কৰিব যদিও আছুৰ নেতৃত্বৰ নতুন দলটো আৰু বৃন্দাবন গোস্বামীৰ দৃঢ়তাৰ ওপৰতে তেজপুৰ সমষ্টিৰ আগন্তুক ৰাজনৈতিক দৃশ্যপট স্পষ্ট হৈ পৰিব।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd